ETV Bharat / bharat

ATMs Looted in Tamil Nadu: একেদিনাই ৪ টা এটিএমৰ পৰা ৭৫ লাখ টকা লুট; এটিএম জ্বলালে চোৰে

author img

By

Published : Feb 12, 2023, 10:44 PM IST

দেওবাৰে পুৱতি নিশা তামিলনাডুৰ তিৰুভান্নামালাইত চাৰিটা এটিএম লুট কৰাৰ ঘটনা সংঘটিত হয় । চোৰে এটিএমৰ পৰা ৭৫ লাখ টকা লুটি লৈ যোৱাৰ লগতে এটিএমত অগ্নিসংযোগো কৰে (75 lakhs looted from four ATMs in Tamil Nadu) ।

ATM
ATM

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী : তামিলনাডুৰ তিৰুভান্নামালাইত স্বয়ংক্ৰিয় টেলাৰ মেচিন চমুকৈ এটিএম ভাঙে চোৰে (ATMs looted in Tamil Nadu) । দেওবাৰে পুৱতি নিশা সংঘটিত এই ঘটনাত চোৰে এটিএমকেইটাৰ পৰা ৭৫ লাখ টকা লুটি লৈ যায় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । এই চাৰিটা এটিএমৰ ভিতৰত তিনিটা হৈছে ভাৰতীয় ষ্টেট বেংকৰ (SBI) । এই এটিএম তিনিটা মাৰি আম্মান মন্দিৰৰ ওচৰত, থেনিমালাই অঞ্চল আৰু পোলুৰ বাছ ষ্টেণ্ডত অৱস্থিত । আনহাতে, আনটো এটিএম কালাচাপ্পাক্কাম অঞ্চলত অৱস্থিত ৱান ইণ্ডিয়াৰ (ATMs looted and set fire in Tamil Nadu) ।

আনহাতে, ডকাইতিৰ পিচত এটিএমকেইটা আৰু চিচি টিভি কেমেৰাত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে যাতে আৰক্ষীয়ে চোৰৰ আঙুলিৰ চাপ আৰু চুৰিৰ ভিডিঅ'ৰ ৰেকৰ্ডিং বিচাৰি উলিয়াব নোৱাৰে । ডকাইতৰ দলটোৱে চাৰিটা ঠাইত এটিএমবোৰ ভাঙে আৰু তাত থকা টকা লুট কৰে । তাৰ পিচত এটিএমত অগ্নিসংযোগ কৰে । একেদৰে এটিএম কেন্দ্ৰবোৰত থকা চিচি টিভি কেমেৰা আৰু হাৰ্ড ডিস্কবোৰো জ্বলাই দিয়া হয় (75 lakhs looted from four ATMs in Tamil Nadu) ।

ইফালে এই তথ্য লাভ কৰাৰ তথ্য পোৱাৰ পিচত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । উত্তৰ মণ্ডল আৰক্ষীৰ আইজি কান্ননৰ তত্ত্বাৱধানত তিনিজন আৰক্ষী অধীক্ষককে ধৰি ছয়টা পৃথক দল গঠন কৰা হৈছে আৰু আৰক্ষী বিভাগে চিচি টিভি ফুটেজৰ সহায়ত বিষয়টো সক্ৰিয়ভাৱে অনুসন্ধান কৰি আছে ।

ইয়াৰ উপৰি উত্তৰ মণ্ডল আৰক্ষীৰ আইজি কান্ননে ডকাইতি সংঘটিত হোৱা এটিএম কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত কান্ননে কয়, "আমি এটিএম ডকাইতকেইটাক ধৰিবলৈ অনুসন্ধান আৰম্ভ কৰিছোঁ । ডকাইতকেইটা এটা দল বান্ধি আহিছিল আৰু নগদ ধন লুটি লৈ যায় । কেৱল তিৰুভান্নামালাই জিলাতে পাঁচটা বিশেষ বাহিনী গঠন কৰা হৈছে ।"

"এইখন জিলাৰ বাহিৰৰ জিলাৰ আৰক্ষী বিভাগেও ডকাইতিৰ তদন্ত কৰি আছে । এজন আৰক্ষী অধীক্ষকৰ নেতৃত্বত আন এটা বাহিনী আন ৰাজ্যলৈ গৈছে । তদুপৰি, যদি তেওঁলোকে গম পায় যে আৰক্ষী বিভাগে টহল দিয়াত ব্যৰ্থ হৈছে, তেন্তে সেইদিনা টহলৰ দায়িত্বত থকাসকলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব । মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাকে ধৰি বিভিন্ন ৰাজ্যত এনেধৰণৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু ডকাইতক সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব ।" কান্ননে লগতে কয় ।

লগতে পঢ়ক :BJP leader killed by Maoists : ছট্টিশগড়ত পুনৰ মাওবাদীৰ হাতত নিহত বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.