ETV Bharat / bharat

অযোধ্যা পালেহি শিল্পী অৰুণ যোগীৰাজৰ দ্বাৰা নিৰ্মিত ৰামৰ মূৰ্তি

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 11:54 AM IST

মহীশূৰৰ বিশিষ্ট শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা এই ৰামৰ মূৰ্তিটো অতি আকৰ্ষণীয় আৰু ইতিমধ্যে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে মূৰ্তিটোৰ যথেষ্ট প্ৰশংসা কৰিছে (Ram Lalla Idol)। বৈদিক নীতি নিময়ৰ মাজেৰে মূৰ্তিটো ৰাম মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হৈছে । গৰ্ভগৃহত আজিয়ে মূৰ্তিটো স্থাপন কৰাৰ সম্ভাৱনা আছে ।

Ayodhya temple
অযোধ্যা পালেহি শিল্পী অৰুণ যোগীৰাজৰ দ্বাৰা নিৰ্মিত ৰামৰ মূৰ্তি

নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী : অহা ২২ জানুৱাৰীত অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ মুকলি কৰা হ'ব । ইতিমধ্যে অভিষেক অনুষ্ঠানৰ প্ৰাকক্ষণত বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰা হৈছে । তাৰ অংশ হিচাপে বৃহস্পতিবাৰে পুৱতি নিশা নিৰ্দিষ্ট পূজা অৰ্চনা জৰিয়তে ভগৱান ৰামৰ মূৰ্তি গৰ্ভগৃহলৈ লৈ যোৱা হয় । জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ ৰাম মন্দিৰ । বৃহৎ ক্ৰেনৰ জৰিয়তে মূৰ্তিটো গৰ্ভগৃহৰ ভিতৰলৈ লৈ যোৱা হয় ।

এই বিশেষ মুহূৰ্তত ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰাই কয় যে বৃহস্পতিবাৰেই গৰ্ভগৃহত মূৰ্তিটো স্থাপন কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে ভগৱান ৰামৰ মূৰ্তিটো এখন ট্ৰাকত মন্দিৰলৈ অনা হৈছিল । ৰাম মন্দিৰত ২২ জানুৱাৰীৰ অভিষেক অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত ইতিমধ্যে ৭ দিনীয়া ৰীতি-নীতি আৰম্ভ হৈছে । বুধবাৰে এক 'কলশ পুজন' অনুষ্ঠিত কৰা হৈছিল আৰু তাৰ লগে লগে কেইবাটাও ৰীতি-নীতিৰ আৰম্ভ কৰা হয় ।

মহীশূৰৰ শিল্পী অৰুণ যোগীৰাজৰ দ্বাৰা নিৰ্মিত ৰামৰ মূৰ্তিটো গৰ্ভগৃহত স্থাপনৰ বাবে বাছনি কৰা হৈছিল । ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে ৰামৰ মূৰ্তিৰ প্ৰশংসা কৰি কয় যে মূৰ্তিটোত ভগৱান ৰামৰ চকু পদুমৰ পাহিৰ দৰে আৰু তেওঁৰ মুখখন চন্দ্ৰৰ দৰে জিলিকি থকা বুলি অভিহিত কৰে । ওঁঠত শান্ত হাঁহি থকাৰ সময়তে তেওঁৰ দীঘল বাহুবোৰ আঁঠুলৈকে বিস্তাৰিত হৈ আছে । ৰামৰ এক অন্তৰ্নিহিত ঐশ্বৰিক শান্তি আৰু এক মন্ত্ৰ-বান্ধনী চেহেৰা মূৰ্তিটো স্পষ্ট বুলি তেওঁ উল্লেখ কৰে ।

ৰাম মন্দিৰ ন্যাসৰ একাংশ বিষয়াৰ মতে এই অনুষ্ঠানবোৰ ২১ জানুৱাৰীলৈকে অব্যাহত থাকিব । অভিষেকৰ দিনা ৰামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় নিম্নতম অত্যাৱশ্যকীয় ৰীতি-নীতি ১২১ গৰাকী আচাৰ্যৰ নেতৃত্বত পৰিচালনা কৰা হ'ব । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ২২ জানুৱাৰীৰ দুপৰীয়া ১২:২০ বজাত আৰম্ভ হ'ব আৰু দুপৰীয়া ১ বজাৰ ভিতৰত শেষ হ'ব বুলি আশা কৰা হৈছে ।

অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে প্ৰস্তুতি তীব্ৰগতিত চলি আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাজনীতিবিদ, উদ্যোগপতি, সাধু-সন্ত আৰু প্ৰসিদ্ধ ব্যক্তিসহ ৭,০০০ ৰো অধিক লোক ।

লগতে পঢ়ক :ভক্তিৰ সাগৰলৈ ৰূপান্তৰিত হৈছে অযোধ্যা, জ্বলিছে 108 ফুট দীঘল ধূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.