ETV Bharat / bharat

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল কৰ’ণাত আক্ৰান্ত

author img

By

Published : Apr 21, 2021, 7:50 PM IST

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি । টুইটযোগে মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে । টুইটৰ জৰিয়তে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক'ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনায় ।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ প'খৰিয়াল কৰ'ণাত আক্ৰান্ত

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল: ক'ভিড-১৯ ত আক্ৰান্ত হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক । বুধবাৰে টুইটযোগে মন্ত্ৰীগৰাকীয়ে কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দিয়ে । তেওঁ কয় যে, বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ আৰু চিকিৎসা গ্ৰহণ কৰি আছে ।

শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক'ভিড পৰীক্ষা কৰিবলৈও আহ্বান জনায় । তেওঁ লগতে আশ্বাস দিয়ে যে, প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি শিক্ষা মন্ত্ৰালয়ৰ কাম-কাজ পৰিচালনা কৰি থকা হৈছে ।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ প'খৰিয়াল কৰ'ণাত আক্ৰান্ত
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল কৰ’ণাত আক্ৰান্ত

উল্লেখ্য যে, বুধবাৰে ভাৰতত প্ৰায় ৩ লাখ লোক নতুনকৈ মহামাৰীবিধত আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, ভাৰতত ২,৯৫,০৪১ টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । লগতে ২,০২৩ জন ৰোগীয়ে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ।

বৰ্তমান দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৫৬,১৬,১৩০ জনলৈ বৃদ্ধি হৈছে আৰু ২১,৫৭,৫৩৮টা ঘটনা সক্ৰিয় হৈ আছে । এতিয়ালৈকে প্ৰায় ১,৩২,৭৬,০৩৯ জন লোক আৰোগ্য হৈ উঠিছে । যোৱা ২৪ ঘণ্টাত ১,৬৭,৪৫৭ জন সুস্থ হৈছে । আনহাতে, মহামাৰীয়ে প্ৰাণ কাঢ়িছে ১,৮২,৫৫৩ জন লোকৰ ।

লগতে পঢ়ক: ডিফুৰ পাৰখোৱাত সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.