ETV Bharat / bharat

Delhi Services Bill : সংসদত গৃহীত হ’ল বিতৰ্কিত দিল্লী সেৱা বিধেয়ক - দিল্লী সেৱা বিধেয়ক

ৰাজ্যসভাই সোমবাৰে বিতৰ্কিত দিল্লী সেৱা বিধেয়ক গৃহীত কৰে ৷ বিধেয়কখনে ৰাজ্যসভাত ১৩১ জন সাংসদৰ সমৰ্থন লাভ কৰে ৷ ইয়াৰ পূৰ্বে ৰাজ্যসভাত ভাষণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিধেয়কখন জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰিবলৈহে অনা হৈছে; আপ চৰকাৰৰ ক্ষমতা হস্তগত নহয় ৷

Delhi services bill
গৃহীত হ’ল বিতৰ্কিত দিল্লী সেৱা বিধেয়ক
author img

By

Published : Aug 7, 2023, 11:02 PM IST

নিউজ ডেস্ক, 7 আগষ্ট : ৰাজ্যসভাই সোমবাৰে বিতৰ্কিত দিল্লী সেৱা বিধেয়ক গৃহীত কৰে ৷ বিধেয়কখনে ৰাজ্যসভাত ১৩১ জন সাংসদৰ সমৰ্থন লাভ কৰে ৷ লগতে ১০২ জন সদস্যই এই বিধেয়কৰ বিৰোধিতা কৰে ৷ বিধেয়কখন যোৱা সপ্তাহত লোকসভাৰ দ্বাৰা গৃহীত হৈছিল ৷

ইয়াৰ পূৰ্বে ৰাজ্যসভাত ভাষণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিধেয়কখন জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰিবলৈহে অনা হৈছে; আপ চৰকাৰৰ ক্ষমতা হস্তগত নহয় ৷

দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৩ সন্দৰ্ভত এক বিতৰ্কৰ উত্তৰ দি শ্বাহে আশ্বাস দিয়ে যে উচ্চ সদনৰ উদ্দেশ্য হৈছে "কেৱল আৰু কেৱল দক্ষ, দুৰ্নীতিমুক্ত শাসন আৰু জনপ্ৰিয় চৰকাৰ প্ৰদান কৰা।" লগতে তেওঁ সদস্যসকলক আশ্বাস দিয়ে যে কংগ্ৰেছ শাসনৰ পিছৰে পৰা প্ৰচলিত ব্যৱস্থাটোৰ মৰ্যাদা সলনি কৰা এটাও বিধান নাই ৷

গৃহমন্ত্ৰী অমিত শ্বাহে দৃঢ়তাৰে কয় যে, বিধেয়কখন সাংবিধানিকভাৱে বৈধ আৰু ই উচ্চতম ন্যায়ালয়ৰ ৰায়ক কোনো দিশৰ পৰা উলংঘা নকৰে ৷ তেওঁ কয় যে, দিল্লী আন ৰাজ্যতকৈ পৃথক কিয়নো ইয়াত সংসদ, দূতাবাস, উচ্চতম ন্যায়ালয় আৰু নিয়মীয়াকৈ বিভিন্ন দেশৰ বহুতো ৰাজ্যৰ মুৰব্বীয়ে ৰাষ্ট্ৰীয় ৰাজধানী ভ্ৰমণ কৰে ৷ সেয়েহে, দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হ’ল ৷

তেওঁ কয়, "দিল্লী হৈছে সীমিত ক্ষমতা থকা বিধানসভা থকা এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ভৱিষ্যতে, যিজনে দিল্লীত নিৰ্বাচনত যুঁজ দিয়ে, তেওঁ এই চৰিত্ৰটো বুজিব লাগিব ৷ তেওঁ কয়, "আমি ক্ষমতা দখলৰ বাবে বিধেয়কখন অনা নাই ৷ কেন্দ্ৰৰ ক্ষমতাৰ ওপৰত দিল্লী চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰাৰ বাবেই এই বিধেয়ক অনা হৈছে ।"

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সদস্যসকলে সোমবাৰে বিধেয়কখনক লৈ ৰাজ্যসভাত কেন্দ্ৰক সমালোচনা কৰি কয় যে প্ৰস্তাৱিত আইনখন "অসাংবিধানিক" আৰু ফেডাৰেলিজমৰ চেতনাৰ বিৰুদ্ধে ৷ বিৰোধীয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিআৰএছৰ পৰাও সমৰ্থন লাভ কৰে ৷

বিতৰ্কৰ আৰম্ভণি কৰি কংগ্ৰেছ নেতা তথা প্ৰসিদ্ধ অধিবক্তা অভিষেক সিংভিয়ে দিল্লী সেৱা বিধেয়কক "অসাংবিধানিক" আৰু "গণতন্ত্ৰ বিৰোধী" বুলি অভিহিত কৰে আৰু সকলো বিৰোধী দলক ইয়াৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷ ইফালে পি চিদাম্বৰমে এই সন্দৰ্ভত কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি বিধেয়কখনক “অসাংবিধানিক” বুলি অভিহিত কৰে ৷

আপৰ নেতা ৰাঘৱ চাড্ডাই কয় যে, দিল্লী সেৱা বিধেয়ক খন ৰাষ্ট্ৰীয় ৰাজধানীত নিৰ্বাচিত চৰকাৰৰ ক্ষমতা কাঢ়ি নিয়াৰ লক্ষ্যৰে এক "ৰাজনৈতিক প্ৰৱঞ্চনা" আৰু "সাংবিধানিক পাপ" ৷ তেওঁ বিধেয়কখনক সদনত "এতিয়ালৈকে উপস্থাপন কৰা আটাইতকৈ সংবিধান বিৰোধী, অবৈধ, অগণতান্ত্ৰিক আইন" বুলি অভিহিত কৰে ৷

লগতে পঢ়ক : SC on cheetah deaths : চৰকাৰক অবিশ্বাস কৰাৰ কোনো কাৰণ নাই; চিতাৰ মৃত্যু সন্দৰ্ভত উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.