ETV Bharat / bharat

৬৭ গৰাকী আইএএছ বিষয়াক বদলি ৰাজস্থান চৰকাৰৰ

ৰাজস্থান চৰকাৰে ৰাজ্যখনৰ সাতখন জিলাৰ উপায়ুক্তসহ ৬৭ গৰাকী আইএএছ বিষয়াক বদলি কৰা হৈছে । বুধবাৰে নিশা ৰাজ্য চৰকাৰে জাৰি কৰিলে এই নিৰ্দেশনা ।

author img

By

Published : Apr 8, 2021, 4:40 PM IST

৬৭ গৰাকী আইএএছ বিষয়াক বদলি ৰাজস্থান চৰকাৰৰ
৬৭ গৰাকী আইএএছ বিষয়াক বদলি ৰাজস্থান চৰকাৰৰ

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: ৰাজস্থান চৰকাৰে ৰাজ্যখনৰ সাতখন জিলাৰ উপায়ুক্তসহ ৬৭ গৰাকী আইএএছ বিষয়াক বদলি কৰিছে । বুধবাৰে নিশা ৰাজ্য চৰকাৰে জাৰি কৰিলে এই নিৰ্দেশনা । ৰাজস্থান ৰিনিউৱেবল এনাৰ্জি কৰ্পোৰেচন লিমিটেডৰ অধ্যক্ষ আৰু এমডি সুবোধ আগৰৱালাক অতিৰিক্ত মুখ্য সচিব হিচাপে খনি আৰু পেট্ৰ'লিয়াম বিভাগলৈ বদলি কৰা হৈছে । আনহাতে ৰাজস্থান ৰাজ্যিক ৱেৰহাউচিং কৰ্পোৰেচনৰ অধ্যক্ষ পৱন কুমাৰ গোৱেলক ইন্দিৰা গান্ধী কানাল ব'ৰ্ডৰ অধ্যক্ষ হিচাপে বদলি কৰা হয় ।

ইফালে, ইউডিএইচ আৰু হাউচিঙৰ প্ৰধান সচিব ভাস্কৰ এ সাৱন্তক কৃষি আৰু সমবায়লৈ বদলিকৰণ কৰা হৈছে । আনহাতে, কৃষি বিভাগৰ প্ৰধান সচিব কে এল মীনাই সাৱন্তৰ পূৰ্বৰ পদত দায়িত্বভাৰ গ্ৰহণ কৰিব । বদলি হোৱা বিষয়াসকলৰ ভিতৰত আছে প্ৰধান সচিব অজিতাভ শৰ্মা, গায়ত্ৰী ৰাথোৰ আৰু আলোক গুপ্তাও । আকৌ জয়পুৰ আৰু উদয়পুৰৰ বিভাগীয় উপায়ুক্ত আৰু হনুমানগড়, বাৰমেৰ, চিতোৰগড়, প্ৰতাপগড়, জালোৰ, ভৰতপুৰ আৰু টংকৰ জিলা উপায়ুক্ত কেইগৰাকীও আছে বদলি হোৱা বিষয়া সকলৰ তালিকাত ।

লগতে পঢ়ক:ভাৰত-বাংলাদেশ সম্পৰ্ক: পাৰস্পৰিকভাৱে লাভাম্বিত দুয়ো দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.