নেশ্যনেল ডেস্ক,১৬ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে অৰ্থাৎ আজি ৰোজগাৰ বা নিযুক্তি মেলাৰ অধীনত নতুনকৈ নিযুক্তিপ্ৰাপ্ত প্ৰায় ৭১,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব (71 thousands new appointments)। এই নিযুক্তিসমূহ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হৈছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে এই অনুষ্ঠানত এই নৱনিযুক্ত কৰ্মচাৰীসকলক সম্বোধন কৰিব ।
বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৬ মে'ৰ পুৱা ১০.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰায় ৭১,০০০ গৰাকী লোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব (PM Modi to distribute new appointments)। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত এই নতুন কৰ্মচাৰীসকলে ভাৰত চৰকাৰৰ অধীনত বিভিন্ন পদত সেৱা আগবঢ়াব ।
এই নতুন নিযুক্তিসমূহ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গ্ৰাম্য ডাক সেৱক, ডাক পৰিদৰ্শক, বাণিজ্যিক- টিকট ক্লাৰ্ক, কনিষ্ঠ কেৰাণী- টাইপিষ্ট, কনিষ্ঠ একাউণ্ট কেৰাণী, ট্ৰেক ৰক্ষণাবেক্ষণকাৰী, সহকাৰী শাখা বিষয়া, নিম্ন বিভাগৰ কেৰাণী, উপ-বিভাগীয় বিষয়া, সহকাৰী প্ৰৱৰ্তন বিষয়া, নাৰ্চিং একাউণ্ট, সহকাৰী বিষয়া, সহকাৰী একাউণ্ট, সহকাৰী বিষয়া, অগ্নি নিৰ্বাপক বিষয়া, বিষয়াসকলৰ বাবে কৰা হ'ব । তাৰ উপৰিও বিভাগীয় একাউণ্টেণ্ট, অডিটৰ, কনিষ্টবল, হেড কনিষ্টবল, সহকাৰী কমাণ্ডেণ্ট, অধ্যক্ষ, প্ৰশিক্ষিত স্নাতক শিক্ষক, সহকাৰী পঞ্জীয়ক, সহকাৰী অধ্যাপক আদি পদও থাকিব ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰা মতে নিযুক্তি মেলা হৈছে নিযুক্তি সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশত এক পদক্ষেপ (Job Fair 2023)। বিবৃতিটোত কোৱা হৈছে যে নিযুক্তি মেলাই নিযুক্তি সৃষ্টিত ইন্ধন যোগাব আৰু যুৱসকলক তেওঁলোকৰ সশক্তিকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰপূৰ্বেও নিযুক্তি মেলাৰ অধীনত নিযুক্তি পত্ৰ বিতৰণ কৰিছে (Rozgar Mela in India)। ইফালে মঙলবাৰে এই নিযুক্তি মেলা দেশৰ প্ৰায় ৪৫ টা স্থানত অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক :Amit Shah on Manipur crisis: ৰাজ্যৰ অখণ্ডতাৰ ওপৰত কোনো প্ৰভাৱ নপৰে: অমিত শ্বাহ