নেশ্যনেল ডেস্ক,১০ জুন : মুম্বাই(Mumbai)ত সংঘটিত হ'ল ভয়াৱহ অঘটন । বুধবাৰে নিশা মুম্বাইৰ পশ্চিম মালাডৰ নতুন উপায়ুক্তৰ বাসভৱনৰ চৌহদত থকা এটা আৱাসিক অট্টালিকা(Residential structure collapsed) খহি পৰে । ফলত ১১ জন লোকৰ মৃত্যু হয় আৰু ৭ জন লোক আহত হয় । পৌৰ নিগমে জানিবলৈ দিয়া মতে, অট্টালিকাটো খহি কাষতে থকা বাসগৃহ ক্ষতিগ্ৰস্ত হৈছিল ।
উক্ত বাসগৃহবোৰ বিপদজনক অৱস্থাত আছে । বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । ঘটনাৰ পিছতে আহত লোকসকলক নিশা বিডিবিএ হাস্পতাল(BDBA Hospital)লৈ নিয়া হয় । ছাহিল চৰফৰাজ চৈয়দ, আৰিফা শ্বেইখ, জ'হন ইৰাণাৰ লগতে আন কেইবাগৰাকীও লোকৰ মৃত্যু হয় । ধ্বংসাৱশেষৰ মাজৰ পৰা মহিলা আৰু শিশুসহ ১৫ জন লোকক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে ।
এতিয়াও বহুলোক আৱদ্ধ হৈ থকাৰ সম্ভাৱনা আছে । মুম্বাইৰ আৰক্ষী উপ আয়ুক্ত বিশাল ঠাকুৰে জনোৱা মতে, ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত আছে । ঘটনাস্থলীত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ মন্ত্ৰী আছলাম শ্বেইখে বৰষুণৰ ফলত অট্টালিকাসমূহ খহি পৰা বুলি দায়সৰা মন্তব্য কৰে ।
ধ্বংসাৱশেষৰ মাজত কোনো লোক আৱদ্ধ হৈ আছে নে নাই সেই কথা নিশ্চিত কৰিবলৈ আৱৰ্জনাবোৰ আঁতৰ কৰি থকা হৈছে । স্থানীয় বাসিন্দাসকলে জনোৱা মতে, নিশা প্ৰায় ১০ বজাত এই ঘটনাটো সংঘটিত হৈছিল ৷ দুগ্ধজাত সামগ্ৰী থকা এটা অট্টালিকাসহ মুঠ তিনিটা অট্টালিকা খহি পৰে ।
লগতে পঢ়ক: কৃষক সংগঠনৰ পক্ষত থাকিব পশ্চিমবংগ চৰকাৰ...