নেচনেল ডেস্ক, 25 জানুৱাৰী : লভ জেহাদ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদনৰ গ্ৰহণ কৰাত উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে ধৰ্মান্তৰণ বিৰোধী অধ্যাদেশৰ বিৰুদ্ধে জনোৱা সকলো আবেদন এলাহবাদ উচ্চ ন্যায়ালয়ৰ পৰা স্থানান্তৰ কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদনৰ উপৰত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে অস্বীকাৰ কৰে ৷
ভাৰতৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডেৰ নেতৃত্বত বহা তিনিজনীয়া এখন বিচাৰপীঠে লভ জেহাদ বিষয়টোৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদন খনৰ ওপৰত বিচাৰ কৰিবলৈ অস্বীকাৰ কৰে ৷
উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদন খন গ্ৰহণ কৰিবলৈ অস্বীকাৰ মুখ্য ন্যায়াধীশে কয় যে, উচ্চতম ন্যায়ালয়ে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো উচিত ৷
জানিব পৰা মতে ধৰ্মান্তকৰণ সম্পৰ্কীয় সকলো অধ্যাদেশৰ বিৰুদ্ধে জনোৱা আবেদনসমূহ এলাহবাদ উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰাৰ আবেদন জনাই উত্তৰ প্ৰদেশ চৰকাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৷
ইয়াৰ পূৰ্বে পহিলা নৱেম্বৰত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে ধৰ্মান্তকৰণ অধ্যাদেশ 2020 ৰ বেআইনী ধৰ্মান্তকৰণত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ জানিব পৰা মতে নতুন আইন অনুসৰি বলপূৰ্বক ধৰ্মান্তকৰণৰ অভিযোগত অভিযুক্ত সকলক এবছৰৰ পৰা পাঁচ বছৰলৈ কাৰাবাস প্ৰদান কৰাৰ লগতে 15,000 টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক:তৃতীয় লিংগৰ ব্যক্তিৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ