নিউজ ডেস্ক, ৯ আগষ্ট : দেশে এই বছৰ পালন কৰিছে স্বাধীনতাৰ হীৰক জয়ন্তী (India celebrating Diamond Jubilee of independence this year) । স্বাধীনতালাভৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰে এই ৭৫ সংখ্যক স্বাধীনতা দিৱসক নামকৰণ কৰিছে 'আজাদী কা অমৃত মহোৎসৱ' (Azadi Ka Amrit Mahotsav) হিচাবে ।
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশে স্মৰণ কৰিছে স্বাধীনতা আন্দোলনৰ সেই মহান সেনানীসকলক (Saluting bravehearts) । আনহাতে, দেশৰ লগতে স্বাধীনতা দিৱসত অসমৰ অৱদানো কম নহয় । মণিৰাম দেৱানৰ (Freedom fighter Moniram Dewan) পৰা আৰম্ভ কৰি কনকলতা বৰুৱা (Freedom fighter Kanaklata Baruah) আদিলৈকে ৰাজ্যৰ অসংখ্য বীৰ সেনানীয়ে স্বাধীনতাৰ বাবে জীৱন উছৰ্গা কৰি গৈছে । আজি আমি স্বাধীনতা দিৱসৰ এই গৌৰৱপূৰ্ণ হীৰক জয়ন্তীৰ প্ৰাক্কালত তেনে এগৰাকী স্বাধীনতা সংগ্ৰামী জীৱন আৰু আদৰ্শৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ । তেওঁ হৈছে পুষ্পলতা দাস ।
পুষ্পলতা দাস (১৯১৫-২০০৩) আছিল দেশৰ এগৰাকী স্বাধীনতা সংগ্ৰামী (Indian independence activist Pushpalata Das), সমাজকৰ্মী, গান্ধীবাদী আৰু অসমৰ প্ৰাক্তন বিধায়িকা । তেওঁ ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল । আনহাতে, অসম বিধানসভাৰ (Assam Legislative Assembly) সদস্য হোৱাৰ লগতে তেওঁ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ (Indian National Congress) কাৰ্যকৰী সমিতিৰ সদস্য ।
তেওঁ কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ন্যাস আৰু অসম খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (Khadi and Village Industries Commission) । ভাৰত চৰকাৰে তেওঁক ১৯৯৯ চনত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে বিভূষিত কৰে (Third highest civilian honour Padma Bhushan to Pushpalata Das) ।
পুষ্পলতা দাসৰ প্ৰাৰম্ভিক জীৱন
১৯১৫ চনৰ ২৭ মাৰ্চত অসমৰ উত্তৰ লখিমপুৰৰ ৰামেশ্বৰ নাৰায়ণৰ ঔৰসত আৰু স্বৰ্ণলতাৰ গৰ্ভত জন্মগ্ৰহণ কৰা পুষ্পলতা দাসে পাণবজাৰ ছোৱালী উচ্চ বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ স্কুলীয়া দিনৰ পৰাই ৰাজনৈতিক কাৰ্যকলাপত জড়িত হৈছিল আৰু মুক্তি সংঘ নামৰ এটা সংগঠনৰ সম্পাদক আছিল ।
১৯৩১ চনত তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে ব্ৰিটিছৰাজে মহান স্বাধীনতা সংগ্ৰামী ভগত সিঙক দিয়া ফাঁচিৰ (hanging Bhagat Singh by British Raj) বিৰুদ্ধে এক প্ৰতিবাদ সাব্যস্ত কৰে । যাৰ বাবে তেওঁক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয় । পিছত অৱশ্যে তেওঁ ব্যক্তিগত শিক্ষাৰ্থী হিচাপে পঢ়া-শুনা অব্যাহত ৰাখে আৰু 1934 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পিছত তেওঁ ইণ্টাৰমিডিয়েট শ্ৰেণী (বৰ্তমান উচ্চতৰ মাধ্যমিক) সম্পূৰ্ণ কৰিবলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নমাভৰ্তি কৰায় (Benaras Hindu University) ।
বোনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1938 চনত একেখন বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে । পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ আৰ্ল ল কলেজত (Earle Law College Guwahati) আইন বিষয় অধ্যনৰ বাবে নামভৰ্তি কৰায় । তাতো তেওঁ ছাত্ৰ ৰাজনীতি অব্যাহত ৰাখিছিল । ১৯৪০ চনত তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সম্পাদক হয় ।
এই সময়ছোৱাতে গান্ধীজীয়ে আইন অমান্য আন্দোলনৰ অংশ হিচাপে ব্যক্তিগত সত্যাগ্ৰহৰ আহ্বান জনায় (Gandhiji called for Individual Satyagraha) । আনহাতে, তাৰ দুবছৰ পিছত আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলনৰ (Quit India Movement) পূৰ্বসূৰী হিচাপে পুষ্পলতা দাসে এই আন্দোলনত অংশগ্ৰহণ কৰে । ফলত তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হয় আৰু যাৰ বাবে তেওঁৰ আইনৰ অধ্যয়নত ব্যাঘাত হয় ।
পুষ্পলতা দাসৰ ৰাজনৈতিক জীৱন
ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতিৰ (National Planning Committee) মহিলা উপ-সমিতিৰ সদস্য হিচাপে তেওঁ সেই বছৰ মুম্বাইলৈ যায় আৰু তাত দুবছৰ থাকে । তেওঁৰ কামৰ ধৰণ আৰু বিচক্ষণতাৰ বাবে তেওঁক মৃদুলা চাৰাভাই আৰু বিজয়া লক্ষ্মী পণ্ডিতৰ (Mridula Sarabhai and Vijaya Laxmi Pandit) লগতে অসম বিধানসভাৰ সেই সময়ৰ সদস্য অমিয় কুমাৰ দাসৰ (Amiya Kumar Das) সৈতে কাম কৰাৰ সুযোগ দিছিল । তাৰ পিছত 1942 চনত তেওঁ অমিয় কুমাৰ দাসৰ পাণি গ্ৰহণ কৰে ।
বিবাহৰ পিছত তেওঁ অসমলৈ উভতি আহে আৰু শান্তি বাহিনী আৰু মৃত্যু বাহিনী নামৰ দুটা সংগঠন গঠন কৰে । ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত পুষ্পলতা দাস আৰু তেওঁৰ মৃত্যু বাহিনীৰ সহকৰ্মীসকলে স্থানীয় আৰক্ষী থানাত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ দাবীৰে এক প্ৰতিবাদৰ নেতৃত্ব দিয়ে আৰু এই শোভাযাত্ৰাতে আৰক্ষীয়ে গুলীচালনা কৰে । উক্ত গুলীচালনাৰ ফলতে তেওঁৰ সহকৰ্মী কনকলতা বৰুৱা শ্বহীদ হয় । সেই সময়লৈকে তেওঁ ইতিমধ্যে সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সদস্য আৰু অসম কংগ্ৰেছ সমিতিৰ মহিলা শাখাৰ আহ্বায়ক হৈ পৰিছিল আৰু অসমক পূব পাকিস্তানৰ সৈতে চামিলৰ যি গ্ৰুপিং চলিছিল সেই গ্ৰুপিঙৰ পৰা বাহিৰ কৰিবলৈ কাম কৰিছিল বুলি জনা যায় (Assam out of grouping with East Pakistan) ।
১৯৪৭ চনত ভাৰতে স্বাধীনতালাভৰ পিছত দাস দম্পতীয়ে ঢেকীয়াজুলিত তেওঁলোকৰ কৰ্মজীৱন কেন্দ্ৰীভূত কৰিছিল । উল্লেখ্য, অমিয় কুমাৰ দাসে একেৰাহে ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈকে অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল । পুষ্পলতা দাস নিজেও ১৯৫১ চনত ৰাজ্যসভালৈ মনোনীত হৈছিল আৰু ১৯৬১ চনলৈকে ৰাজ্যসভাৰ সাংসদ হিচাবে আছিল ।
এই সময়ছোৱাতে তেওঁ বজালী সমষ্টিৰ পৰা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ১৯৫৭ চনৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিছিল । পিছত তেওঁ 1958 চনত কংগ্ৰেছ ৱৰ্কিং কমিটিলৈ নিৰ্বাচিত হয় আৰু পৰৱৰ্তী বছৰত তেওঁ সংসদীয় প্ৰতিনিধি দলৰ সদস্য হিচাপে কেইবাখনো পূব ইউৰোপীয় দেশ ভ্ৰমণ কৰে ।
১৯৬৭ চনত তেওঁৰ স্বামীয়ে ঢেকীয়াজুলি সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ পিছত তেওঁ নিজে ঢেকীয়াজুলিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । ১৯৬৭ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত জয়ী হৈছিল । ইয়াৰ পিছত পুনৰবাৰ তেওঁ 1971 চনত উক্ত সমষ্টিটোৰ পৰাই অসম বিধানসভালৈ নিৰ্বাচিত হয় । অৱশ্যে ১৯৭৫ চনৰ ২৩ জানুৱাৰীত স্বামীৰ মৃত্যুৰ পিছত পুষ্পলতা দাসে সমাজসেৱাৰ বাবে অধিক মনোনিবেশ কৰি সংসদীয় ৰাজনীতিৰ পৰা সন্ন্যাস লয় ।
পুষ্পলতা দাসে সৰ্বভাৰতীয় খাদী বোৰ্ডৰ অসম অধ্যায়ৰ (Assam chapter of All India Khadi Board) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ভূদান আৰু গ্ৰামদান উদ্যোগৰ (state boards of Bhudan and Gramdan) ৰাজ্যিক পৰিষদৰ অধ্যক্ষ হৈছিল । তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদৰ সৈতেও জড়িত আছিল আৰু কংগ্ৰেছ পৰিকল্পনা সমিতিৰ মহিলা শাখা আৰু ভাৰতীয় চেঞ্চৰ বোৰ্ডৰ পূব ভাৰত শাখাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
পুষ্পলতা দাসে অসমীয়া আলোচনী জয়ন্তী (Pushpalata Das edited Assamese magazine Jayanti) সম্পাদনা কৰিছিল আৰু এক নিৰ্দিষ্ট সময়ৰ বাবে কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ন্যাসৰ অসম শাখাৰ নেতৃত্ব দিছিল । তেওঁ ১৯৭৬ চনত 'Rajarama Sukla rashtriyaatma varcasva evam krtitva, san 1898-1962' নামৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছিল ।
পুষ্পলতা দাসে লাভ কৰা বঁটা আৰু সন্মান
এইগৰাকী মহান অসমীয়া স্বাধীনতা সংগ্ৰামী তথা দেশপ্ৰেমিকৰ জীৱনজোৰা সামাজিক আৰু ৰাজনৈতিক অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক স্বাধীনতা সংগ্ৰামী বঁটাৰ তাম্ৰপত্ৰৰে সন্মানিত কৰে । কিন্তু আজীৱন সমাজসেৱিকা এইগৰাকী মহান অসমীয়াই এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি তেওঁ কৈছিল কোনো বিনিময়ৰ আশা নকৰাকৈ তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত 1999 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে বিভূষিত কৰে ।
কিন্তু এইগৰাকী মহান জাতীয়তাবাদীয়ে জীৱনৰ পৰৱৰ্তী দিনবোৰত বয়স সম্পৰ্কীয় ৰোগত ভোগে আৰু তেওঁক কলকাতাৰ উডলেণ্ডছ নাৰ্ছিং হোমলৈ স্থানান্তৰিত কৰিবলগা হয় । তাতে তেওঁ 2003 চনৰ 9 নৱেম্বৰত 88 বছৰ বয়সত পৰলোকগামী হয় । স্বাধীনতা দিৱসৰ এই পৱিত্ৰ ক্ষণত আমি এইগৰাকী আজন্ম দেশসেৱিকাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ (Indian Independence Day) ।
লগতে পঢ়ক :Bihar Political Crisis : বিহাৰৰ ৰাজনীতিত নাটকীয় মোৰ, ৰাজ্যপালক সাক্ষাতৰ সময় বিচাৰিলে নীতিশ কুমাৰে