ETV Bharat / bharat

President Murmu Chhattisgarh Visit : ৰায়পুৰত ব্ৰহ্ম কুমাৰী কেন্দ্ৰত ইতিবাচক পৰিৱৰ্তন কাৰ্যসূচী উদ্বোধন ৰাষ্ট্ৰপতিৰ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:39 PM IST

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছত্তীশগড় ভ্ৰমণৰ সময়ত ৰায়পুৰত উপস্থিত হয় । ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দন, মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু মেয়ৰ এজাজ ধেবৰে বিমানবন্দৰত ৰাষ্ট্ৰপতিক আদৰণি জনায় । ৰাষ্ট্ৰপতিক বিমানবন্দৰত গাৰ্ড অব অনাৰ দিয়া হয় ।

President Murmu Chhattisgarh Visit
President Murmu Chhattisgarh Visit

নিউজ ডেস্ক, ৩১ আগষ্ট : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে ছত্তীশগড়ত উপস্থিত হৈছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিয়ে এখন বিশেষ বিমানেৰে ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত উপস্থিত হয় । তেওঁক ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দন আৰু মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আদৰণি জনায় । আনহাতে, ৰাষ্ট্ৰপতিক বিমানবন্দৰত গাৰ্ড অব অনাৰো দিয়া হয় ।

বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰপতি পোনে পোনে গৈ জগন্নাথ মন্দিৰত উপস্থিত হয় । তাত ৰাষ্ট্ৰপতিয়ে ভগৱান জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰা দেৱীক প্ৰাৰ্থনা কৰে আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰে । জগন্নাথ মন্দিৰ দৰ্শন কৰাৰ পিছত দ্ৰৌপদী মুৰ্মু ব্ৰহ্ম কুমাৰী আশ্ৰম শান্তি সৰোবৰত উপস্থিত হয় । ৰাষ্ট্ৰপতি মুৰ্মুৱে ব্ৰহ্ম কুমাৰী কেন্দ্ৰত ইতিবাচক পৰিৱৰ্তন বৰ্ষৰ কাৰ্যসূচী উদ্বোধন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিয়ে তেওঁৰ জীয়ৰীৰ সৈতে গৈ এখন বিশ্ববিদ্যালয় আৰু ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে । ৰায়পুৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ বিলাসপুৰলৈ যাত্ৰা কৰিব । ইফালে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ উপলক্ষে আৰক্ষীয়ে ৰায়পুৰৰ পৰা বিলাসপুৰলৈকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । নিৰাপত্তাৰ বাবে প্ৰায় ১১০০ জন জোৱানক মোতায়েন কৰা হৈছে ।

আনহাতে, ব্ৰহ্ম কুমাৰী আশ্ৰম শান্তি সৰোবৰ পৰিদৰ্শন কৰাৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মহন্ত ঘাচিদাস স্মাৰক সংগ্ৰহালয় পৰিদৰ্শন কৰে । তাত তেওঁক সংস্কৃতি মন্ত্ৰী অমৰজিৎ ভগতে আদৰণি জনায় । ৰাষ্ট্ৰপতি মুৰ্মুৱে সংগ্ৰহালয়ত ছত্তীশগড়ৰ পুৰাতাত্ত্বিক সৌন্দৰ্য প্ৰত্যক্ষ কৰে আৰু তাৰ ঐতিহাসিক পটভূমিৰ সৈতে সম্পৰ্কিত প্ৰাচীন শিল্পকলা পৰিদৰ্শন কৰে ।

তেওঁ ছত্তীশগড় আৰু অন্যান্য অঞ্চলৰ পৰা লাভ কৰা প্ৰাগৈতিহাসিক শিলৰ সঁজুলি, প্ৰাচীন ভাস্কৰ্য, ৰেকৰ্ড, তাম্ৰপত্ৰ আৰু মুদ্ৰাও পৰিদৰ্শন কৰে । ইয়াৰ উপৰি সংগ্ৰহালয়ত ৰখা জনজাতীয় সংস্কৃতি আৰু আধুনিক কাৰুশিল্পৰ সৈতে সম্পৰ্কিত সামগ্ৰীৰ বিষয়েও তথ্য আহৰণ কৰে ।

লগতে পঢ়ক :INDIA Alliance Meeting : বিৰোধী বৈঠকৰ পূৰ্বে সিদ্ধি বিনায়কৰ মন্দিৰত উপস্থিত লালু প্ৰসাদ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.