ETV Bharat / bharat

Robert Vadra on Priyanka : প্ৰিয়ংকা গান্ধী সংসদলৈ যাব লাগে, তেওঁৰ সকলো অৰ্হতা আছে; ৰবাৰ্ট ভাদ্ৰা

author img

By

Published : Aug 12, 2023, 5:32 PM IST

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে নকৰে সেইটো পিছৰ কথা । কিন্তু তেওঁৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই এটা সাক্ষাৎকাৰত কৈছে যে তেওঁ (প্ৰিয়ংকা) সংসদত থাকিব লাগে । এনে পৰিস্থিতিত প্ৰিয়ংকা গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি আশা কৰা হৈছে ।

Robert Vadra on Priyanka
Robert Vadra on Priyanka

নিউজ ডেস্ক, ১২ আগষ্ট : কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী সংসদত থাকিব লাগে । প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে । "মই ভাবোঁ তেওঁ (প্ৰিয়ংকা গান্ধী) সংসদত থাকিব লাগে । তেওঁৰ সকলো অৰ্হতা আছে । তেওঁ ভাল কাম কৰিব । মই আশাকৰোঁ যে কংগ্ৰেছ দলে তেওঁক গ্ৰহণ কৰিব আৰু তেওঁৰ বাবে এটা ভাল পৰিকল্পনা লৈ আহিব ।" ৰবাৰ্ট ভাদ্ৰাই কয় ।

ৰবাৰ্ট ভাদ্ৰাই লগতে কয় যে কংগ্ৰেছে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ত যোগদান কৰিছে আৰু আমি তেওঁলোকৰ (এনডিএ) বিৰুদ্ধে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এটা ভাল যুঁজ দিম । ভাদ্ৰাই সংসদত তেওঁৰ ছবি প্ৰদৰ্শনৰ বাবে বিজেপিক আক্ৰমণ কৰি কয় যে বিমানখনত গৌতম আদানিৰ সৈতে বহি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহু ফটো আছে। আমি ইয়াক লৈ কিয় প্ৰশ্ন নকৰোঁ ?

  • VIDEO | "I feel she (Priyanka Gandhi) should be in the Parliament. She has all the qualifications. She would do a great job. I hope that the Congress party accepts and plans better for her," says @irobertvadra. pic.twitter.com/eNufQtLqyF

    — Press Trust of India (@PTI_News) August 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পিটিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক লক্ষ্য কৰি কয় যে নেতিবাচক চিন্তাধাৰাৰ লোকসকল য'তেই নাথাকক কিয় কেৱল নেতিবাচকতায়ে বিয়পাব আৰু এনে লোকসকল সংসদত থকাটোও দুৰ্ভাগ্যজনক । তাতোকৈ ডাঙৰ কথা, তেওঁ মহিলা আৰু শিশুৰ উন্নতিৰ বাবে কাম কৰা এটা মন্ত্ৰালয়ৰ দায়িত্বত আছে ।

  • VIDEO | "Manipur has been burning and this minister (Smriti Irani) has to bring up some kind of negative thing about me, who is not even in the Parliament," says @irobertvadra on Union minister @smritiirani showing a photo of him with Gautam Adani in Lok Sabha. pic.twitter.com/4PmtymAUvy

উল্লেখ্য, ইয়াৰ পূৰ্বে ৰবাৰ্ট ভাদ্ৰাই ২০২২ চনৰ মাৰ্চ মাহত কৈছিল যে তেওঁ উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে । তেতিয়া তেওঁ কৈছিল যে সকলোৱে আশা কৰে যে তেওঁ মোৰাদাবাদ বা উত্তৰ প্ৰদেশৰ আন যিকোনো চহৰৰ পৰা সাংসদ নিৰ্বাচিত হৈ যাওক । কেৱল সেয়াই নহয়, তেওঁ লগতে কৈছিল যে জনসাধাৰণৰ প্ৰত্যাশাৰ পৰিপ্ৰেক্ষিতত তেওঁ বুজি পাইছে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পাৰে । অৱশ্যে তেওঁ প্ৰতিদিনে মানুহৰ সেৱাত থকা বুলিও কয় ।

লগতে পঢ়ক :PM Modi on Manipur Issue : মণিপুৰৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে বিৰোধীয়ে; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.