ETV Bharat / bharat

ৰামোজী ফিল্ম চিটীত নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি - Red Velvet Party

New Year 2024: নৱবৰ্ষক আদৰিবলৈ সকলো সাজু হৈছে । এই বিশেষ ক্ষণ আপোনাৰ বাবে অধিক ৰোমাঞ্চকৰ কৰি তুলিবলৈ সাজু হৈছে ৰামোজী ফিল্ম চিটী । পুৰণিক বিদায় দি নতুনক আদৰিবলৈ আপুনিও পৰিয়ালৰ সৈতে আহিব পাৰে হায়দৰাবাদৰ বিশ্ববিখ্যাত ৰামোজী ফিল্ম চিটীলৈ ।

Ramoji Film City
ৰামোজী ফিল্মচিটীত নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:28 PM IST

নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ : ২০২৩ বৰ্ষক বিদায় দি নতুন বছৰক আদৰাৰ বাবে সাজু হৈ দেশবাসী । ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজনৰ প্ৰস্তুতি চলিছে । ব্যতিক্ৰম নহয় ৰামোজী ফিল্ম চিটী । প্ৰতিবছৰৰ দৰে এইবাৰো ৰামোজী ফিল্ম চিটীত নৱবৰ্ষক আদৰাৰ বাবে বিশাল আয়োজন চলিছে । নৱবৰ্ষক আদৰিব বিচৰাসকলৰ বাবে ৰামোজী ফিল্ম চিটী উপযুক্ত স্থান হিচাপে পৰিগণিত হৈছে । কিয়নো বিশ্ববিখ্যাত ফিল্ম চিটীত বিশেষ পাৰ্টিৰ আয়োজন কৰা হৈছে ।

এক নতুন উৎসাহেৰে নতুন বছৰৰ সূচনা কৰিবলৈ ৩১ ডিচেম্বৰৰ নিশা ফিল্ম চিটীত বিশেষ উদযাপন কৰা হ'ব । ৰামোজী ফিল্ম চিটীয়ে পৰ্যটকসকলক প্ৰিয় গন্তব্য স্থানত অনন্য বিশেষ পাৰ্টিৰ সৈতে নতুন বছৰক স্বাগতম জনোৱাৰ বাবে আমন্ত্ৰণ জনাইছে ।

ৰামোজী ফিল্ম চিটীলৈ আহি আপুনিও ৰেড ভেলভেট আৰু থ্ৰিল ব্লাষ্ট পাৰ্টিত অংশগ্ৰহণ কৰি নতুন বছৰক স্বাগতম জনাব পাৰে । ৰামোজী ফিল্ম চিটীত থকাৰ বাবে বিশেষ পেকেজো উপলব্ধ আছে ।

চান ফাউণ্টেইনত ৰেড ভেলভেট পাৰ্টি :

নৱবৰ্ষ উদযাপনৰ অংশ হিচাপে পৰ্যটকসকলে লাইভ সংগীতানুষ্ঠান, বলীউড নৃত্য, ডিজে, আন্তৰ্জাতিক ষ্টাণ্ট, জুইৰ উত্তাপ আৰু ষ্টেণ্ড-আপ কমেডিৰ সৈতে উদযাপন উপভোগ কৰিব পাৰিব । ইয়াৰ উপৰিও এক সুন্দৰ নৈশ আহাৰ আৰু সীমাহীন পানীয় উপভোগ কৰিব পাৰিব । ৰেড ভেলভেট পাৰ্টি বাছনি কৰা পৰ্যটকসকলে পুৱা ফিল্ম চিটী ভ্ৰমণৰ সুবিধা পাব । আপুনি বিশেষ মনোৰঞ্জন কাৰ্যসূচী, লাইভ শ্ব', ৰাইড, প্ৰকৃতিৰ বিনন্দীয় ৰূপ উপভোগ কৰিব পাৰিব ।

থ্ৰিল ব্লাষ্ট পাৰ্টি-ইউৰেকা (সন্ধিয়া ৮ বজাৰ পৰা):

জছৰ থ্ৰিল ব্লাষ্ট পাৰ্টি হৈছে উদ্যমী সংগীত, পাৱাৰ-পেকড প্ৰদৰ্শন আৰু বলীউডৰ গীতৰ সৈতে অতিথিসকলৰ বাবে এক বিশেষ আকৰ্ষণ । আন্তৰ্জাতিক ষ্টাণ্ট, ফায়াৰ একচন, ষ্টেণ্ড-আপ কমেডি আৰু এক উদ্যমী ডিজেই আপোনাক আনন্দিত কৰি তুলিব । উদযাপনৰ সময়ত এক সুন্দৰ নৈশ আহাৰ আৰু সীমাহীন পানীয় উপভোগ কৰাৰো সুযোগ পাব ।

অধিক বিৱৰণৰ বাবে ৯৩৯০০০৮৪৭৭, ৯১৮২৭৩০১০৬ ফোন নম্বৰ আৰু টোল-ফ্ৰী নম্বৰ ১৮০০ ১২০ ২৯৯৯ত যোগাযোগ কৰিব পাৰিব । আপুনি অধিক বিৱৰণৰ বাবে www.ramojifilmcity.com ৱেবছাইটত চাব পাৰিব ।

লগতে পঢ়ক :ভিআইপি-ভিভিআইপি আহিব; 22 জানুৱাৰীত সাধাৰণ লোকক অযোধ্যালৈ নাহিবলৈ আহ্বান প্ৰধামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.