ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদী থাকিলে চীন-আমেৰিকাক চেৰ পেলাব ভাৰতে: ৰাজস্থানত হিমন্তবিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:14 PM IST

ৰাজস্থানৰ প্ৰতাপগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী শৰ্মাৰ ৷ কংগ্ৰেছে পূৰ্বৰে পৰা মানুহক প্ৰতাৰণা কৰি আহিছে ৷ ক’লে শৰ্মাই ৷

Rajasthan assembly Election 2023
প্ৰধানমন্ত্ৰী মোদী থাকিলে চীন আমেৰিকাক চেৰ পেলাব ভাৰতে

নিউজ ডেস্ক, 18 নৱেম্বৰ : মাজত মাত্ৰ 7 দিন ৷ তাৰপাচতে ৰাজস্থান বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ আনহাতে ভোটাৰক আকৰ্ষণৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে চেষ্টা অৱ্যাহত ৰাখিছে ৷ তুংগত উঠিছে ৰাজনৈতিক দলৰ নেতাৰ মাজত বাকযুদ্ধ ৷ শনিবাৰে ৰাজস্থানৰ প্ৰতাপগড়ত অনুষ্ঠিত হয় বিজেপিৰ এক জনসভা ৷ উক্ত জনসভাতে বিজেপিৰ মনোনীত প্ৰাৰ্থী হেমন্ত মীনাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৰাইজক বহুত গেৰান্টি দিছে ৷ কিন্তু তেওঁৰ নিজৰে গেৰান্টি নাই ৷ আনহাতে সমগ্ৰ বিশ্বই প্ৰধানমন্ত্ৰী মোদীৰ গেৰান্টিৰ বিষয়ে জানে।’’

তেওঁ কয়, ‘‘কংগ্ৰেছে পূৰ্বৰে পৰা মানুহক প্ৰতাৰণা কৰি আহিছে ৷ সেয়েহে এতিয়া কংগ্ৰেছে গ্যেৰান্টি দি জনসাধাৰণক আভুৱা ভাৰিছে ৷ কাৰণ মহম্মদ আলী জিন্নাৰ সৈতে মিলি কংগ্ৰেছে দেশখনক বিভক্ত কৰিছিল । যদি প্ৰধানমন্ত্ৰী মোদী আৰু 10 বছৰ আমাৰ দেশত থাকে তেন্তে আমাৰ দেশে আমেৰিকা আৰু চীনক চেৰ পেলাব ।’’

পুনৰ কংগ্ৰেছক সমোলোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘কৃষকসকলক ঋণমুক্ত কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ নল'লে কংগ্ৰেছে ৷ আনহাতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ নকৰিলে কংগ্ৰেছে ৷ কংগ্ৰেছৰ দিনত প্ৰশ্নকাকত ফাদিল হয় ৷ কিন্তু আমাৰ চৰকাৰ আহিলে দুখীয়া আৰু যোগ্যজনেহে চাকৰি পাব ৷ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷’’

পিছে মুখ্যমন্ত্ৰীৰ এই আহ্বানক কিমান দূৰ গ্ৰহণ কৰিব ভোটাৰ ৰাইজে সেয়া 3 ডিচেম্বৰত প্ৰতিফলিত হ’ব ৷ বিশেষকৈ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ বিশেষ দৃষ্টি থাকিব সকলো ৰাজনৈতিক দলৰ ৷

লগতে পঢ়ক: উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.