ETV Bharat / bharat

Wrestlers Sexual exploitation case : ব্ৰীজ ভূষণক আদালতৰ চমন জাৰি - Brij Bhushan Sharan Singh

ৰাউজ এভিনিউ আদালতে ব্ৰীজ ভূষণক ১৮ জুলাইত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে । দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সিদ্ধান্ত আদালতৰ ।

Wrestlers Sexual exploitation case
ব্ৰীজ ভূষণক আদালতৰ চমন জাৰি
author img

By

Published : Jul 7, 2023, 5:16 PM IST

Updated : Jul 7, 2023, 5:22 PM IST

স্পৰ্টছ ডেস্ক,৭ জুলাই : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ সন্মুখত এতিয়াহে সমস্যা আহিছে । ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলৰ যৌন নিৰ্যাতনৰ গোচৰত তেওঁ অধিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাউজ এভিনিউ আদালতে সাংসদগৰাকীক আৰু নিলম্বিত বিনোদ তোমাৰকো মাতি পঠিয়াইছে । দুয়োকে ১৮ জুলাইত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ।

আদালতৰ এই নিৰ্দেশৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ মল্লযুঁজাৰুৱে আনন্দিত হোৱাও দেখা গৈছে । অৱশ্যে সম্পূৰ্ণ ন্যায় নোপোৱা পৰ্যন্ত তেওঁলোকে যুঁজ দিয়াৰো প্ৰতিশ্ৰুতি দিছে ।

ইয়াৰ পূৰ্বে, শুনানিৰ সময়ত, আদালতে ৭ জুলাইত গোচৰটোৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল । দিল্লী আৰক্ষীয়ে ১৫ জুনত ব্ৰীজ ভূষণৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছিল । মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (চিএমএম) মহিমা ৰায় সিঙে ২২ জুনত গোচৰটো এমপি-এমএলএ আদালতলৈ স্থানান্তৰ কৰিছিল । তেওঁ বিষয়টো এচিএমএম হৰজিৎ সিং জছপাললৈ প্ৰেৰণ কৰিছিল ।

পস্কো গোচৰৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত, দিল্লী আৰক্ষীয়ে ১৫ জুনত পাটিয়ালা হাউচ আদালতত বাতিলকৰণৰ প্ৰতিবেদন দাখিল কৰিছিল । অভিযোগকাৰীৰ পিতৃ আৰু ভুক্তভোগীৰ বিবৃতিৰ ভিত্তিত আদালতৰ অৱকাশকালীন বিচাৰপীঠৰ সন্মুখত দাখিল কৰা ৫৫০ পৃষ্ঠাৰ বাতিলকৰণ প্ৰতিবেদন আৰক্ষীয়ে প্ৰস্তুত কৰিছিল । বাতিলকৰণ প্ৰতিবেদন ধাৰা ১৭৩ চিইপিচিৰ অধীনত দাখিল কৰা হৈছে । অৱশ্যে এই বিষয়ত ১ আগষ্টত শুনানি গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে একাংশ মল্লযুঁজাৰুৱে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰৰো দাবী তোলা হৈছিল । কিন্তু এই ক্ষেত্ৰত ব্ৰীজ ভূষণে বিপৰীত স্থিতি গ্ৰহণ কৰি আহিছে । মল্লযুঁজাৰুৰ অভিযোগ মিছা বুলিও তেওঁ দাবী কৰিছিল ।

লগতে পঢ়ক :Wrestler sexually assaulted case : নাবালিকা মল্লযুঁজাৰু আৰু পিতৃক আদালতৰ জাননী

Last Updated : Jul 7, 2023, 5:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.