ETV Bharat / bharat

Uttarakhand Rudraprayag news: উত্তৰাখণ্ডত শিল খহি জীৱন্তে সমাধিস্থ 20 গৰাকী লোক; তিনিজনৰ মৃতদেহ উদ্ধাৰ - Uttarakhand Rudraprayag news

উত্তৰাখণ্ডত এক শোকাৱহ ঘটনাত প্ৰাণ গ’ল 20 গৰাকীকৈ লোকৰ ৷ পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত সংঘটিত হয় এই ঘটনা ৷ সন্ধানহীন 17 গৰাকী লোক ৷

Uttarakhand Rudraprayag news
Uttarakhand Rudraprayag news
author img

By

Published : Aug 4, 2023, 10:46 PM IST

নেশ্যনেল ডেস্ক, 4 আগষ্ট: উত্তৰাখণ্ডত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ কেদাৰনাথলৈ যোৱাৰ পথত পাহাৰৰ পৰা শিল বাগৰি জীৱন্তে সমাধিস্থ 20 গৰাকীলৈ লোক ৷ পাহাৰৰ পৰা প্ৰকাণ্ড শিল খহি পৰাৰ ফলত নিম্নাংশত থকা দোকানসমূহ হেঁচা মাৰি ধৰে ৷ যাৰ ফলত এই কৰুণ ঘটনা সংঘটিত হয় ৷

Uttarakhand Rudraprayag news
মাত্ৰ তিনিগৰাকী লোকক উদ্ধাৰ কৰিছে SDRFয়ে

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা বজ্ৰপাতৰ ফলত পাহাৰৰ শীৰ্ষত অৱস্থিত এটা শিলৰ এটা অংশ ভাগি পৰে ৷ আৰু সেই শিলে পাহাৰৰ তলত থকা তিনিখন দোকানক হেঁচা মাৰি ধৰে ৷ কেৱল সিমানেই নহয়, কেইবাজনো লোক শিল আৰু ভগ্ন দোকানৰ সৈতে পানীত পৰেগৈ ৷

Uttarakhand Rudraprayag news
প্ৰশাসনৰ উদ্ধাৰ অভিযান অব্যাহত

এই ঘটনা ইমানেই ভয়ংকৰ আৰু শিহৰণকাৰী আছিল যে দোকানৰ ভিতৰত থকা কোনো লোকেই নিৰাপদ স্থানলৈ যোৱাৰো সুযোগ লাভ নকৰিলে ৷ জানিব পৰা মতে সোনপ্ৰয়াগ-গৌৰীকুণ্ড ঘাইপথৰ সমীপৱৰ্তী স্থানত সংঘটিত হয় এই ঘটনা ৷ আনহাতে সেই স্থানৰ কাষৰে বৈ গৈছে মন্দাকিনী নদী ৷ যাৰ বাবে শিলাখণ্ডৰ সৈতে একলগে নদীত পৰিল বহু কেইগৰাকী লোক ৷

Uttarakhand Rudraprayag news
নৈত উটি গ’ল কেইবাজনো লোক

আনহাতে শিলাখণ্ডৰ ওজত যথেষ্ট হোৱাৰ বাবে বহু সময় ধৰি একাংশ লোক তেনেদৰেই পৰি ৰ’ল ৷ পৰৱৰ্তী পৰ্যায়ত প্ৰশাসনৰ সহযোগত চলোৱা হয় উদ্ধাৰ অভিযান ৷ ঘটনাস্থলীৰ পৰা মুঠ 3 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰে প্ৰশাসনে ৷ কিন্তু 17 গৰাকী লোকৰ সন্ধান এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে ৷

ইফালে উদ্ধাৰ অভিযানত প্ৰশাসনে গাফিলতি কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি ঘটনা সংঘটিত হোৱাৰ প্ৰায় 4 ঘণ্টাৰ পাচহে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল ৷ সঠিক সময়ত প্ৰশাসন তৎপৰ হোৱা হ’লে কেইবাগৰাকীও লোকৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন বুলি দাবী কৰিছে স্থানীয় লোকে ৷

স্থানীয় লোকে কয় যে বৃহস্পতিবাৰে নিশা প্ৰায় 12 বজাত এই ঘটনা সংঘটিত হৈছিল ৷ কিন্তু পুৱতি নিশা 4 বজাৰ পৰাহে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল ৷ এই শোকাৱহ ঘটনাত নেপালৰ কেবাজনো লোকো নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Two girls beat up young man: যুৱতীক অনুসৰণ কৰি অশালীন ব্যৱহাৰ যুৱকৰ, ৰাজপথত চেণ্ডেলেৰে প্ৰহাৰ যুৱকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.