ETV Bharat / bharat

Landslide in Chamoli : ভূমিস্খলনৰ বাবে হৃষিকেশৰ পৰা বদ্ৰীনাথ সংযোগী ঘাইপথ বন্ধ

author img

By

Published : May 12, 2023, 7:05 PM IST

উত্তৰাখণ্ডত চাৰধাম যাত্ৰা পূৰ্ণ গতিত চলি আছে (Char Dham Yatra 2023)। কিন্তু ভূমিস্খলনৰ ফলত ঘাইপথসমূহ বন্ধ হৈ পৰিছে । যাৰ বাবে যাত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হৈছে । বদ্ৰীনাথ ঘাইপথত পুনৰ ভূমিস্খলনৰ ফলত স্তব্ধ যাতায়াত ব্যৱস্থা । পথটো মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত ।

Landslide in Chamoli
ভূমিস্খলনৰ বাবে হৃষীকেশ-বদ্ৰীনাথ ঘাইপথ বন্ধ

নেশ্যনেল ডেস্ক, ১২ মে': প্ৰকৃতিৰ ৰোষত উত্তৰাখণ্ড । বিগত কেইবা সপ্তাহ ধৰি প্ৰতিকূল বতৰৰ বাবে চাৰধাম যাত্ৰাৰ যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । বৰষুণ আৰু তুষাৰপাত কিছু হ্ৰাস হোৱাৰ লগে লগে চাৰধাম যাত্ৰাই কিছু গতি লাভ কৰিছিল যদিও পুনৰ যাত্ৰীসকলৰ সন্মুখত আন এক প্ৰত্যাহ্বান (Weather condition of Uttarakhand)। এইবাৰ উত্তৰাখণ্ডত ভূমিস্খলন ।

শুকুৰবাৰে বদ্ৰীনাথ ঘাইপথৰ চিংকাৰ সমীপত পাহাৰৰ পৰা মাটি আৰু শিল খহি পৰাৰ ফলত ঘাইপথ বন্ধ হৈ পৰে (Landslide in Chamoli)। ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । ফলস্বৰূপে ঘাইপথৰ দুয়োফালে দীঘলীয়া যানজঁটৰ সৃষ্টি হয় । শ শ বাহন ঘাইপথত আৱদ্ধ হৈ পৰে । ভূমিস্খলনে চাৰধাম যাত্ৰাৰ প্ৰাৰম্ভিক পৰ্যায়তে চৰকাৰ আৰু প্ৰশাসনৰ সন্মুখত অসুবিধাৰ সৃষ্টি কৰা দেখা গৈছে ।

জানিব পৰা মতে চিংকাৰ সমীপত ভূমিস্খলনৰ ফলত হৃষিকেশ-বদ্ৰীনাথ ঘাইপথ সম্পূৰ্ণ বন্ধ হৈ পৰিছে (Rishikesh Badrinath Highway Blocked)। বদ্ৰীনাথ ঘাইপথ বন্ধ হোৱাৰ ফলত পথটোৰ মাজত বহু সংখ্যক লোক আৱদ্ধ হৈ আছে । ভক্তসকলে বাহনত বহিয়েই ৰাস্তাটো মুকলি হোৱাৰ অপেক্ষা কৰি আছে ।

একে সময়তে, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু স্থানীয় প্ৰশাসনৰ লোকসকলে ঘাইপথটো মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে, যথেষ্ট পৰিমাণৰ ধ্বংসাৱশেষৰ বাবে পথটো মুকলি হোৱাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে । ইফালে বদ্ৰীনাথৰ বতৰ যোৱা কেইদিনমানৰ পৰা প্ৰতিকূল হৈ আছে । শেহতীয়াকৈ, চাৰধামত বৰষুণ আৰু তুষাৰপাতৰ বাবে ভক্তসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল ।

উল্লেখ্য যে উত্তৰাখণ্ডত প্ৰতিকূল বতৰৰ উপযোগী পথ নিৰ্মাণৰ প্ৰকল্প চলি আছে । যাৰ অধীনত চাৰধাম সংযোগী ৰাস্তাবোৰ বহল কৰি থকা হৈছে । চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই পথ বহল কৰাৰ কাম কৰা হৈছিল, কিন্তু এই কামৰ বাবে সাধাৰণ বৰষুণতে পাহাৰবোৰ খহিবলৈ আৰম্ভ কৰিছে । যাৰ বাবে বৰষুণ নোহোৱা স্বত্বেও এতিয়া পাহাৰৰ ওপৰৰ পৰা মাটি, শিল আদি ধ্বংসাৱশেষ পৰি আছে ।

লগতে পঢ়ক :Train service in Manipur suspended: মণিপুৰলৈ ৰে'ল সেৱা পুনৰ বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.