ETV Bharat / bharat

Sale of 29th tranche of electoral bonds : ভাৰতীয় ষ্টেট বেংকত নিৰ্বাচনী বণ্ডৰ বিক্ৰী আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:33 PM IST

ৰাজনৈতিক পুঁজিৰ ক্ষেত্ৰত স্বচ্ছতা অনাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাজনৈতিক দলসমূহক দিয়া নগদ অনুদানৰ বিকল্প হিচাপে বণ্ড আঁচনিখন প্ৰস্তুত কৰা হৈছিল । কেন্দ্ৰই ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচনী বণ্ড জাৰি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে ।

Sale of 29th tranche of electoral bonds
ভাৰতীয় ষ্টেট বেংকত নিৰ্বাচনী বণ্ডৰ বিক্ৰী আৰম্ভ

নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সোমবাৰে নিৰ্বাচনী বণ্ডৰ ২৯ সংখ্যক বিক্ৰী আৰম্ভ হয় । যোৱা ৪ অক্টোবৰত ২৮ সংখ্যক নিৰ্বাচনী বণ্ডৰ বিক্ৰী আৰম্ভ হৈছিল ।

চৰকাৰে ৰাজনৈতিক দলসমূহক পুঁজি যোগান ধৰাৰ বাবে নিৰ্বাচনী বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা এক গোটৰ আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে ৰায় সংৰক্ষিত ৰখাৰ কেইদিনমান পাছতে নিৰ্বাচনী বণ্ড জাৰী কৰিবলৈ অনুমোদন জনাইছে ।

৩১ অক্টোবৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত ৫ জনীয়া সংবিধান বিচাৰপীঠে ৪ খন আবেদনৰ ওপৰত যুক্তি শুনিছিল ।

বিষয়টোৰ বিতং শুনানিৰ পাছত শীৰ্ষ ন্যায়ালয়ে ২ নৱেম্বৰত ৰায় সংৰক্ষিত ৰাখিছিল । তাৰ দুদিন পাছতে চৰকাৰে শেহতীয়া পৰ্যায়ৰ নিৰ্বাচনী বণ্ড জাৰী কৰাৰ বাবে জাননী জাৰি কৰে । লক্ষণীয়ভাৱে মিজোৰাম আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব । পাঁচখন ৰাজ্যৰ ভোটগ্ৰহণ ৩০ নৱেম্বৰত সমাপ্ত হ'ব আৰু ভোটগণনা ৩ ডিচেম্বৰত কৰা হ'ব ।

ইফালে যোৱা ৪ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচনী বণ্ড জাৰি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল । ৬ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ ভাৰতীয় ষ্টেট বেংকৰ ২৯ টা শাখাৰ জৰিয়তে নিৰ্বাচনী বণ্ড জাৰি আৰু নগদ ধনলৈ ৰূপান্তৰ কৰিবলৈ কৰ্তৃত্ব প্ৰদান হৈছিল ।

নিৰ্বাচনী বণ্ডবোৰ এটা যোগ্য ৰাজনৈতিক দলৰ দ্বাৰা কেৱল কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ সৈতে বেংক একাউণ্টৰ জৰিয়তে নগদ ধনলৈ ৰূপান্তৰ কৰা হ'ব । নিৰ্বাচনী বণ্ড জাৰী কৰা এছবিআই হৈছে একমাত্ৰ কৰ্তৃত্বপ্ৰাপ্ত বেংক । অনুমোদিত এছবিআই শাখাবোৰৰ ভিতৰত আছে বেংগালুৰু, লক্ষ্ণৌ, চিমলা, ডেৰাডুন, কলকাতা, গুৱাহাটী, চেন্নাই, পাটনা, নতুন দিল্লী, চণ্ডিগড়, শ্ৰীনগৰ, গান্ধীনগৰ, ভূপাল, ৰায়পুৰ আৰু মুম্বাই ।

লগতে পঢ়ক :SBI to issue electoral bonds : নিৰ্বাচনী বণ্ড জাৰি কৰিবলৈ ভাৰতীয় ষ্টেট বেংকক কৰ্তৃত্ব প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.