ETV Bharat / bharat

Rajasthan political crisis : কংগ্ৰেছ পৰ্যবেক্ষক দিল্লীলৈ উভতাৰ সম্ভাৱনা

গেহলট দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নিৰ্বাচিত হ'লে মুখ্যমন্ত্ৰী পদৰ মুখ্য দাবীদাৰ হিচাপে পৰিগণিত হোৱা শচীন পাইলটে (contender for CM post Sachin Pilot) হাইকমাণ্ডক লগ কৰিবলৈ নতুন দিল্লীলৈ ৰাওনা হৈছে । দলীয় সূত্ৰই জনোৱা মতে, পাইলটক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱ্য পদক্ষেপৰ বাবে দেওবাৰে পদত্যাগ-পত্ৰ দাখিল কৰা গেহলটৰ অনুগত ৮২ জন বিধায়কে (82 MLAs loyal to Gehlot resigned) সোমবাৰে তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ।

author img

By

Published : Sep 26, 2022, 5:11 PM IST

rajasthan
rajasthan

নেচনেল ডেস্ক, ২৬ ছেপ্টেম্বৰ : নেতৃত্বৰ পৰিৱৰ্তনক লৈ ৰাজস্থানত সোমবাৰেও ৰাজনৈতিক নাটক অব্যাহত আছে (political drama in Rajasthan) । আনহাতে, মুখ্যমন্ত্ৰী অশোক গেহলটৰ অনুগত বিধায়কসকলে (MLAs loyal to CM Ashok Gehlot) কংগ্ৰেছ পৰ্যবেক্ষকৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো প্ৰতিশ্ৰুতি দিয়া নাই । উক্ত পৰ্যবেক্ষকসকলে ঘটনাক্ৰমৰ বিষয়ে হাইকমাণ্ডক অৱগত কৰিবলৈ দিল্লীলৈ উভতি অহাৰ সম্ভাৱনা আছে (Rajasthan political crisis) ।

উল্লেখ্য, গেহলট দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নিৰ্বাচিত হ'লে মুখ্যমন্ত্ৰী পদৰ মুখ্য দাবীদাৰ হিচাপে পৰিগণিত হোৱা শচীন পাইলটে (contender for CM post Sachin Pilot) হাইকমাণ্ডক লগ কৰিবলৈ নতুন দিল্লীলৈ ৰাওনা হৈছে । দলীয় সূত্ৰই জনোৱা মতে, পাইলটক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱ্য পদক্ষেপৰ বাবে দেওবাৰে পদত্যাগ-পত্ৰ দাখিল কৰা গেহলটৰ অনুগত ৮২ জন বিধায়কে (82 MLAs loyal to Gehlot resigned) সোমবাৰে তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য, ৰাজস্থান বিধানসভাৰ ২০০ আসনৰ ভিতৰত কংগ্ৰেছৰ ১০৮ জন বিধায়ক আছে ।

"দেওবাৰৰ ঘটনা সন্দৰ্ভত সভাত আলোচনা হ'ব । সময় এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই । মন্ত্ৰী শান্তি ধাৰিৱালজীয়ে দেওবাৰে নিশা কৈছিল যে তেওঁ সোমবাৰে অধ্যক্ষক লগ কৰিব আৰু পদত্যাগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাব । কিন্তু এইটো সিদ্ধান্ত লোৱা হোৱা নাই ।" মুখ্যমন্ত্ৰীৰ উপদেষ্টা সান্যাম লোধাই এনেদৰে কয় ।

দেওবাৰে কংগ্ৰেছ বিধায়িনী দলৰ (CLP) বৈঠকত সকলো বিধায়ক উপস্থিত হোৱাৰ বাবে বৃথা অপেক্ষা কৰা এআইচিচিৰ পৰ্যবেক্ষক মল্লিকাৰ্জুন খৰ্গে (AICC observers Mallikarjun Kharge) আৰু ৰাজস্থানৰ ভাৰপ্ৰাপ্ত নেতা অজয় মাকেনে ৰাজনৈতিক সংকট নিষ্ক্ৰিয় কৰাৰ প্ৰচেষ্টাত গেহলটৰ অনুগতসকলক এজন এজনকৈ লগ কৰিবলৈ চেষ্টা কৰি আছিল ।

অৱশ্যে, নৱৰাত্ৰি উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি কেইবাজনো বিধায়কে তেওঁলোকৰ নিজ নিজ সমষ্টিলৈ ৰাওনা হৈছে, দলৰ সূত্ৰই জনায় । সোমবাৰে বিধায়কসকলে পৰ্যবেক্ষকসকলক সাক্ষাৎ কৰিব নে কি বুলি সোধাত লোধাই কয়, যি বাৰ্তা প্ৰেৰণ কৰিব লাগিব সেয়া জনোৱা হৈছে। তেওঁ কৈছিল যে ৮২ জন বিধায়কে অধ্যক্ষক পদত্যাগ পত্ৰ দিছিল।

কিন্তু গেহলটৰ অনুগত বিধায়কসকলে তেওঁলোকৰ সমস্যাবোৰৰ বিষয়ত সোচ্চাৰ হৈছিল আৰু পাইলট শিবিৰৰ বিধায়কসকলে মন্তব্য দিয়াৰ পৰা বিৰত আছিল । গেহলটৰ অনুগত বিধায়কসকলে কৈছিল যে তেওঁলোকে পৰ্যবেক্ষকসকলৰ সন্মুখত দাবী উত্থাপন কৰিছে যে ১৯ অক্টোবৰত দলৰ সভাপতি নিৰ্বাচনৰ পিছত আৰু গেহলটৰ সৈতে আলোচনা কৰি নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ যিকোনো সিদ্ধান্ত লোৱা হ'ব ।

তেওঁলোকে এনে এজন ব্যক্তিও বিচাৰে যিয়ে ২০২০ চনত ৰাজনৈতিক সংকটৰ সময়ত কংগ্ৰেছ চৰকাৰৰ সৈতে থিয় দিছিল । গেহলটৰ অনুগতসকলে দেওবাৰে মন্ত্ৰী ধাৰিৱালৰ বাসভৱনত এক দীঘলীয়া বৈঠকৰ পিছত অধ্যক্ষ চি পি যোশীৰ ঘৰলৈ গৈ কয় যে তেওঁলোকে বিধায়কৰ পৰা পদত্যাগ কৰিছে ।

আনহাতে, মুখ্যমন্ত্ৰীৰ বাসগৃহত গেহলট, খৰ্গে আৰু মাকেনে সকলো বিধায়ক চিএলপি বৈঠকত উপস্থিত হোৱালৈ অপেক্ষা কৰে । কিন্তু পাইলট আৰু তেওঁৰ সমৰ্থকসকল আহে যদিও সভাখন অনুষ্ঠিত নহয় । আনহাতে, পদত্যাগ-পত্ৰৰ বিষয়েও অধ্যক্ষৰ কাৰ্যালয়ৰ পৰা কোনো কথা অৱগত কৰোৱা নাছিল ।

আনহাতে, মন্ত্ৰী ধাৰিৱাল, প্ৰতাপ সিং খাচাৰিয়াৱাছ আৰু মহেশ যোশীয়ে মুখ্যমন্ত্ৰী গেহলটৰ উপদেষ্টা লোধাৰ সৈতে এআইচিচি পৰ্যবেক্ষকসকলক সাক্ষাৎ কৰে । কিন্তু তথাপিতো অচলাৱস্থা অব্যাহত থাকে । তাৰ পৰা উভতি অহাৰ পিছত তেওঁলোকে আন অনুগতসকলক কয় যে তেওঁলোকে তিনিটা চৰ্ত আগবঢ়াইছে ।

তেওঁলোকে বিচাৰিছিল যে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ পিছলৈকে এৰি দিয়া হওক আৰু এইটো কথাত জোৰ দিছিল যে ২০২০ চনত পাইলট সমৰ্থকৰ বিদ্ৰোহৰ সময়ত প্ৰবীণ নেতাজনৰ কাষত থিয় দিয়া এজন ব্যক্তি হ'বলগা নতুন মুখ্যমন্ত্ৰী বাছনি কৰাৰ ক্ষেত্ৰত গেহলটৰ মতামত থাকিব লাগে ।

"আমি আমাৰ পদত্যাগ পত্ৰ দাখিল কৰিছোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ । বিধায়কসকলে বিচাৰে যে মুখ্যমন্ত্ৰীৰ বিষয়ে যিকোনো সিদ্ধান্ত দলৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ পিছতহে লোৱা উচিত ।" মন্ত্ৰী গোবিন্দ ৰাম মেঘৱালে কয় । আনহাতে, অনুগতসকলে কয় যে বিধায়কসকলৰ মতামত বিবেচনা কৰা উচিত ।

পিছত হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব সেয়া গ্ৰহণ কৰা হ'ব বুলি নিৰ্দলীয় বিধায়ক বাবুলাল নগৰে কয় । উল্লেখ্য, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী পাইলটে ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ স্থান ল'ব বুলি চৰ্চা চলি থকাৰ মাজতে গেহলটে কংগ্ৰেছ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰাৰ পূৰ্বে বাতিল কৰা চিএলপি বৈঠকখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে ।

উল্লেখ্য, গেহলট, যাক বহুতে দলটোৰ শীৰ্ষ পদৰ বাবে অনিচ্ছুক প্ৰাৰ্থী হিচাপে দেখিছিল, প্ৰথমতে তেওঁক মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ অনিচ্ছুক দেখা গৈছিল । পিছত অনুমান কৰা হৈছিল যে তেওঁ যোশীক তেওঁৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰা পাইলটৰ সলনি মুখ্যমন্ত্ৰী হিচাপে আন কাৰোবাক বিচাৰিব । গেহলটে জয়ছলমেৰত সাংবাদিকসকলৰ আগত কয় যে বিধায়কসকলে চিএলপি বৈঠকত দলৰ সভাপতি ছোনিয়া গান্ধীক তেওঁৰ উত্তৰাধিকাৰী বাছনি কৰিবলৈ আহ্বান জনাই কেইবাটাও প্ৰস্তাৱ গৃহীত কৰিব । কিন্তু বিধায়কসকল উক্ত দৃষ্টিকোণৰ পৰা আঁতৰি যোৱা যেন অনুভৱ হয় ।

উল্লেখ্য, ২০১৮ চনৰ ডিচেম্বৰত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে গেহলট আৰু পাইলটৰ মাজত মুখ্যমন্ত্ৰী পদক লৈ বিবাদ হয় । হাইকমাণ্ডে তেতিয়া তৃতীয়বাৰৰ বাবে গেহলটক মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰে আৰু পাইলটক তেওঁৰ সহকাৰী নিৰ্বাচিত কৰে । ইয়াৰ পিছত 2020 চনৰ জুলাই মাহত পাইলটে 18 জন দলীয় বিধায়কৰ সৈতে গেহলটৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰে ।

লগতে পঢ়ক :Rajasthan Congress : ৭৬ বিধায়কৰ অধ্যক্ষক পদত্যাগ পত্ৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.