ETV Bharat / bharat

FibreNet Case : চন্দ্ৰবাবু নাইডুৰ আগতীয়া জামিন আবেদন; ৩০ নৱেম্বৰলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:48 PM IST

ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে বিষয়টো স্থগিত ৰাখে । স্থগিতকৰণ সন্দৰ্ভত ন্যায়াধীশে কয় যে দক্ষতা বিকাশ কেলেংকাৰীৰ গোচৰৰ আবেদন বাতিল কৰিবলৈ নাইডুৱে দাখিল কৰা আন এখন আবেদনৰ ৰায় আদালতে দেৱালী বন্ধৰ পিছত প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

চন্দ্ৰবাবু নাইডুৰ আগতীয়া জামিন আবেদন; ৩০ নৱেম্বৰলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ
FibreNet Case

নিউজ ডেস্ক, ৯ নৱেম্বৰ : উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে । বৃহস্পতিবাৰে ফাইবাৰনেট গোচৰত আগতীয়া জামিন বিচাৰি টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে কৰা আবেদনৰ শুনানি ৩০ নৱেম্বৰলৈ স্থগিত ৰাখে । ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে বিষয়টো স্থগিত ৰাখে । স্থগিতকৰণ সন্দৰ্ভত ন্যায়াধীশে কয় যে দক্ষতা বিকাশ কেলেংকাৰীৰ গোচৰৰ আবেদন বাতিল কৰিবলৈ নাইডুৱে দাখিল কৰা আন এখন আবেদনৰ ৰায় আদালতে দেৱালী বন্ধৰ পিছত প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

"একেগৰাকী আবেদনকাৰীয়ে কৰা আন এখন আবেদন আছে, য'ত কিছুমান অভাৰলেপিং সমস্যা আছে । যাৰ বাবে এই বিচাৰপীঠে ৰায় সংৰক্ষিত কৰে । বিষয়টো ৩০ নৱেম্বৰত শুনানিৰ বাবে তালিকাভুক্ত হওক ।" বিচাৰপীঠে কয় ।

আনহাতে, চমু শুনানিৰ সময়ত নাইডুৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথৰাই কয় যে আৰক্ষীয়ে নাইডুক গ্ৰেপ্তাৰ নকৰাৰ প্ৰাৰম্ভিক ব্যৱস্থা অব্যাহত থাকিব লাগে ।

ইয়াৰ উত্তৰত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ৰঞ্জিত কুমাৰে কয় যে এই ব্যৱস্থা অব্যাহত আছে । উল্লেখ্য যে শীৰ্ষ আদালতে পূৰ্বতে দক্ষতা বিকাশ কেলেংকাৰীৰ গোচৰৰ আবেদনৰ ওপৰত ৰায় প্ৰদান নকৰালৈকে নাইডুক ফাইবাৰনেট গোচৰত গ্ৰেপ্তাৰ নকৰিবলৈ অন্ধ্ৰপ্ৰদেশ আৰক্ষীক কৈছিল । ন্যায়ালয়ে অন্ধ্ৰপ্ৰদেশ আৰক্ষীক কৈছিল, "পূৰ্বৰ বুজাবুজি অব্যাহত থাকিবলৈ দিয়ক ।"

বিচাৰপীঠে ১৩ অক্টোবৰত অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ বক্তব্যৰ কথা উল্লেখ কৰি কৈছিল যে আৰক্ষীয়ে নাইডুক জিম্মাত ল'ব নালাগে । আনহাতে, ন্যায়াধীশ বসুৱে কৈছিল যিহেতু আদেশটো আন এখন আবেদনৰ ওপৰত সংৰক্ষিত, সেয়ে ৰায় প্ৰদান কৰাৰ পিছত আদালতে নাইডুৰ তাৎক্ষণিক আবেদন গ্ৰহণ কৰাটো উচিত হ'ব ।

ইয়াৰ উত্তৰত ১৩ অক্টোবৰত অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে শীৰ্ষ আদালতক জনাইছিল যে শীৰ্ষ আদালতত দক্ষতা বিকাশ নিগম কেলেংকাৰী গোচৰ সম্পৰ্কীয় তেওঁৰ আবেদনৰ বাবে আৰক্ষীয়ে নাইডুক ১৮ অক্টোবৰলৈকে ফাইবাৰনেট গোচৰত গ্ৰেপ্তাৰ নকৰে ।

উল্লেখ্য যে ফাইবাৰনেট গোচৰটো অন্ধ্ৰপ্ৰদেশ ফাইবাৰনেট প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ অধীনত এটা নিজৰ অনুকূল কোম্পানীক ৩৩০ কোটি টকাৰ ৱৰ্ক অৰ্ডাৰ আবণ্টন কৰাৰ ক্ষেত্ৰত নিবিদা হেৰফেৰ কৰাৰ অভিযোগ সম্পৰ্কিত ।

অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে নিবিদা প্ৰদানৰ পৰা কাম সম্পূৰ্ণ হোৱালৈকে প্ৰকল্পটোত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত ৰাজ্যৰ কোষাগাৰৰ বৃহৎ ক্ষতি হৈছে ।

৭৩ বছৰীয়া নাইডুক ২০১৫ চনত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দক্ষতা বিকাশ নিগমৰ পৰা পুঁজি অপব্যৱহাৰৰ অভিযোগত ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰ ফলত ৰাজ্যৰ কোষাগাৰত ৩৭১ কোটি টকাৰ লোকচান হোৱা বুলি অভিযোগ কৰা হৈছিল । বৰ্তমান তেওঁ ৰাজমহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত আছে ।

লগতে পঢ়ক :Warrant Against Jayaprada : অভিনেত্ৰী তথা ৰাজনীতিক জয়াপ্ৰদাৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.