ETV Bharat / bharat

নিশীথ প্ৰামানিকৰ নাগৰিকত্বকলৈ প্ৰশ্ন টিএমচিৰ সাংসদৰ

কেন্দ্ৰীয় ৰাজ্যিক ৰাজ্যিক গৃহমন্ত্ৰী নিশীথ প্ৰামানিকৰ নাগৰিকত্বক লৈ প্ৰশ্ন টিএমচি(TMC)ৰ সাংসদ সুখেন্দু শেখৰ ৰয়ৰ । বিজেপি নেতা তথা মন্ত্ৰী পীযুষ গোৱেলে (Piyush Goyel) এই বিষয়টোৰ বিৰোধীতা কৰি প্ৰামানিক এগৰাকী ৰাজ্যিক মন্ত্ৰী বুলি বিষয়টো খণ্ডণ কৰে ।

author img

By

Published : Jul 20, 2021, 12:28 PM IST

TMC MP questions nationality of MoS Home Affairs
নিশীথ প্ৰামানিকৰ নাগৰিকত্বকলৈ প্ৰশ্ন টিএমচিৰ সাংসদৰ

নেশ্যনেল ডেস্ক, ২০ জুলাই : সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মন্ত্ৰী চৰ্চাত আছে । তেওঁ হৈছে নিশীথ প্ৰামানিক (Nisith Pramanik)। শেহতীয়াকৈ মোডীৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী হিচাপে স্থান লাভ কৰিছে এইগৰাকী নিশীথ প্ৰামানিকে । কিন্তু তেওঁ এগৰাকী বাংলাদেশী নাগৰিক বুলি অভিযোগ কৰিছিল একাংশ সাংসদে । তাৰ পিছৰে পৰা দেশজুৰি চৰ্চাত আছে বিজেপি নেতাগৰাকী ।

চলিত বৰ্ষাকালীন অধিৱেশনত (Parliament monsoon session) বিশেষ চৰ্চা লাভ কৰিছে এই বিষয়টোৱে । পশ্চিম বংগৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ (TMC) সাংসদ সুখেন্দু শেখৰ ৰয়ে (Sukhendu Sekhar Ray) সংসদত দিয়া ভাষণ প্ৰসংগত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছিল যে দেশৰ গৃহ ৰাজ্যিক মন্ত্ৰী এগৰাকী বাংলাদেশী বুলি জানিব পৰা গৈছে । নিয়ম ২৪৯ ৰ উদ্ধৃতি দি তেওঁ কৈছিল যে, প্ৰধানমন্ত্ৰীক কেবিনেট ৰদবদলৰ আগতে মন্ত্ৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ অনুমতি দিয়া হৈছিল । ৱিকিপিডিয়াৰ জৰিয়তে যিকোনো ব্যক্তিয়ে মন্ত্ৰীগৰাকীৰ ৰাষ্ট্ৰীয়তাৰ ওপৰত গুৰুত্ব দিছিল নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

অৱশ্যে সদনৰ উপাধ্যক্ষই সাংসদগৰাকীৰ এই পইণ্ট অব অৰ্ডাৰ গ্ৰহণযোগ্য নহ'ব বুলি ঘোষণা কৰিছিল । বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেও (Mallikarjun Kharge) সাংসদ সুখেন্দু শেখৰ ৰয়ক সমৰ্থন জনাইছিল আৰু নিশীথ প্ৰামানিক বাংলাদেশী হয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছিল ।

ইফালে বিজেপি নেতা তথা মন্ত্ৰী পীযুষ গোৱেলে এই বিষয়টোৰ বিৰোধীতা কৰি প্ৰামানিক এগৰাকী ৰাজ্যিক মন্ত্ৰী বুলি বিষয়টো খণ্ডণ কৰিছিল । তেওঁ লগতে কয় যে প্ৰামানিক এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ লোক আৰু তেওঁক এনেদৰে আক্ৰমণ কৰাটো দুৰ্ভাগ্যজনক আখ্যা মন্ত্ৰীগৰাকীৰ । উল্লেখ্য যে অসম,পশ্চিম বংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালাৰ বিধানসভা নিৰ্বাচনৰ পিছত এইটো হৈছে প্ৰথম খন অধিৱেশন । এই অধিৱেশনৰ সময়ত মুঠ ৩১ খন বিধেয়ক গ্ৰহণ কৰা হ'ব বুলি আশা কৰা হৈছে ।

১৩ আগষ্টলৈকে চলিবলগীয়া এই অধিৱেশনত বিৰোধীয়ে মূল্যবৃদ্ধি (Price hike) আৰু ক'ভিড (Covid) মহামাৰীকলৈ কেন্দ্ৰীয় চৰকাৰক উভতি ধৰিবলৈ সাজু হৈছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :সংসদৰ বৰ্ষাকালীন অধিৱেশন: বিজেপিৰ সংসদীয় দলৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.