ETV Bharat / bharat

Bharat Gourav Award to Ratan Tata : ৰতন টাটালৈ ইষ্ট বেংগল ক্লাবৰ ভাৰত গৌৰৱ বঁটা - Neeta Ambani to be awarded Bharat Gaurav

ৰটন টাটালৈ এই বছৰৰ ইষ্ট বেংগল ক্লাবৰ ভাৰত গৌৰৱ বঁটা । আনহাতে, অহা বছৰৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে নীতা আম্বানিক ।

Bharat Gourav Award to Ratan Tata
Bharat Gourav Award to Ratan Tata
author img

By

Published : Jul 28, 2023, 1:17 PM IST

নিউজ ডেস্ক, ২৮ জুলাই : ভাৰতৰ ব্যৱসায়িক সম্ৰাট ৰতন টাটাক ইষ্ট বেংগল ক্লাবে এই বছৰ প্ৰদান কৰিব 'ভাৰত গৌৰৱ' বঁটা । আনহাতে, নীতা আম্বানিক অহা বছৰ 'ভাৰত গৌৰৱ' বঁটা প্ৰদানৰ কৰা নিৰ্বাচন কৰা হৈছে । বিগত বছৰবোৰৰ দৰে কলকাতাৰ এই ঐতিহ্যমণ্ডিত ক্লাবটোৱে ১ আগষ্টত ক্লাবটোৰ প্ৰতিষ্ঠা দিৱসত এক গৌৰৱময় অনুষ্ঠান আয়োজন কৰিব ।

এই অনুষ্ঠানটো কলকাতাৰ ক্ষুদিৰাম অনুশীলন কেন্দ্ৰত অনুষ্ঠিত হ'ব । এই অনুষ্ঠানতে ফুটবলৰ ৰঙা-হালধীয়া ক্লাবটোৱে ভাৰতীয় ফুটবলত তেওঁৰ অপৰিসীম সমৰ্থন আৰু প্ৰভাৱৰ বাবে ৰতন টাটাক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লয় । আনহাতে, টাটাৰ উপৰি আন কেইবাজনো প্ৰাক্তন তাৰকাকো এই অনুষ্ঠানতে সন্মানিত কৰা হ'ব ।

ৰতন টাটাক 'ভাৰত গৌৰৱ' প্ৰদান কৰাৰ সন্দৰ্ভত ক্লাবটোৰ মুখ্য বিষয়া দেৱব্ৰত সৰকাৰে কয়, "ভাৰতীয় ফুটবললৈ ৰতন টাটাৰ অৱদান অনস্বীকাৰ্য । টাটা ফুটবল একাডেমীৰ বহুতো ফুটবলাৰে দীৰ্ঘদিন ধৰি ইষ্ট বেংগল ক্লাবৰ হৈ খেলিছে । ভাৰতীয় ফুটবলত টাটা ফুটবল একাডেমীৰ স্নাতকৰ সংখ্যা গণনা কৰিব নোৱাৰি। সেয়েহে আমি এই মূল্যৱান পুৰস্কাৰৰ বাবে সফল ক্ৰীড়া প্ৰশাসক ৰতন টাটাক বাছনি কৰোঁ ।"

উল্লেখ্য, মোহন বাগান দিৱসৰ মাত্ৰ দুদিন পূৰ্বে ইষ্ট বেংগলৰ বিষয়াসকলে ৰতন টাটাক সম্বৰ্ধনা জনোৱাৰ বাতৰি প্ৰকাশ কৰে । আনহাতে, ফুটবলপ্ৰেমীসকলে এই সন্দৰ্ভত কৈছে যে এইটো এটা ঐতিহাসিক সিদ্ধান্ত ।

উল্লেখ্য যে, 'চিটি অব জয়'ৰ এই দুটা ডাঙৰ প্ৰতিদ্বন্দ্বীৰ মাজত হোৱা এই শীতল যুদ্ধই কোভিডৰ পিছত কলকাতা ময়দানক পুনৰ জীৱন্ত কৰি তুলিছে । ইয়াৰ উপৰি প্ৰাক্তন ফুটবলাৰ তৰুণ বসু আৰু ক্ৰিকেটাৰ অৰূপ ভট্টাচাৰ্যক জীৱনজোৰা সাধনা বঁটাৰে সম্বৰ্ধনা জনোৱা হ'ব । ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ ক্লেটন চিলভাই বছৰটোৰ শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটা লাভ কৰিব । নৌৰেম মহেশ সিঙে আটাইতকৈ প্ৰতিশ্ৰুতিৱান ফুটবলাৰৰ বঁটা লাভ কৰিব ।

অৱশ্যে প্ৰবীণ উদ্যোগপতিজনে প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব । কিন্তু ইষ্ট বেংগলৰ সন্মান ল'বলৈ তেওঁ সন্মত হৈছে । ইষ্ট বেংগলৰ বিষয়াসকলে আশা কৰিছে যে, ৰতন টাটাই অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলেও ভিডিঅ' বাৰ্তা বা পত্ৰ প্ৰেৰণ কৰিব পাৰে । এই অনুষ্ঠান উপলক্ষে বহু লোকক আমন্ত্ৰণ জনোৱা হৈছে ।

অৱশ্যে সৌৰভ গাংগুলীয়ে নিমন্ত্ৰণ পোৱাৰ পাছতো উপস্থিত থাকিব নোৱাৰিব । উল্লেখ্য যে পূৰ্বতে যুৱৰাজ সিং আৰু মহিন্দৰ অমৰনাথক এই বছৰ প্ৰথমে 'ভাৰত গৌৰৱ' বঁটা প্ৰদানৰ কথা ভবা হৈছিল । তেওঁলোক দুয়ো বৰ্তমান বিদেশত আছে । বিশ্বনাথন আনন্দৰ নামো উল্লেখ কৰা হৈছে । কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এই বিশেষ সন্মানৰ বাবে ৰতন টাটাক নিৰ্বাচিত কৰা হয় ।

লগতে পঢ়ক :IAF Pilot Dalip Singh Majithia : ১০৩ বছৰ সম্পূৰ্ণ কৰিলে অৱসৰপ্ৰাপ্ত যুঁজাৰু পাইলট দালীপ সিং মজিথিয়াই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.