ETV Bharat / bharat

Road Accident in Banda: উত্তৰ প্ৰদেশৰ বান্দাত ভয়ংকৰ পথ দুৰ্ঘটনা; 7 জনৰ মৃত্যু - ভয়ংকৰ পথ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ বান্দাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মাতৃ আৰু পুত্ৰসহ 5 জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু চিকিৎসালয়লৈ নিয়াৰ পথত 2 জন লোকৰ মৃত্যু হয় ৷

Road Accident in Banda Seven Died
শোকাৱহ পথ দুৰ্ঘটনা
author img

By

Published : Jun 30, 2023, 11:41 AM IST

নিউজ ডেস্ক, 30 জুন: বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বান্দাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত দ্ৰুতবেগী বলেৰোৱে পিছফালৰ পৰা খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনা ৷ বলেৰোৰ 8 জন যাত্ৰীৰ ভিতৰত মাতৃ আৰু পুত্ৰসহ 5 জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ একে সময়তে, চিকিৎসালয়লৈ নিয়াৰ পথত 2 জন লোকৰ মৃত্যু হয় ৷ আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱকক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত বলেৰো খন সম্পূৰ্ণ ৰূপে চূৰ্ণ-বিচুৰ্ণ হৈ পৰে ৷ বলেৰোৰ ভিতৰত থকা যাত্ৰী সকল বলেৰোত আবদ্ধ হৈ পৰিছিল ৷ তেওঁলোকক বাহিৰলৈ উলিয়াবলৈ বলেৰোখনক গেছ কাটাৰেৰে কাটিব লগা হৈছিল ৷ ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে, ডিএম আৰু এছপি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৷ বিভাগীয় আয়ুক্ত আৰু ডিআইজিও জিলা চিকিৎসালয়ত উপস্থিত হয় আৰু আহত সকলৰ অৱস্থাৰ বিষয়ে বুজ লয় ৷

বৃহস্পতিবাৰে নিশা প্ৰায় 9.30 বজাত বান্দাত বাবেৰু কোতৱালী অঞ্চলৰ কামচিন ৰোডৰ পাৰিয়া দাই অঞ্চলত দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ বাহনখনত কামাচিন আৰক্ষী থানা অঞ্চলৰ তিলাউচা গাঁৱত বাস কৰা 8 জন লোক বাবেৰুলৈ আহি আছিল ৷ পথত বলেৰোখন হঠাতে পিছফালৰ পৰা ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে ৷ পথচাৰীসকলে ঘটনাটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক অৱগত কৰে ৷ ইয়াৰ পিছতে বেবেৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অশেষ কষ্টৰে বলেৰোত আৱদ্ধ লোকসকলক গেছ কাটাৰেৰে বলেৰো কাটি উলিয়াই আনে ৷ ঘটনাস্থলীত পাঁচজন লোকৰ মৃত্যু হয় ৷ লগতে 3 জন আহতক এম্বুলেন্সেৰে চিএইচচি বেবেৰুলৈ প্ৰেৰণ কৰা হৈছিল ৷

চিএইচচিত আহত এজন যুৱকৰ মৃত্যু হয় ৷ ডি.এম. দুৰ্গাশক্তি নাগপাল আৰু এছ.পি. অভিনন্দনে ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে চি.এইচ.চি.-ত উপস্থিত হয় ৷ আনহাতে আয়ুক্ত আৰ.পি. সিং আৰু ডিআইজিয়ে ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে জিলা চিকিৎসালয়ত উপস্থিত হয় ৷ চি.এইচ.চি.-ৰ পৰা অনা আহত দুজনৰ ভিতৰত এজনৰ মৃত্যু হয় ৷

জানিব পৰা মতে তিলাউচা গাঁৱৰ বাসিন্দা এজন 15 বছৰীয়া কিশোৰ বিদ্যুৎস্পৃষ্ট হৈছিল ৷ কিশোৰ গৰাকীৰ মাতৃয়ে তেওঁক চিকিৎসাৰ বাবে বেবেৰু চিএইচচিলৈ লৈ আহিছিল ৷ তেওঁৰ সৈতে গাওঁখনৰ বলেৰো চালক হাছিম আৰু গাওঁখনৰ বাসিন্দা কাইফ, জাহিদ, জাহিল, চাকিৰ আৰু মুছাহিদ নামৰ ব্যক্তিকেইজন আহিছিল ৷ পথত বেবেৰু অঞ্চলৰ পৰায়াদাই অঞ্চলত তীব্ৰ গতিত থকা বলেৰোখনে পিছফালৰ পৰা ৰৈ থকা একন ট্ৰাকত খুন্দা মাৰিছিল ৷

কিশোৰ গৰাকী আৰু তেওঁৰ মাতৃ লগতে কাইফ, মুছাহিদ আৰু চাকিৰৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ বলেৰো চলাই থকা জাহিদ, জাহিল আৰু হাছিম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ তেওঁলোকক চিএইচচি বেবেৰুলৈ অনা হৈছিল ৷ তাতেই বলোৰো চালক হাছিমৰ মৃত্যু হয় ৷ জাহিদ আৰু জাহিলক সংকটজনক অৱস্থাত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু জিলা চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে জাহিলৰো মৃত্যু হয় ৷ জাহিদক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়, কিয়নো তেওঁৰ অৱস্থা অতি সংকটজনক ৷

ঘটনাটোৰ বিষয়ে ডিএম আৰু এছপিয়ে কয় যে তিলাউচা অঞ্চলত বাস কৰা লোকসকল বোলেৰোৰ পৰা বাবেৰু অভিমুখে আহি আছিল ৷ বলেৰোখন 120 ৰ পৰা 130 কিঃমি গতিত চলি আছিল ৷ ইয়াৰ ফলত পথত ৰৈ থকা ট্ৰাকৰ সৈতে নিয়ন্ত্ৰণহীনভাৱে সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত বলেৰোৰ 8 জনৰ ভিতৰত 7 জন লোকৰ মৃত্যু হয় ৷ একে সময়তে, চিকিৎসা মহাবিদ্যালয়ত এজন আহতৰ চিকিৎসা চলি আছে ৷

লগতে পঢ়ক: Manipur Violance: মণিপুৰ হিংসাৰ সাহাৰ্য শিবিৰত থকা ভুক্তভোগীৰ হেৰুওৱা নথি-পত্ৰ পুনৰ প্ৰস্তুত কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.