ETV Bharat / bharat

এনচিপি নেতা নৱাব মালিকৰ বিৰুদ্ধে গোচৰ সমীৰ ৱাংখেড়েৰ

author img

By

Published : Aug 15, 2022, 12:30 PM IST

Updated : Aug 15, 2022, 10:50 PM IST

ড্ৰাগছৰ গোচৰত বলিউডৰ তাৰকা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সংঘাত আৰম্ভ হৈছিল এনচিপি নেতা নৱাব মালিক আৰু নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’ৰ(Mumbai NCB)প্ৰাক্তন সঞ্চালক প্ৰধান সমীৰ ৱাংখেড়েৰ । প্ৰাক্তন সঞ্চালক প্ৰধানগৰাকীৰ বিৰুদ্ধে ভুৱা জাতিৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল মালিকে । ইয়াৰ পিছতে যোৱা ১৩ আগষ্টত জাতি প্ৰমাণীকৰণ সমিতিয়ে(Caste Verification Committee)ৱাংখেড়েক অভিযোগমুক্ত বুলি ঘোষণা কৰে।

Mumbai NCB
এনচিপি নেতা নৱাব মালিকৰ বিৰুদ্ধে গোচৰ সমীৰ ৱানখাড়েৰ

নেচনেল ডেস্ক, ১৫ আগষ্ট: মুম্বাই নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’ৰ (Mumbai NCB) প্ৰাক্তন সঞ্চালক প্ৰধান সমীৰ ৱাংখেড়েই ১৪ আগষ্টত গোৰেগাঁও আৰক্ষী থানাত প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা নৱাব মালিকৰ (NCP leader Nawab Malik) বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । এই সন্দৰ্ভত দাখিল কৰা এজাহাৰত এজন দলিত ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

ইতিমধ্য়ে গোৰগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি ৰক্ষা অত্যাচাৰ প্ৰতিৰোধ আইনৰ (Scheduled Castes and Scheduled Tribes Prevention of Atrocities Act) অধীনত গোচৰ পঞ্জীয়ন কৰিছে ৷ এই সন্দৰ্ভত গোৰগাঁও বিভাগৰ সহকাৰী আৰক্ষী আয়ুক্তই বিষয়টো তদন্ত কৰিব ৷ সমীৰ ৱাংখেড়েৰ অভিযোগৰ ভিত্তিত গোৰগাঁও আৰক্ষী থানাত নৱাব মালিকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৫০০, ৫০১ ধাৰা ৩(১)(ইউ)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

Mumbai NCB
এনচিপি নেতা নৱাব মালিকৰ বিৰুদ্ধে গোচৰ সমীৰ ৱাংখেড়েৰ

উল্লেখ্য় যে, প্ৰাক্তন মন্ত্ৰী নৱাব মালিকৰ অভিযোগৰ ভিত্তিত চৰকাৰী চাকৰিৰ বাবে ভুৱা জাতিৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগত ৱাংখেড়েৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল ।

উক্ত গোচৰত যোৱা ১৩ আগষ্টত জাতি প্ৰমাণীকৰণ সমিতিয়ে (Caste Verification Committee) ৱাংখেড়েক অভিযোগমুক্ত বুলি ঘোষণা কৰে । মহাৰাষ্ট্ৰ চৰকাৰৰ সামাজিক ন্যায় বিভাগে(Social Justice Department of the Maharashtra জাৰি কৰা এক নিৰ্দেশত এই বুলি উল্লেখ কৰা হৈছে যে ৱাংখেড়ে জন্মগতভাৱে মুছলমান নাছিল আৰু অনুসূচীত জাতিৰ লোক । উল্লেখ্য় যে, ড্ৰাগছৰ গোচৰত বলিউডৰ তাৰকা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৱাংখেড়ক চেন্নালৈ বদলি কৰা হৈছিল ।

লগতে পঢ়ক:মণিপুৰত সেনাৰ অভিযানত আটক ৮ জন পি এল এ উগ্ৰপন্থী

Last Updated : Aug 15, 2022, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.