ETV Bharat / bharat

Raksha Bandhan special: ভগ্নীৰ স্মৃতিত ৰাখীৰ দিনা মহিলাসকলক বিনামূলীয়াকৈ যাত্ৰা প্ৰদান এজন অটো চালক ভাতৃৰ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:26 PM IST

ভাতৃ-ভগ্নীৰ স্নেহৰ দিন পবিত্ৰ ৰাখী বন্ধন ৷ 'ৰাখী বন্ধন' শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল "ৰক্ষাৰ বান্ধোন ।" এই দিনটোত ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী পিন্ধাই মংগল কামনা কৰে ৷ আনহাতে ভাতৃয়ে তেওঁ আজীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ এই দিনটোতে যোধপুৰৰ অটো চালক ধনৰাজ দধিচে ভগ্নীৰ স্মৃতিত বিগত ৭ বছৰে মহিলাসকলক বিনামূলীয়াকৈ যাত্ৰাৰ ব্যৱস্থা কৰি আহিছে ৷ ২২ বছৰ পূৰ্বে মৃত্যু হৈছিল তেওঁৰ ভগ্নীৰ ৷

Raksha Bandhan special
ভগ্নীৰ স্মৃতিত ৰাখীৰ দিনা মহিলাসকলক বিনামূলীয়াকৈ যাত্ৰা প্ৰদান কৰে এজন অটো চালকে

নিউজ ডেস্ক, ৩০ আগষ্ট: ভাতৃ-ভগ্নীৰ অটুট সম্পৰ্কৰ দিন ৰাখী বন্ধন ৷ ৰাখী ডালতেই লুকাই থাকে ভগ্নীৰ মৰম, চেনেহ, ভালপোৱাৰ লগতে ভাতৃৰ মংগলকামনা । ভাতৃয়ে ভগ্নীৰ ৰাখী পিন্ধি আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । ৰাজস্থানৰ এগৰাকী ৰিক্সাচালকে ভাই-ভনীৰ মাজৰ বন্ধন এই দিনটো অনন্য ৰূপত উদযাপন কৰে । প্ৰয়াত ভগ্নীৰ স্মৃতিত তেওঁ এই দিনটোত মহিলা যাত্ৰীসকলক বিনামূলীয়াকৈ যাত্ৰাৰ ব্যৱস্থা কৰে ।

পবিত্ৰ শ্ৰৱণ মাহত অহা ৰাখী বন্ধনৰ দিনা ৰাজস্থান চৰকাৰে মহিলাসকলক ৰাজস্থান ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছত বিনামূলীয়াকৈ যাত্ৰা কৰাৰ অনুমতি দিয়ে । ৰাজ্য চৰকাৰৰ বাবে বিনামূলীয়াকৈ যাত্ৰা দিয়াটো হয়তো ডাঙৰ কথা নহ’বও পাৰে, কিন্তু বিগত সাত বছৰে এই কাম কৰি অহা অটো চালক ধনৰাজ দাধিচৰ বাবে সেয়া প্ৰশংসনীয় । ধনৰাজ দাধিচে ইটিভি ভাৰতক জনোৱা মতে, তেওঁৰ ভগ্নী ‘বেবী’ৰ ২২ বছৰ পূৰ্বে মৃত্যু হয় ।

"তাই মোৰ একমাত্ৰ ভগ্নী আছিল । হাৰ্ট এটেকত তাইৰ মৃত্যু হৈছিল । মই এই ৰিক্সাখন সাত বছৰ আগতে কিনিছিলো আৰু সিদ্ধান্ত লৈছিলো যিহেতু মোৰ এতিয়া ভগ্নী নাই, গতিকে মই যোধপুৰৰ সকলো ভগ্নীক এই দিনটোত প্ৰতি বছৰে বিনামূলীয়া সেৱা আগবঢ়াম ।" ধনৰাজ দাধিচে কয় ৷ তেওঁ লগতে কয়, এই দিনটোত মই মোৰ ভগ্নীক আৰু বেছি মিছ কৰো । গতিকে শ্ৰদ্ধাঞ্জলি হিচাপে ৰাখী বন্ধন উপলক্ষে সকলো ভগ্নীৰ বাবে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ বিনামূলীয়া অটো সেৱা আগবঢ়াইছো ।

ধনৰাজে জনোৱা মতে, বিগত সাত বছৰত তেওঁ মহিলাসকলক ৰাখী বন্ধনৰ সময়ত ৪০০-৫০০ বিনামূলীয়া যাত্ৰাৰ ব্যৱস্থা কৰিছে । ধনৰাজে লগতে দুখ প্ৰকাশ কৰে যে তেওঁৰ কোনো ‘ভগ্নী’ যাত্ৰীয়ে তেওঁক কেতিয়াও ৰাখী পিন্ধোৱা নাই ।

"মহিলাসকলে ফোন কৰি কয় যে ৰক্ষা বন্ধনৰ বাবে তেওঁলোকে নিজৰ ভাতৃৰ ঘৰলৈ যোৱাটো প্ৰয়োজন । কিন্তু কোনোৱে এবাৰো মোক সোধা নাই যে তেওঁলোকে ৰাখী বান্ধি মোক ভাই বুলি ক'ব পাৰে নেকি ।"

লগতে পঢ়ক: Raksha Bandhan 2023: শিল্পীয়ে অভিনৱ ৰাখী তৈয়াৰেৰে বিশ্ব ৰেকৰ্ড গঢ়ি 2023 বৰ্ষৰ ৰাখী বন্ধনক দিলে এক নতুন মাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.