নেশ্য়নেল ডেস্ক, ২৮ অক্টোবৰঃ ঔৰঙ্গাবাদ চহৰৰ জিনচি অঞ্চলৰ গঞ্জ শ্বাহিদান মছজিদৰ ওচৰত এটা ৰুটি বেংকে (ব্ৰেড বেংক) বিগত ৯ বছৰ ধৰি দৰিদ্ৰ লোকসকলক খাদ্য় প্ৰদান কৰি আহিছে। এই ৰুটি বেংকটো চলাই থকা ইউছুফ মাকাতীয়ে এই সন্দৰ্ভত কয় যে তেওঁ বহু বছৰ ধৰি ব্ৰেড বেংক চলাই আহিছে, কিন্তু খাদ্য প্ৰস্তুত কৰাৰ বাবে তেওঁ কেতিয়াও ষ্টোভ জ্বলোৱাৰ প্ৰয়োজন নাই । কিয়নো বেংকৰ খাদ্য অনুষ্ঠান আদি আয়োজিত গৃহ আৰু মানুহৰ ঘৰৰ পৰা আহে । সেই খাদ্য়কেই তেওঁ ইয়াৰ পৰা দৰিদ্ৰ লোকসকলক বিতৰণ কৰে । ঔৰঙ্গাবাদ চহৰৰ এই ৰুটি বেংকৰ চাৰিটা শাখা আছে । এই চাৰিটা শাখাই দৰিদ্ৰ লোকসকলক বছৰটোৰ ৩৬৫ দিনে সহায়ৰ হাত আগবঢ়াই আহিছে । এই ব্ৰেড বেংকে চহৰখনৰ বিভিন্ন বস্তি অঞ্চল আৰু চিকিৎসালয়সমূহক বিনামূলীয়া খাদ্য প্ৰদান কৰে ।
ইউছুফ মাকাতীয়ে এই ৰুটি বেংকে সম্পাদন কৰি অহা কাৰ্য সন্দৰ্ভত কয়,"ঔৰঙ্গাবাদ চহৰত প্ৰতিদিনে বহুতো অনুষ্ঠান অনুষ্ঠিত হয় আৰু আমি এই অনুষ্ঠানবোৰ শেষ হোৱাৰ পিছত বাকী থকা খাদ্য দৰিদ্ৰ লোকসকলৰ বাবে সংগ্ৰহ কৰো । অৱশিষ্ট খাদ্য়সমূহ পেলাই দিয়াৰ সলনি দৰিদ্ৰ লোকসকলক বিতৰণ কৰো । এনেদৰে এই ৰুটি বেংকে বহুতো দৰিদ্ৰ লোকক কাম নিযোজিত কৰাৰ লগতে খুৱাই আছে । "
এই ব্ৰেড বেংকটো চলাই থকা ইউছুফ মাকাতীয়ে পুনৰ কয় যে বিবাহৰ বতৰত ফাংচন হলৰ পৰা যথেষ্ট খাদ্য আহে আৰু এইবোৰ ৰাখিবলৈ ৰুটি বেংকৰ চাৰিটা গভীৰ ফ্ৰীজাৰ পৰ্যাপ্ত নহয়, সেয়েহে ব্ৰেড বেংকৰ সন্মুখত ডাঙৰ শীতল ভঁৰাল স্থাপন কৰা হৈছে । ইয়াত খাদ্য সংৰক্ষণ কৰা হয় । পিছত দৰিদ্ৰ লোকসকলক বিতৰণ কৰা হয় বুলি তেওঁ কয় । ইউছুফ মাকাতীয়ে কয় যে এই কামটো কৰোতে তেওঁ যোৱা ন বছৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছিল । কিন্তু এই বেংকলৈ এদিনো খাদ্য সংগ্ৰহ নোহোৱাকৈ থকা নাই ।
ঔৰঙ্গাবাদৰ এই ব্ৰেড বেংকটোৱে আগবঢ়োৱা সেৱাৰ বাবে সমগ্ৰ দেশতে বহুতো পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে । ইউছুফ মাকাতীৰ উদ্দেশ্য হৈছে প্ৰতিখন চহৰত এটা ব্ৰেড বেংক স্থাপন কৰি ইয়াৰ পৰা দৰিদ্ৰ সকলক দিনে দুবাৰকৈ আহাৰ যোগান ধৰা ।