নিউজ ডেস্ক,২৩ ফেব্ৰুৱাৰী: উচ্চতম ন্যায়ালয়ে মঙলবাৰে দুসপ্তাহৰ বাবে স্থগিত ৰাখিলে সাৰদা কেলেংকাৰীৰ গোচৰৰ শুনানি । শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা(চিবিআই)ৰ শুনানি গ্ৰহণ কৰিছিল য'ত চিবিআইয়ে কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক জিম্মাত লৈ সোধা পোচা কৰিবলৈ আদালতৰ ওচৰত আবেদন জনাইছিল ।
গ্ৰেপ্তাৰ হোৱা ১৯৮৯ বেটছৰ আইপিএছ বিষয়াজনে পশ্চিম বংগ আৰক্ষীৰ বিশেষ তদন্ত দলৰ (এছ.আই.টি.)ৰ নেতৃত্ব দিয়াৰ সময়ত কেলেংকাৰী সম্পৰ্কীয় প্ৰমাণ ধ্বংস কৰাৰ অভিযোগ উত্থাপণ হৈছে ।
উল্লেখ যে সাৰদা গ্ৰুপে লক্ষাধিক লোকক প্ৰতাৰণা কৰাৰ লগতে ২,৫০০ কোটি টকা আত্মসাৎ কৰিছিল ৷