ETV Bharat / bharat

ৰাজস্থান এৰাৰ পূৰ্বে কি ক’লে অসমৰ মহাজোঁটৰ প্ৰাৰ্থীয়ে

author img

By

Published : Apr 16, 2021, 12:56 PM IST

Updated : Apr 16, 2021, 2:08 PM IST

অৱশেষত জয়পুৰৰ পৰা অসম অভিমুখে ৰাওনা হ'ল এ আই ইউ ডি এফৰ ২০ গৰাকী প্ৰাৰ্থী ৷ তেওঁলোকৰ সৈতে দেখা গৈছে কংগ্ৰেছ প্ৰাৰ্থী নৰুল হুদাকো । যোৱা ৯ এপ্ৰিলৰ পৰাই জয়পুৰস্থিত ফেয়াৰম’ণ্ট হোটেলত বাহৰ পাতিছিল অসমৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীকেইগৰাকীয়ে । শুকুৰবাৰে জয়পুৰ বিমানবন্দৰত উপস্থিত হয় প্ৰাৰ্থীকেইগৰাকী । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে অভিযোগ উত্থাপন কৰে যে, বিজেপিয়ে সমগ্ৰ দেশতে হৰ্ছ ট্ৰেডিং কৰিছে ।

গৃহৰাজ্য অভিমুখেAIUDF MLA candidates return to Assam ৰাওনা এ আই ইউ ডি এফৰ ২০ গৰাকী প্ৰাৰ্থী
AIUDF MLA candidates return to Assam

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : অন্ত পৰিল ৰাজস্থানৰ জয়পুৰৰ বিলাসী হোটেলত চলা এ আই ইউ ডি এফৰ বৈঠকৰ । শুকুৰবাৰে জয়পুৰৰ পৰা অসম অভিমুখে ৰাওনা হ'ল এ আই ইউ ডি এফৰ ২০ গৰাকী প্ৰাৰ্থী । নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতে জয়পুৰলৈ ঢাপলি মেলা এই প্ৰাৰ্থীকেইগৰাকীয়ে জয়পুৰ ভ্ৰমণৰ সৈতে ৰাজনৈতিক কাৰণ জড়িত হৈ থকাৰ কথা স্বীকাৰ কৰা নাই ।

তেওঁলোকৰ মতে, তেওঁলোকে জয়পুৰলৈ ফুৰিবলৈহে আহিছে । যি কি নহওক, যোৱা ৯ এপ্ৰিলৰ পৰা জয়পুৰস্থিত ফেয়াৰমাউণ্ট হোটেলত বাহৰ পাতি এতিয়া অসমলৈ উভতি গৈছে প্ৰাৰ্থীকেইগৰাকী । শুকুৰবাৰে জয়পুৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে প্ৰাৰ্থীকেইগৰাকীয়ে সাংবাদিকৰ আগত মতামত প্ৰকাশ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ৷

কেইবাগৰাকীও প্ৰাৰ্থীয়ে বিজেপিক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰি কয় যে, বিজেপিয়ে সমগ্ৰ দেশতে হৰ্ছ ট্ৰেডিং কৰিছে । লগতে অহা ২ মে'ত ভোট গণনা সম্পন্ন হ'ব আৰু অসমত মহাজোঁট বন্ধনৰ চৰকাৰ গঠন হ'ব । উল্লেখ্য যে, বিধায়ক পদৰ প্ৰত্যাশী এই প্ৰাৰ্থীকেইজনৰ আপ্যায়নৰ সম্পূৰ্ণ দায়িত্ব ৰাজস্থান চৰকাৰে লৈছিল । ৰাজস্থান চৰকাৰৰ মুখ্য হুইপ ড৹ মহেশ যোশীক প্ৰাৰ্থীকেইজনৰ আপ্যায়নৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ।

জয়পুৰত হৰ্ছ ট্ৰেডিঙৰ কোনো আলোচনা হোৱা নাছিল

ইয়াৰ পূৰ্বেও দেশৰ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈ গুজৰাট, মহাৰাষ্ট্ৰৰ প্ৰাৰ্থীক ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ হোটেলৰ বন্ধ কোঠাত ৰখা হৈছিল । যেতিয়াই দেশত ৰাজনৈতিক সংকট দেখা দিয়ে, কংগ্ৰেছ হাইকমাণ্ডে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ওপৰত আস্থা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় । বিগত বৰ্ষত ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়ত ৰাজস্থানৰ কংগ্ৰেছ বিধায়কসকলকো হোটেল ফেয়াৰমাউণ্টত ৰখা হৈছিল ।

এইবাৰ অসম বিধানসভা নিৰ্বাচনত ক্ৰয়-বিক্ৰয়ৰ শংকাত কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত ৰাজস্থানৰ হোটেল ফেয়াৰমাউণ্টতো অসমৰ এ আই ইউ ডি এফ প্ৰাৰ্থীসকলক ৰখা হয় । শুকুৰবাৰে আটাইকেইজন প্ৰাৰ্থী ফেয়াৰমাউণ্ট হোটেলৰ পৰা জয়পুৰ বিমানবন্দৰত উপস্থিত হয় । জয়পুৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে আটাইৰে তাপমাত্ৰা পৰীক্ষা কৰা হয় আৰু তেওঁলোকক জয়পুৰ বিমানবন্দৰৰ ভিতৰলৈ প্ৰেৰণ কৰা হয় । স্পাইছ জেটৰ বিমানেৰে জয়পুৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হ'ব প্ৰাৰ্থীকেইজনে ।

লগতে পঢ়ক:হাফকিন প্ৰতিষ্ঠানক কৰ'ণা প্ৰতিষেধক প্ৰস্তুতৰ বাবে কেন্দ্ৰৰ অনুমোদন

Last Updated : Apr 16, 2021, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.