ETV Bharat / bharat

14 দিনত ভৰি দিলে উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনাই, অন্তিম পৰ্যায়ত উদ্ধাৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 1:00 PM IST

শনিবাৰে উত্তৰকাশী ছিল্কয়াৰাৰ সুৰংগ দুৰ্ঘটনাই ভৰি দিলে 14 সংখ্যক দিনত । এতিয়াও সুৰংগটোত আৱদ্ধ হৈ থকা 41 জন শ্ৰমিকক উলিয়াব পৰা নাই । আচলতে উদ্ধাৰ অভিযানৰ শেষ পৰ্যায়ত খননৰ সময়ত কিছু সমস্যাৰ সন্মুখীন হৈছে । এই কাৰণে ছিল্কয়াৰা সুৰংগত উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰিবলৈ কিছু সময় লৈছে ।

Rescue operation on 14th day
উত্তৰকাশী ছিল্কয়াৰাৰ সুৰংগ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : 14 দিনত ভৰি দিলে উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত শ্ৰমিক আৱদ্ধ হৈ থকা ঘটনাই । সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আমেৰিকাৰ গধুৰ অগাৰ মেচিনটোৰে খনন কাৰ্য অব্যাহত আছে যদিও বাৰাম্বাৰ বাধাৰ সন্মুখীন হৈছে মেচিনটো । শুকুৰবাৰে সন্ধিয়া 4.30 বজাত মেচিনটোৰে খনন আৰম্ভ কৰা হয় । কিন্তু প্ৰায় এক মিটাৰ খনন হোৱাৰ পাচতেই অগাৰ ড্ৰিলিং মেচিনটোৰ সন্মুখত ৰিবাৰ আৰু লোহাৰ পাইপ অহাৰ ফলত খনন কাৰ্য বন্ধ কৰিবলগীয়া হয় আৰু উদ্ধাৰ অভিযান বন্ধ হৈ পৰে ।

প্ৰত্যাহ্বানমূলক উদ্ধাৰ অভিযান: ছিল্কয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকল ওলাই অহালৈ অপেক্ষা কৰি আছে সকলোৱে । অৱশ্যে এই অপেক্ষাৰ যিকোনো মুহূৰ্ততে অন্ত পৰিব পাৰে । শ্ৰমিকসকল ওলাই অহাৰ অপেক্ষা শেষ হ’বলৈ ওলাওতেই বাধাই অপেক্ষা আৰু অধিক বৃদ্ধি কৰিলে । 800 মিলিমিটাৰ ব্যাসৰ হিউম পাইপবোৰ শ্ৰমিকসকলৰ পৰা একেবাৰে কম দূৰত্বত আছিল ।

10 মিটাৰৰ খনন বৰ্তমানেও বাকী: শুকুৰবাৰে পুনৰ উদ্ধাৰৰ কাম আৰম্ভ হৈছিল আৰু আশা কৰা হৈছিল যে সন্ধিয়াৰ ভিতৰত সকলো শ্ৰমিক নিৰাপদে ওলাই আহিব । কিন্তু বৰ্তমান পৰ্যন্ত কোনো ভাল খবৰ ওলোৱা নাই । এন এইচ আই ডি চি এলৰ জেনেৰেল মেনেজাৰ কৰ্ণেল দীপক পাটিলে কয় যে মেচিনৰ সন্মুখত বাৰে বাৰে লোহাৰ বস্তু অহাৰ বাবে খননৰ কামত প্ৰভাৱ পৰিছে । তেওঁ কয় যে এতিয়ালৈকে 48 মিটাৰলৈকে ড্ৰিলিং কৰা হৈছে আৰু 10 মিটাৰ ড্ৰিলিং বাকী আছে ।

14 দিনত ভৰি দিলে এই সুৰংগ দুৰ্ঘটনাই: 14 দিন উত্তৰকাশী সুৰংগত আৱদ্ধ হৈ আছে 41 জনকৈ শ্ৰমিক ৷ 12 নৱেম্বৰৰ দীপাৱলীৰ পুৱাৰে পৰা চৰ্ধাম পথ প্ৰকল্পৰ নিৰ্মাণৰ কাম চলি থকা সুৰংগটোত আৱদ্ধ হৈ আছে 41 জন শ্ৰমিক । উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত 12 নৱেম্বৰৰ পৰা উদ্ধাৰ অভিযান চলি আছে । দেশৰ লগতে বিশ্বৰ সকলো প্ৰধান দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞই উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত উদ্ধাৰ অভিযানত সহযোগিতা কৰিছে । অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ 14 দিন হোৱাৰ পিচতো উদ্ধাৰ অভিযান সফল নোহোৱাত সৰ্বসাধাৰণৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: ছিল্কিয়া সুৰংগৰ উদ্ধাৰ অভিযান শেহান্তৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.