ETV Bharat / bharat

বিৰোধীৰ প্ৰতিবাদেৰে স্তব্ধ ৰাজ্যসভাৰ মজিয়া

author img

By

Published : Mar 8, 2021, 1:05 PM IST

বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনাই উত্তাল ৰাজ্যসভা । ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ সৰৱ বিৰোধী ৷ এই বিষয়ত আলোচনাৰ দাবী কংগ্ৰেছ সাংসদসকলৰ ৷ 11 বজালৈকে স্থগিত ৰখা হৈছে ৰাজ্যসভা ।

বিৰোধীৰ প্ৰতিবাদেৰে স্তব্ধ ৰাজ্যসভাৰ মজিয়া
বিৰোধীৰ প্ৰতিবাদেৰে স্তব্ধ ৰাজ্যসভাৰ মজিয়া

নিউজ ডেস্ক,8 মাৰ্চ: সোমবাৰৰ পৰা COVID 19 প্ৰট’কলৰ মাজেৰে আৰম্ভ হয় বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় । উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকয়া নাইডুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ বাজেট অধিৱেশন । এই বাজেট অধিৱেশনত ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আলোচনাৰ দাবীত কংগ্ৰেছ সাংসদসকলে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । যাৰ ফলত ১১ বজালৈকে ৰাজ্যসভা স্থগিত ৰখা হয় । বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনাই এনে পৰিস্থিতি সৃষ্টি হোৱাত প্ৰথম দিনাখন কোনো ধৰণৰ কঠোৰ ব্যৱস্থা ল'ব নিবিচাৰে বুলি মন্তব্য কৰে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকয়া নাইডুৱে ।

ইফালে, পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত পুনৰ আৰম্ভ কৰা হয় বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় । দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে লোকসভাত এক জাননী জাৰি কৰিছে ।

উল্লেখ্য যে, ৰাজ্যসভা ৯ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত হ'ব ৷ আনহাতে লোকসভা বিয়লি ৪ বজাৰ পৰা নিশা ১০ বজালৈ অনুষ্ঠিত হ'ব । অধিৱেশনৰ দ্বিতীয় পৰ্যায় ৮ এপ্ৰিলত সমাপ্ত হ'ব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই খবৰ সদৰী কৰে । ইফালে প্ৰথম পৰ্যায় ২৯ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক: ৰক্ষকে ভক্ষক: ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.