নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী: উত্তৰ পূব সীমান্ত ৰে'লৱে সম্প্ৰসাৰণত অধিক গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে । এই বছৰ বাজেটত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ(এন.এফ.আৰ) উন্নয়নৰ বাবে আবন্টন দিয়া হৈছে ৮,০৬০ কোটি টকা । শুকুৰবাৰে মুখ্য় জনসম্পৰ্কৰক্ষী বিষয়া সুভনন চান্দে সংবাদমাধ্য়মক জনোৱা মতে ৮,০৬০ কোটিৰ ভিতৰত তিনিটা নতুন ৰেল পথ আৰু দ্বৈত ৰেল পথ নিৰ্মাণৰ বাবে ৪,৩৩০ কোটি টকা আবন্টন দিয়া হৈছে । আবন্টিত ধনৰ সুৰক্ষা আৰু ক্ষমতা বৃদ্ধিৰ কামৰ বাবে ৩,৪৭০ কোটি টকা আৰু যাত্ৰী সুবিধাসমূহৰ বাবে ১৬৬ কোটি টকা ধাৰ্য্য় কৰা হৈছে ।
চান্দে জনোৱা মতে এই বছৰৰ বাজেটত নিউ বঙ্গাইগাঁৱৰ পৰা আগথোৰীলৈ ৰেলপথৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে ৬৫০ কোটি টকা আৰু নিউ বঙ্গাইগাঁৱৰ পৰা গোৱালপাৰা হৈ গুৱাহাটীলৈ নিৰ্মাণ হ'ব লগীয়া ৰেল পথৰ বাবে ৬১০ কোটি টকা আবণ্টন কৰা হৈছে । একেদৰে দিগাৰুৰ পৰা হোজাইলৈ ৰেলপথ দুগুণকৰণৰ বাবে ১০০ কোটি টকা আৰু নিউ মইনাগুৰি-গুমানিহাটলৈ দুগুণকৰণৰ বাবে ১১০ কোটি টকা আবণ্টন কৰা হৈছে । আনহাতে নতুন প্ৰকল্পবোৰৰ বাবেও ধন আবন্টন দিয়া হৈছে । তাৰ ভিতৰত চিভক-ৰংপো প্ৰকল্পৰ বাবে ১,১০০ কোটি টকা, তেতেলিয়া-বাৰ্নিহাত প্ৰকল্পৰ বাবে ১০১ কোটি টকা আবণ্টন কৰা হৈছে আৰু ভাৰতীয় ৰেলৱেক বাংলাদেশ ৰেলৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰিবলৈ আগৰতলা-আখাউৰা প্ৰকল্পৰ বাবে ৩০০ কোটি টকা আৱণ্টন কৰা হৈছে ।
মণিপুৰৰ জিৰিবাম-ইম্ফল ৰেল প্ৰকল্প আৰু মিজোৰামৰ বৈৰাবি-চাইৰাং প্ৰকল্পৰ বাবে ১ হাজাৰ কোটি টকা আবণ্টন কৰা হৈছে আৰু নাগালেণ্ডৰ ডিমাপুৰ-জুবজা প্ৰকল্পৰ বাবে ৮০০ কোটি টকা আবণ্টন দিয়া হৈছে । বিষয়া গৰাকীৰ মতে এই বছৰৰ বাজেটত আন্তঃগাঁথনিৰ উন্নয়ন , ৰেলৰ গতি বৃদ্ধি , টাৰ্মিনেল সুবিধাৰ বিকাশ , যাত্ৰী আৰু অন্যান্য ব্যৱহাৰকাৰীসকলৰ বাবে সুবিধা, পথ ব্যৱহাৰকাৰীসকলৰ সুৰক্ষাৰ বাবে পথ অভাৰ ব্ৰীজ আৰু পথৰ তলৰ দলং নিৰ্মাণ, সংকেত প্ৰণালীৰ আধুনিকীকৰণ আদিৰ দিশত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । এক্ট ইষ্ট নীতি অনুসৰি বিশেষকৈ বাংলাদেশ, নেপাল আৰু ম্যানমাৰৰ সৈতে আন্তৰ্জাতিক সংযোগৰ ওপৰতো গুৰুত্ব দিয়া হৈছে বাজেটত ।
বিষয়া গৰাকীয়ে জনোৱা মতে ভাৰতীয় ৰেলৱে ২০৩০ চনৰ ভিতৰত ১০০ শতাংশ বিদ্যুতকৰণ আৰু শূণ্য় কাৰ্বন নিৰ্গমন নেটৱৰ্কৰ ওপৰত গুৰুত্ব দিছে । তেওঁ লগতে কয় যে সেই লক্ষ্য়ৰে এই বছৰৰ মাৰ্চৰ ভিতৰত গুৱাহাটীলৈকে বৈদ্যুতিকৰণ সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে ।
উল্লেখ যে ভাৰতৰ ১৭ খন ৰেল জ'ন ভিতৰত অন্য়তম এন.এফ.আৰে মেঘালয় আৰু ছিকিমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত ছয়খন ৰাজ্যত সম্পূৰ্ণ আৰু আংশিকভাৱে কাম কৰে । লগতে পশ্চিম বংগৰ সাতখন জিলা আৰু উত্তৰ বিহাৰৰ পাঁচখন জিলা এন.এফ.আৰৰ অধীনত আছে ।