নেশ্যনেল ডেস্ক,৮ মে': মণিপুৰত অস্থিৰতাই বিৰাজ কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ে বিষয়টোত গুৰুত্ব আৰোপ কৰিছে । হিংসাজৰ্জৰ মণিপুৰৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিছে শীৰ্ষ আদালতে (SC on Manipur violence)। উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক জাতিগত হিংসাত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষা, সাহায্য আৰু পুনৰ্সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ কৈছে । অৱশ্যে, যোৱা দুটা দিনত ৰাজ্যখনত কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ (Chief Justice D Y Chandrachud) নেতৃত্বত এখন বিচাৰপীঠে হিংসাৰ পাছত মানৱীয় সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি গুৰুত্ব আৰোপ কৰে যে, সাহায্য শিবিৰসমূহত সঠিক ব্যৱস্থা কৰা উচিত আৰু তাত আশ্ৰয় লোৱা লোকসকলক খাদ্য, ৰেচন আৰু চিকিৎসাৰ দৰে মৌলিক সুবিধা প্ৰদান কৰিব লাগে ।
মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠখনত ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাও আছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই হিংসাৰ মোকাবিলাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে বিচাৰপীঠক অৱগত কৰে । মেহতাই কয় যে সেনা আৰু অসম ৰাইফলছৰ উপৰিও কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৫২ টা কোম্পানী সংঘৰ্ষ হোৱা অঞ্চলত মোতায়েন কৰা হৈছে ।
মেহতাই বিচাৰপীঠক লগতে কয় যে, অশান্ত অঞ্চলসমূহত ফ্লেগ মাৰ্চ কৰা হৈছে আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে ব্যৱস্থা কৰা হৈছে । বিচাৰপীঠে নিৰ্দেশ দিছে যে বাসস্থান হেৰুওৱা লোকসকলৰ পুনৰ্সংস্থাপনৰ বাবে সকলো প্ৰয়োজনীয় প্ৰচেষ্টা কৰা উচিত । উচ্চতম ন্যায়ালয়ে উপাসনাস্থলীৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত পদক্ষেপ ল'বলৈও নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে, মণিপুৰৰ পাহাৰীয়া অঞ্চলত বাস কৰা জনজাতীয় লোক আৰু ইম্ফল উপত্যকাত বাস কৰা মেইটেই সম্প্ৰদায়ৰ মাজত অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদা দাবীক লৈ হোৱা হিংসাত্মক সংঘৰ্ষত ৫০ জনৰো অধিক লোক নিহত হৈছে (50 death in Manipur violence)।
২৩,০০০ ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে আৰু সামৰিক সেনা নিবাস আৰু সাহায্য শিবিৰত আশ্ৰয় দিয়া হৈছে । উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ১৭ মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তেতিয়ালৈ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।
লগতে পঢ়ক :Manipur crisis update: মণিপুৰৰ ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল; সেনাৰ উদ্ধাৰ অভিযান অব্যাহত