নিউজ ডেস্ক, 9 মাৰ্চ : ৰাজীৱ গান্ধীৰ হত্যাত জড়িত থকা অন্যতম অভিযুক্ত এ জি পেৰাৰিভালানক বুধবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে (SC grants bail to AG Perarivalan) ৷ পেৰাৰিভালানক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল আৰু 32 বছৰ ধৰি তেওঁ কাৰাগাৰত আছিল ৷ তেওঁ বৰ্তমান পেৰোলত বাহিৰত আছে ৷
ন্যায়াধীশ এল নাগেশ্বৰ আৰু ন্যায়াধীশ বি আৰ গাভাইৰ বিচাৰপীঠে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যে দোষীজন ৩০ বছৰতকৈও অধিক সময় কাৰাগাৰত আছে ৷ লগতে কাৰাগাৰত থকা সময়ত তেওঁৰ আচৰণ আছিল সন্তোষজনক ৷ উচ্চতম ন্যায়ালয়ে লগতে এই বিষয়টোও উল্লেখ কৰিছে যে, কেন্দ্ৰই এই জামিনৰ বিৰোধিতা কৰিছে (Centre opposes AG Perarivalan's bail) ৷
যি কি নহওক উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে উল্লেখ কৰিছে যে, আবেদনকাৰীয়ে পেৰাৰিভালানৰ সন্দৰ্ভত যোগান ধৰা তথ্য-পাতি, তেওঁৰ শাৰীৰিক অসুস্থতা আৰু 30 বছৰৰ অধিক কাল তেওঁ কাৰাবাস খটা আদি বিষয়ৰ ওপৰত চালি-জাৰি চাই আদালতে জামিনৰ ৰায় দিছে ৷ তামিলনাডুৰ শ্ৰীপেৰাম্বাডুৰত 1991 চনৰ 21 মে’ত ধানু নামৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত হৈছিল ৰাজীৱ গান্ধী ৷
লগতে পঢ়ক : বায়ু সেনা একাডেমীৰ কমাণ্ডেণ্টৰ দায়িত্ব গ্ৰহণ এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰৰ