ETV Bharat / bharat

বাতৰি সংগ্ৰহ কৰিবলৈ গৈ ত্ৰিপুৰাত আক্ৰমণৰ সন্মুখীন সাংবাদিক - ত্ৰিপুৰাত দুস্কৃতিকাৰীৰ আক্ৰমণৰ বলি এগৰাকী সাংবাদিক

ত্ৰিপুৰাত সাংবাদিকক আক্ৰমণ ৷ কাঞ্চনপুৰৰ শান্তিপুৰ গাঁৱত সংঘটিত হোৱা কেলেংকাৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে সাংবাদিক গৰাকী আক্ৰমণৰ সন্মুখীন হয় ৷

reporter attacked while covering scam hospitalized
বাতৰি সংগ্ৰহ কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন সাংবাদিক
author img

By

Published : Mar 26, 2021, 12:49 PM IST

আগৰতলা, 26 মাৰ্চ: বাতৰি সংগ্ৰহৰ বাবে গৈ ত্ৰিপুৰাত দুস্কৃতিকাৰীৰ আক্ৰমণৰ বলি এগৰাকী সাংবাদিক ৷ ত্ৰিপুৰাৰ এখন আগশাৰীৰ বাতৰিকাককত কৰ্মৰত বিকাশ দাসক শাসক দলৰ নেতাৰ এটা গোটে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি কাঞ্চনপুৰ মহকুমাৰ শান্তিপুৰ গাঁৱত কোনো কেলেংকাৰীৰ বাতৰি সংগ্ৰহ কৰাৰ উদ্দেশ্য গৈ সাংবাদিক গৰাকী দুস্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হয় ৷

অভিযোগ অনুসৰি উল্লিখিত গাঁওখনৰ গাঁও সমিতিৰ চেয়াৰমেন সিমুল চাকমাৰ নেতৃত্বত দুস্কৃতিকাৰীৰ এটা দলে চোকা অস্ত্ৰৰে বিকাশ আক্ৰমণ কৰে ৷ মূৰত আঘাত পোৱাৰ বাবেই সাংবাদিক গৰাকীৰ নাকেদি তেজ ব'বলৈ ধৰে বুলি জানিব পৰা গৈছে ৷ ৰ'ড, দা আদিৰে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত বিকাশে সেই ঠাই ত্যাগ কৰি কাষৰে জংঘলত নিজক লুকুৱাই ৰাখে ৷

জানিব পৰা মতে কাষতে ৰখাই থোৱা তেওঁৰ বাহনখনো দুস্কৃতিকাৰীয়ে ভাঙি থৈ যায় ৷ পাছত ৰাস্তাৰে দি যোৱা অন্য বাহনে তেওঁক উদ্ধাৰ কৰে ৷ বৰ্তমনেও চিকিৎসাধীন হৈ আছে সাংবাদিক গৰাকী ৷

লগতে পঢ়ক: হাইব্ৰিড ট্ৰাইচাইকেলৰ পূৰ্ণ অধিকাৰ লাভ কৰিলে আগৰতলাৰ এন আই টিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.