ETV Bharat / bharat

নিৰ্বাচনী আচৰণ বিধিক ‘মোদী আচৰণ বিধি’ হিচাপে পুনৰ নামকৰণ কৰক : মমতা বেনাৰ্জী

author img

By

Published : Apr 11, 2021, 1:12 PM IST

নিৰ্বাচন আয়োগক লৈ এক ঠাট্টাসূচক সুৰেৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধিক ‘মোদী আচৰণ বিধি’ হিচাপে পুনৰ নামকৰণ কৰা উচিত । শনিবাৰে ৰাজ্যখনত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত চাৰিগৰাকী লোকৰ প্ৰাণ লোৱা হিংসাত্মক ঘটনাৰ পাচতে নিৰ্বাচন আয়োগে পৰৱৰ্তী 72 ঘণ্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰে ৷ তাৰ পাচতেই এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে ৷

Mamata Banerjee
মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক,11 এপ্ৰিল : পশ্চিমবংগত শনিবাৰে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত চাৰিগৰাকীৰ প্ৰাণ লোৱা হিংসাত্মক ঘটনাৰ পাচত নিৰ্বাচন আয়োগে পৰৱৰ্তী 72 ঘণ্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰে ৷ এই ঘটনাৰ অন্তত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগত উপহাস কৰি কয় যে, নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধিক ‘মোদী আচৰণ বিধি’ হিচাপে পুনৰ নামকৰণ কৰা উচিত ।

লগতে তেওঁ কয় যে, ‘‘বিজেপিয়ে সকলো শক্তি ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোক মোৰ মানুহৰ সৈতে সুখ-দুখ ভাগ-বতৰা কৰাত বাধা দিব নোৱাৰে । তেওঁলোকে মোক কোচবিহাৰত মোৰ ভাই-ভনীসকলক তিনিদিনৰ বাবে লগ ধৰাত বাধা দিলেও মই চতুৰ্থ দিনত তাত উপস্থিত হম’’ ৷

দেওবাৰে গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে কোচবিহাৰত এক প্ৰতিবাদী সমদল অনুষ্ঠিত কৰিব আৰু মৃতকৰ ঘৰত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশানুসৰি কোনো দলৰ কোনো ৰাজনৈতিক নেতাক পৰৱৰ্তী 72 ঘণ্টাৰ বাবে কোচবিহাৰৰ ভৌগোলিক সীমাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া উচিত নহয় ৷ কিয়নো শনিবাৰে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত হোৱা নিৰ্বাচনী হিংসাত চাৰিগৰাকী লোক নিহত হয় ।

নিৰ্বাচন আয়োগে জনোৱা মতে, মৃত চাৰিগৰাকী ব্যক্তিৰ অন্তিম সংস্কাৰ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই ৷ ৰাজনৈতিক নেতাসকলে নিহত কেইগৰাকীৰ পৰিয়ালৰ সৈতে শোক প্ৰকাশ কৰাৰ উদ্দেশ্যে কোচবিহাৰত উপস্থিত হ’ব পাৰে ৷ ইয়াৰ ফলস্বৰূপে এই ঠাই আৰু কাষৰীয়া স্থানসমূহতো আইন-শৃংখলা সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

লগতে পঢ়ক : জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.