নেচনেল ডেস্ক: এটা এন্দুৰৰ বাবেই গুজৰাটৰ আহমদাবাদ চহৰত সংঘটিত হল লংকাকাণ্ড । হয় এটা এন্দুৰে সংঘটিত কৰা এক ভয়ানক অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হ’ল এটা ঘৰ, নগদ টকা আৰু বহু লাখ টকাৰ সম্পত্তি । ঘটনাটো সংঘটিত হৈছে আহমেদাবাদৰ হটকেশ্বৰ অঞ্চলত (Rat triggers fire in a House)। আবাসীৰ মতে, ঘৰটোৰ চৌহদত থকা মন্দিৰৰ পৰাই সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ ।
মন্দিৰত জ্বলি থকা চাকি এগচিৰ শলিতা এটা এন্দুৰে টানি লৈ যায় আৰু তাৰ ফলত ঘৰটোৰ বিভিন্ন ঠাইত জুই লাগে । কিছু সময়ৰ ভিতৰতেই এই জুই বিয়পি পৰে আৰু সমগ্ৰ ঘৰটোক জুয়ে আগুৰি ধৰে । যদিও অগ্নি নিৰ্বাপক বাহিনী সময়তে আহে তথাপিও ঘৰটোক জুইৰ গ্ৰাসৰ পৰা বচাবলৈ সক্ষম নহ’ল । আবাসীসকলৰ মতে ঘৰটোত বহু কাপোৰৰ সামগ্ৰী থকাৰ বাবে জুই কম সময়ৰ ভিতৰতে সমগ্ৰ ঘৰটোলৈ বিয়পি পৰে ।
ঘৰটোৰ মালিক বিনোড ভাইৰ মতে এই জুইৰ ফলত ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপৰিও, কমেও নগদ দুই লাখ টকা, আৰু বহু সা-সামগ্ৰীও জুইত জাহ যায় । এই অগ্নিকাণ্ডৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই ।
লগতে পঢ়ক: মেকুৰী হত্যাৰ বাবে দিয়া হ’ল গোচৰ