ETV Bharat / bharat

দেশজুৰি সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Oct 26, 2021, 11:39 AM IST

মঙলবাৰে সমগ্ৰ দেশতে সংযুক্ত কিষাণ মৰ্চা(Samyukt Kisan Morcha)ৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কৃষক আন্দোলনৰ ১১ মাহ সম্পূৰ্ণ হোৱা উপলক্ষে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৱে । কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিক গ্ৰেপ্তাৰ আৰু বৰ্খাস্ত কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

Samyukt Kisan Morcha calls for nationwide protests today
দেশজুৰি সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিবাদী কাৰ্যসূচী

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ : কৃষি আইন বাতিলৰ দাবীত অব্যাহত থকা কৃষক আন্দোলনৰ ১১ মাহ সম্পূৰ্ণ হোৱা উপলক্ষে মঙলবাৰে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সংযুক্ত কিষাণ মৰ্চা । মঙলবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ সকলো ৰাজ্যৰে প্ৰতিখন জিলাতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে সংগঠনটোৱে আহ্বান জনাইছে ।

লখিমপুৰ খেৰীৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিক গ্ৰেপ্তাৰ আৰু বৰ্খাস্ত কৰাৰ দাবী জনাইছে সংগঠনটোৰ সদস্যসকলে । সংযুক্ত কিষাণ মৰ্চাই এক বিবৃতিযোগে জনাইছিল যে, প্ৰতিখন জিলাতে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব জিলা উপায়ুক্ত অথবা জিলা দণ্ডাধীশৰ জৰিয়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পাচতে প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পৰিব ।

যোৱা ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত সংঘটিত হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ মুঠ আঠজন লোকে প্ৰাণ হেৰুৱায় । টেনিৰ পুত্ৰ আশীষ মিশ্ৰ আৰু আন ১২ জনক এই ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । কৃষকসকলে এই হিংসাত্মক ঘটনাৰ বাবে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী আৰু পুত্ৰক দোষাৰোপ কৰে । কৃষকসকলে অভিযোগ তুলিছিল যে, প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়ত টেনিৰ কনভয়ে একাংশ কৃষকক মহতিয়াই নিছিল ।

আনহাতে, এই ঘটনাৰ পাচতে ক্ষোভিত হৈ কৃষকসকলে এখন বাহন জ্বলাই দিছিল । এই ভিডিঅ' সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰে ।

ইয়াৰ পাছতে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠে । অৱশ্যে, অজয় মিশ্ৰ টেনিয়ে ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ পুত্ৰ ঘটনাস্থলীত উপস্থিত নাছিল বুলি কৈ অভিযোগ খণ্ডন কৰিছিল । আশীষেও একেটা কথা পুনৰাবৃত্তি কৰে আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ কৰে । আৰক্ষীয়ে পিছত আশীষ মিশ্ৰকে ধৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে ।

আনহাতে, সংযুক্ত কিষাণ মৰ্চাই অভিযোগ উত্থাপন কৰে যে, চিকাগোৰ পৰা উভতি অহাৰ পিছত কৃষক আন্দোলনৰ সমৰ্থক প্ৰবাসী ভাৰতীয় দৰ্শন সিং ধালিৱালক ভাৰতত প্ৰৱেশ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনুমতি দিয়া নাছিল । দেশত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াকৈয়ে প্ৰত্যাৱৰ্তন কৰা হৈছিল ধালিৱালক । ভাৰত চৰকাৰৰ এই সিদ্ধান্তক অগণতান্ত্ৰিক আৰু আধিপত্যবাদী আচৰণ আখ্যা দিয়াৰ লগতে এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে কৃষক সংগঠনটোৱে । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত সংযুক্ত কিষাণ মৰ্চাই ইয়াৰ পূৰ্বে ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক: পুলৱামা আক্ৰমণৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.