ETV Bharat / bharat

12 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা

author img

By

Published : Sep 6, 2021, 7:36 PM IST

নিৰ্ধাৰিত সূচী অনুসৰি 12 ছেপ্তেম্বৰতে অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা ৷ পৰীক্ষা স্থগিত ৰাখিবলৈ কৰা আবেদন অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ ৷ 12 ছেপ্তেম্বৰৰ দিনটোত অন্য কেইবাটাও পৰীক্ষাৰ তাৰিখ থকাৰ বাবে NEET-UG পৰীক্ষা স্থগিত ৰখাৰ বাবে ন্যায়ালয়ত আবেদন জনোৱা হৈছিল ৷

SC refuses to defer NEET-UG exam scheduled from Sept 12
12 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা

নেশ্যনেল ডেস্ক , 6 ছেপ্তেম্বৰ : পূৰ্বে নিৰ্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে 12 ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে ৷ সেই অনুসৰি, অহা 12 ছেপ্তেম্বৰত ছাত্ৰ-ছাত্ৰীসকল National Eligibility-cum-Entrance Test-UG পৰীক্ষাত বহিব পাৰিব ৷

পৰীক্ষা স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি ন্যায়ালয়ে পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰাটো একপ্ৰকাৰ অন্যায় হ'ব বুলি মন্তব্য কৰে ৷ পৰীক্ষা অনুষ্ঠিত কৰা প্ৰক্ৰিয়াটোত হস্তক্ষেপ কৰিব বিচৰা নাই বুলিও ন্যায়ালয়ে সদৰী কৰে ৷ এই সন্দৰ্ভত ৰায় প্ৰকাশ কৰি ন্যায়াধীশ এএম খানউইলকাৰ(Justice A M Khanwilkar)ৰ নেতৃত্বত বহা এখন বিচাৰপীঠে কয় যে, যদিহে শিক্ষাৰ্থীসকলে বেলেগ বেলেগ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে তেন্তে তেওঁলোকে প্ৰাথমিকতা প্ৰদান কৰি যিকোনো এটা বাছনি কৰিব লাগিব ৷

লগতে পঢ়ক : মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

ন্যায়ালয়ে অৱশ্যে এই কথাও উল্লেখ কৰে যে, কোনোৱে ইচ্ছা কৰিলে এই বিষয়ত কৰ্তৃপক্ষৰ ওচৰত আৱেদন জনোৱাৰ সম্পূৰ্ণ স্বাধীনতা আছে আৰু আইন অনুসৰি অতি শীঘ্ৰে এই বিষয়ত সিদ্ধান্ত ল'ব লাগিব ৷ বিচাৰপীঠে লগতে এইবুলিও কয় যে, আৱেদনকাৰীসকলৰ পৰামৰ্শদাতা(counsel for petitioners)এ যি যুক্তি দৰ্শাইছে সেয়া ৯৯ শতাংশ প্ৰাৰ্থীৰ বাবে প্ৰাসংগিক নহ'বও পাৰে ৷ কিন্তু, এক শতাংশ প্ৰাৰ্থীৰ বাবে সমগ্ৰ ব্যৱস্থা স্থগিত ৰাখিব নোৱাৰি ৷

উল্লেখ্য যে, 12 ছেপ্তেম্বৰৰ দিনটোত অন্য কেইবাটাও পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দিন নিৰ্ধাৰণ কৰা হৈছে ৷ তাৰ পৰিপ্ৰেক্ষিতত উক্ত দিনটোত অনুষ্ঠিত হ'বলগীয়া NEET পৰীক্ষা স্থগিত ৰখাৰ বাবে ন্যায়ালয়ত আবেদন জনোৱা হৈছিল ৷ এইক্ষেত্ৰত ন্যায়ালয়ে কয় যে, বেলেগ বেলেগ পৰীক্ষাত অৱতীৰ্ণ হ'ব খুজিলেও যিকোনো এটাহে বাছনি কৰিব লাগিব ৷

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : মহিলাসকলেও দিব পৰিব NDAৰ পৰীক্ষা

বিগত বৰ্ষত ক'ভিড-19 অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অতি কঠোৰ সাৱধানতাৰ মাজত 13 ছেপ্তেম্বৰত NEET পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল ৷ বিগত বৰ্ষত মুঠ 13.66 লাখ প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে 7,71,500 জন উত্তীৰ্ণ হৈছিল ৷

মন কৰিবলগীয়া যে, 2021 ৰ NEET-UG পৰীক্ষা মুঠ 13টা ভাষাত অনুষ্ঠিত হ'ব ৷ পঞ্জাৱী আৰু মালায়াম ভাষা এইবাৰ নতুনকৈ সংযোজিত হ'ব ৷ জুলাইত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছিল ৷ তেওঁ এই কথাও উল্লেখ কৰিছিল যে, মধ্য প্ৰাচ্য(Middle East)ৰ ভাৰতীয় ছাত্ৰ সমাজৰ সুবিধা হোৱাকৈ কুৱেইট(Kuwait)ত এটা নতুন NEET পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷

লগতে পঢ়ক : JEE-Main ৰ third edition ৰ ফলাফল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.