ETV Bharat / bharat

ৰাজস্থানৰ কৰণপুৰ বিধানসভা সমষ্টিত 5 জানুৱাৰীত হ’ব নিৰ্বাচন; কংগ্ৰেছৰ নতুন প্ৰাৰ্থী হ’ব ৰূপেন্দ্ৰ কুন্নাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 4:28 PM IST

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ঠিক আগতে কৰণপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গুৰমীত সিং কুন্নাৰৰ মৃত্যু হোৱাত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল । এতিয়া কংগ্ৰেছে ৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে নতুন প্ৰাৰ্থী ঘোষণা কৰিছে গুৰমীত সিং কুন্নাৰৰ পুত্ৰ ৰূপেন্দ্ৰ কুন্নাৰক ৷

Congress declared candidate Rupendra Kunnar
Karanpur assembly election

নিউজ ডেস্ক, 14 ডিচেম্বৰ: ৰাজস্থান বিধানসভাৰ নিৰ্বাচনৰ ইতিমধ্যে অন্ত পৰিল যদিও বাকী ৰৈছিল এটা সমষ্টিৰ নিৰ্বাচন ৷ কৰণপুৰ বিধানসভা আসনৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক গুৰমীত সিং কুন্নাৰৰ নিৰ্বাচনৰ পূৰ্বে মৃত্যু ঘটাত সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হৈছে ৷ এতিয়া নিৰ্বাচন আয়োগে ঘোষণা কৰিছে সমষ্টিটোৰ ভোটগ্ৰহণ আৰু ভোট গণনাৰ তাৰিখ ৷ 2024 বৰ্ষৰ 5 জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব কৰণপুৰত আৰু ভোট গণনা হ’ব 8 জানুৱাৰীত ৷

ইতিমধ্যে কংগ্ৰেছে এই সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে ৷ গুৰমীত সিং কুন্নাৰৰ পুত্ৰ ৰূপেন্দ্ৰ কুন্নাৰ হ’ব কৰণপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৷ শ্ৰীগংগানগৰ আৰু হনুমানগড় জিলাৰ দহটা বিধানসভা সমষ্টিত কংগ্ৰেছে ভাল প্ৰদৰ্শন আগবঢ়াইছে এইবাৰৰ নিৰ্বাচনত । শ্ৰীগংগানগৰ আৰু হনুমানগড়ৰ দহখন আসনৰ ভিতৰত কংগ্ৰেছে 6 খন আসন লাভ কৰিছে যদিও ৰাজস্থানত একক সংখ্যা গৰিষ্ঠতা লাভ কৰা বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । এনে পৰিস্থিতিত কংগ্ৰেছৰ বাবে এই আসনত জয়লাভ কৰাটো অতি প্ৰত্যাহ্বানজনক কাম হ’ব ।

Karanpur assembly election
কৰণপুৰ বিধানসভা সমষ্টিত 5 জানুৱাৰীত হ’ব নিৰ্বাচন

নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি কোনো পঞ্জীয়নভুক্ত দলৰ কোনো প্ৰাৰ্থীৰ মৃত্যু হ’লে সেই বিধানসভাৰ আসনৰ নিৰ্বাচন পিছুৱাই দিয়া হয় । পিছত ঘোষণা কৰা হয় নতুন তাৰিখ । এনে পৰিস্থিতিত সেই দলটোৱে নতুন প্ৰাৰ্থী ঘোষণা কৰিব লাগিব, কিন্তু আন দলৰ প্ৰাৰ্থী আগৰ দৰেই থাকিব । কৰণপুৰত বিজেপিৰ পৰা প্রাক্তন মন্ত্রী সুৰেন্দ্ৰপাল সিং টি টিয়ে আৰু আম আদমি পাৰ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াইছে পিৰাথিপাল সিং সন্ধুৱে ৷

নিৰ্ধাৰিত সময়সূচী অনুসৰি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে বুলি জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অংশদীপে জনায় । 19 ডিচেম্বৰলৈকে মনোনয়ন দাখিল কৰিব পাৰিব আৰু 20 ডিচেম্বৰত মনোনয়ন পৰীক্ষা কৰা হ’ব । 5 জানুৱাৰীত কৰণপুৰ বিধানসভা আসনৰ 249 টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু 8 জানুৱাৰীত জিলা সদৰত ভোটগণনা হ’ব ।

লগতে পঢ়ক: ১৫ ডিচেম্বৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.