ETV Bharat / bharat

বিশেষজ্ঞৰ দলৰ প্ৰতিবেদনত উন্মোচিত ছিল্কয়াৰা সুৰংগত হোৱা শোকাবহ ঘটনাৰ কাৰণ

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:19 AM IST

ছিল্কয়াৰা সুৰংগত হোৱা শোকাৱহ ঘটনাৰ সন্দৰ্ভত বিস্ফোৰক তথ্য(Silkyara Bend-Barkot tunnel) ৷ ‘‘নিৰ্মাণকাৰী সংস্থাই লোৱা নাছিল উপযুক্ত ব্যৱস্থা তদুপৰিও এন এইচ আই ডি চি এলে নিযুক্তি দিয়া অভিযন্তাৰ পৰা অনুমতি লাভ কৰা নাছিল সুৰংগ নিৰ্মাণকাৰী সংস্থাই(National Highways & Infrastructure Development Corporation Limited) ৷’’ বিশেষজ্ঞৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই কথা ৷

inquiry report of Silakyara tunnel accident
বিশেষজ্ঞৰ দলৰ প্ৰতিবেদনত উন্মোচিত ছিল্কয়াৰা সুৰংগত হোৱা শোকাবহ ঘটনাৰ কাৰণ

নিউজ ডেস্ক, 25 ডিচেম্বৰ : কি কাৰণে উত্তৰকাশীৰ নিৰ্মীয়মান ছিল্কয়াৰা বেণ্ড-বৰকোট সুৰংগত শোকাৱহ ঘটনা সংঘটিত হৈছিল ? 41 জন শ্ৰমিকে কিয় 17 দিনে সুৰংগত আবদ্ধ হৈ থাকিবলগীয়া হ’ল ? সমগ্ৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ক প্ৰাথমিক তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে বিশেষজ্ঞৰ দলে ৷

উল্লেখ্য যে, উত্তৰকাশীৰ নিৰ্মীয়মান ছিল্কয়াৰা সুৰংগত হোৱা শোকাৱহ ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া হৈছিল ছয়জনীয়া বিশেষজ্ঞৰ এটা দল ৷ ইফালে বিশেষজ্ঞৰ এটা দলটোৱে ছিল্কয়াৰাত উপস্থিত হৈছিল 13 ডিচেম্বৰত ৷ তিনিদিন ধৰি দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণবোৰ পুংখানুপুংখভাৱে অনুসন্ধান কৰি দলটো 15 ডিচেম্বৰত দিল্লীলৈ উভতি গৈছিল । তাৰ পাছতে দলটোৱে ঘটনাৰ কাৰণ সন্দৰ্ভত কেইবাপৃষ্ঠাৰ এখন প্ৰতিবেদন দাখিল কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ক ৷

প্ৰতিবেদনত কোৱা হৈছে যে, সুৰংগ নিৰ্মাণকাৰী কোম্পানীটোৱে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড চমুকৈ এন এইচ আই ডি চি এলে নিযুক্তি দিয়া অভিযন্তাৰ পৰা অনুমতি লাভ কৰা নাছিল । সুৰংগটোৰ ভিতৰত চেন্সৰ আৰু সঁজুলিৰ অভাৱো আছিল । যাৰ ফলত প্ৰয়োজনীয় সাৱধানতা অৱলম্বনত বাধাৰ সৃষ্টি হৈছিল ।

তদুপৰিও এন এইচ আই ডি চি এলৰ বিষয়াসকলে সুৰংগ নিৰ্মাণ কাৰ্যৰ বাবে প্ৰয়োজনীয় বিষয়ৰ সন্দৰ্ভত কোনো নিৰীক্ষণ কৰা নাছিল ৷ যাৰ বাবে 12 নৱেম্বৰত সুৰংগটোত ভূমিস্খলনৰ ঘটনা হৈছিল ৷ ফলত 41 জনকৈ শ্ৰমিক আবদ্ধ হৈছিল ৷

নিৰ্মাণকাৰী সংস্থা, এন এইচ আই ডি চি এলৰ গাফিলতিৰ বাবে উত্তৰকাশীৰ নিৰ্মাণাধীন ছিল্কয়াৰাত উক্ত ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি প্ৰাথমিক তদন্ত দাখিল কৰিছে তদন্তকাৰী সংস্থাটোৱে ৷

লগতে পঢ়ক : ছিল্কয়াৰাৰ সুৰংগৰ দুৰ্ঘটনা: উদ্ধাৰ অভিযানত ভাৰতে কঢ়িয়াই আনিলে আন এক কৃতিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.