নেশ্যনেল ডেস্ক, 23 আগষ্ট : ভূতৰ ওপৰত দানহ পৰাদি হিমাচল প্ৰদেশত পুনৰ ধাৰাসাৰ বৃষ্টিপাত হৈছে ৷ বিগত দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন অঞ্চলবোৰত ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষতি হৈছে ৷ বুধবাৰে হিমাচল প্ৰদেশৰ ছিমলাৰ মাছোব্ৰাত ভূমিস্খলনৰ ফলত এটা দম্পতীৰ মৃত্যু হয় ৷ ভূমিস্খলনৰ ধ্বংসাৱশেষৰ পৰা দম্পতীটোৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে সমান্তৰালকে বতৰ বিজ্ঞান বিভাগৰ অনুসৰি অহা 25 আগষ্টলৈকে বতৰ এনেদৰেই বেয়া হৈ থাকিব ৷

জানিব পৰামতে বুধবাৰে নিশাৰ পৰা ৰাজ্যখনত ধাৰাবাহিক বৰষুণ হৈ থকাৰ ফলত বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ পুনৰ বিভীষিকাৰ সৃষ্টি হৈছে ৷ ফলত ৰাজ্যখনত পুনৰ জন জীৱন ব্যাহত হৈছে ৷ বতৰ বিজ্ঞান বিভাগে 12 খন জিলাৰ ভিতৰত 9 খন জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে ৷ ইয়াৰ লগতে ছিমলা, চোলান, চিৰমৌৰ, মাণ্ডি আৰু কুল্লুত ধাৰাসাৰ বৰষুণ অব্যাহত আছে ৷

মুষলধাৰ বৰষুণৰ ফলত ৰাজধানী ছিমলাৰ বহু ঠাইত গছ-গছনি খহি পৰিছে আৰু কিছু ঠাইত ভূমিস্খলনো হৈছে ৷ যাৰ বাবে ছিমলাৰ ৰামপুৰত 5 নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ ৰামপুৰ উপ-বিভাগৰ উপৰিও, কিন্নৌৰ, লাহৌল-স্পিতি পথত ভূমিস্খলনৰ ফলত ছিমলাৰ পৰা সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ ইফালে এই বিভীষিকাৰ ফলত আপেলৰ খেতিয়সকলৰ ভীষণ ক্ষতিসাধন হৈছে ৷

ইফালে ছিমলাৰ ধালি আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত ভূমিস্খলনৰ ফলত এটা দম্পতীৰ মৃত্যু হয় ৷ ঝাৰখণ্ডৰ দম্পতীয়োৱে শোল গাঁৱত শ্ৰমিক হিচাপে কাম কৰিছিল ৷ তেওঁলোকে বাস কৰা ভাৰাঘৰটো বুধবাৰে পুৱা ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ৷ ফলত তেওঁলোক দুয়োজনৰ মৃত্যু হয় ৷ আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

ইফালে তাৎপৰ্যপূৰ্ণভাৱে, ভূমিস্খলনৰ ফলত ছিমলা চহৰৰ বহুতো অট্টালিকাও ভাবুকিৰ সন্মুখীন হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত, প্ৰশাসনে ছিমলা চহৰৰ প্ৰায় 150 টা ঘৰ খালী কৰিছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত, ৰাজ্যৰ নদীসমূহ পানীৰে উপচি পৰিছে ৷
ছিমলাৰ পৰা ধৰ্মশালাৰ দৰে চহৰত পথত পানী জমা হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ একে সময়তে, ব্যাস নদীৰ জলস্তৰো বৃদ্ধি হৈছে, যাৰ বাবে প্ৰশাসনে কুল্লু আৰু মাণ্ডিৰ দৰে জিলাত সতৰ্কবাণী জাৰি কৰিছে ৷ কোনো লোকক নদী অথবা নলাৰ পাৰলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে ৷
আনহাতে বুধবাৰে পুৱা মাণ্ডি জিলাৰ চাৰাজত এক ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই বিস্ফোৰণৰ ফলত কুকলাহ অঞ্চলত এখন বিদ্যালয় আৰু দুটা ঘৰ আকস্মিক বানে উটুৱাই লৈ যায় ৷ একে সময়তে এই বিস্ফোৰণত 3 গৰাকী লোক উটি যায় , অৱশ্যে লোককেইজনক স্থানীয় লোকে উদ্ধাৰ কৰে ৷ এই বিস্ফোৰণ হোৱাৰ পিচৰে পৰা সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইফালে কুল্লু জিলাৰ বহুতো অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত ঘৰসমূহ ক্ষতিগ্ৰস্ত হৈছে ৷
ৰাজ্যজুৰি হোৱা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি, সকলো ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, অংগনৱাড়ী আদি 23 আৰু 24 আগষ্টত বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে ৷ ইয়াৰ উপৰিও, পৰৱৰ্তী পৰ্যায়ত জিলা প্ৰশাসনে বতৰৰ ওপৰত লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত ল'ব পাৰে ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ছিমলা, মাণ্ডি আৰু কুল্লুৰত দুদিনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হৈছে ৷
লগতে পঢ়ক: Himachal Pradesh rains:হিমাচল প্ৰদেশৰ বৰষুণত প্ৰায় ২০০ জন নিহত, ৩১ জন এতিয়াও সন্ধানহীন