ETV Bharat / bharat

ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন কৰি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে । সংবিধানৰ ৩৭০ নং অনুচ্ছেদ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা মতামত দেশৰ স্বাৰ্থ বিৰোধী বুলি অভিযোগ উত্থাপিত হৈছিল ।

ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে

author img

By

Published : Mar 3, 2021, 1:40 PM IST

নেশ্যনেল ডেস্ক, ৩ মাৰ্চ: বুধবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে দাখিল কৰা আবেদন । ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন কৰি ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছিল । সংবিধানৰ ৩৭০ নং অনুচ্ছেদ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা মতামতক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল । এনে মতামত আগবঢ়োৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপিত হৈছিল ।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু হেমন্ত গুপ্তাৰ বিচাৰপীঠে ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰি কয় যে, চৰকাৰৰ মতামতত একমত নহৈ এক পৃথক মতামত প্ৰকাশ কৰাটো অপৰাধ নহয় । উল্লেখ্য যে, ফাৰুক আব্দুল্লাই জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৩৭০ নং অনুচ্ছেদ বাতিল কৰাক লৈ চৰকাৰৰ বিৰোধিতা কৰি নিজৰ মতামত প্ৰকাশ কৰিছিল । ইয়াৰ পিছতে ৰজত শৰ্মাই ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে ন্যায়ালয়ত আবেদন জনাইছিল ।

ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে
ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে

ৰজত শৰ্মাৰ পক্ষ লৈ আবেদন দাখিল কৰিছিল অধিবক্তা শিৱসাগৰ তিৱাৰীয়ে । আবেদনখনত উল্লেখ কৰা হৈছিল যে, ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ বিৰোধিতা কৰি আব্দুল্লাই চীন আৰু পাকিস্তানৰ সহায় বিচাৰিছিল । লগতে আব্দুল্লাৰ এই কাৰ্য দেশৰ স্বাৰ্থৰ বিৰোধী আৰু তেওঁ সংসদৰ বাবে এগৰাকী অযোগ্য প্ৰাৰ্থী বুলি আবেদনকাৰীয়ে অভিযোগ উত্থাপন কৰিছিল আৰু উচিত শাস্তি প্ৰদান কৰিবলৈ আদালতক আহ্বান জনাইছিল ।

নেশ্যনেল কনফাৰেঞ্চৰ প্ৰতিবেদনত প্ৰকাশিত হোৱা মতে, এক সাক্ষাৎকাৰত ফাৰুক আব্দুল্লাই কৈছিল যে, চীনৰ সহায় লৈ কাশ্মীৰত ৩৭০ নং অনুচ্ছেদ পুনৰ প্ৰযোজ্য কৰা হ'ব । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰা লোকসকলক আদালতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে আৰু ফাৰুক আব্দুল্লাক সংসদৰ সদস্য হিচাপে তেওঁৰ কাম অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ কৰুণ পৰিণতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.