ETV Bharat / bharat

পৰ্যটকৰ বাবে পুনৰ মুকলি ৰামোজী ফিল্ম চিটি: প্ৰথম দিনটোতেই পৰ্যটকৰ ভিৰ

author img

By

Published : Feb 18, 2021, 11:04 PM IST

পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ল ৰামোজী ফিল্ম চিটি ৷ বৃহস্পতিবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় হায়দৰাবাদস্থিত চিনেমাৰ যাদু নগৰীক ৷ পুনৰ মুকলি হোৱাৰ প্ৰথম দিনটোতেই ক'ভিড-19 সম্পৰ্কীয় সম্পূৰ্ণ অধিনিয়ম মানি ফিল্ম চিটিৰ মনোমোহা দৃশ্যৰ আমেজ ল'লে বহু পৰ্যটকে ৷

Ramoji Film City sees influx of tourists on reopening

নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী: ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰামোজী ফিল্ম চিটিক বৃহস্পতিবাৰে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় ৷

হাইদৰাবাদত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি হিচাপে খ্যাত চিনেমাৰ যাদু নগৰী ৰামোজী ফিল্ম চিটি l পুনৰ মুকলি কৰি দিয়াৰ প্ৰথম দিনটোতেই যথেষ্ট সংখ্যক পৰ্যটকৰ আগমণ পৰিলক্ষিত হয় ৷

ইতিমধ্যে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ বৃহত্তম ফিল্ম চিটি হিচাপে স্বীকৃতি দিয়া ৰামোজী ফিল্ম চিটিলৈ প্ৰথম দিনটোতেই প্ৰায় হাজাৰৰো অধিক পৰ্যটকে আহি ভিৰ কৰেহি ৷

উল্লেখ্য যে ক'ভিড-19 অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি সকলো ক'ভিড-19 অধিনিয়ম মানি চলা হৈছে ৷ এন্টাৰটেইনমেন্ট জ'নতো পৰ্যটক সকলৰ মাজত সামাজিক ব্যৱধান ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰা হৈছে ৷ যিসমূহ অঞ্চলত সামাজিক ব্যৱধান মানি চলাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি আশংকা কৰা হৈছে, সেই অঞ্চলসমূহো নিয়মিতভাৱে চেনিটাইজ কৰা হৈছে ৷ ইয়াৰ উপৰিও পৰ্যটক সকলক পথ প্ৰদৰ্শন কৰোৱাৰ উদ্দেশ্যে প্ৰশিক্ষণপ্ৰাপ্ত গাইডৰো ব্যৱস্থা কৰা হৈছে ৷

প্ৰায় 2000 একৰ ভূমিত বিস্তৃত হৈ থকা ৰামোজী ফিল্ম চিটি থিমেটিক আকৰ্ষণ, মেক-বিলিফ লোকেলচ, ষ্ট্ৰাইকিঙ উদ্যান, কাচকেডিঙ ফাউন্টেনৰ লগতে অন্য বহু বস্তুৰ বাবে জনাজাত ৷ বিশেষভাৱে সজ্জিত বাহনত পৰ্যটক সকলৰ বাবে ৰামোজী ফিল্ম চিটিত দৰ্শনৰ ব্যৱস্থা আছে ৷ ষ্পিৰিট অফ ৰামোজী খ্যাত ৰঙ বিৰঙী অনুষ্ঠানৰ উপৰিও ব্লকবাষ্টাৰ ছবি বাহুবলীৰ দৃশ্যগ্ৰহণস্থলীয়েও পৰ্যটক সকলক আগ্ৰহী কৰি তোলা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক: 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.