ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ নিষ্ঠুৰতা দেখি দুখ লাগিছে: ৰাহুল গান্ধী

Rahul Reaction on Vinesh returning Award: মল্লযুঁজাৰু বিনেশ ফোগাটে খেলৰত্ন আৰু অৰ্জুন বঁটা কৰ্তব্য পথত এৰি থৈ যোৱাৰ পাচতে প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাহুল গান্ধীয়ে ৷ ‘‘দেশৰ প্ৰতিগৰাকী কন্যাৰ বাবে আত্মসন্মান প্ৰথম ৷ তাৰ পাছত আন যিকোনো পদক বা সন্মান আহে ৷’’

author img

By PTI

Published : Dec 31, 2023, 1:44 PM IST

rahul reaction on vinesh returning award
প্ৰধানমন্ত্ৰীৰ নিষ্ঠুৰতা দেখি দুখ লাগিছে

নিউজ ডেস্ক, 31 ডিচেম্বৰ : শনিবাৰে নতুন দিল্লীৰ কৰ্তব্য পথত তাৰকা মল্লযুঁজাৰু বিনেশ ফোগাটে খেলৰত্ন আৰু অৰ্জুন বঁটা এৰি থৈ যোৱাৰ পাচতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙক মল্লযুঁজ সংস্থাটোৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰতিবাদস্বৰূপে এই সন্মানীয় বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল খেলুৱৈগৰাকীয়ে ৷

মল্লযুদ্ধা ফোগাটে গ্ৰহণ কৰা পদক্ষেপৰ পাচতে প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰে থকা-সৰকা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ সামাজিক মাধ্যম x ত ফোগাটেৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি গান্ধীয়ে কয়, "দেশৰ প্ৰতিগৰাকী কন্যাৰ বাবে আত্মসন্মান প্ৰথম ৷ তাৰ পাছতহে আন যিকোনো পদক বা সন্মান আহে । প্ৰধানমন্ত্ৰী হৈছে ৰাষ্ট্ৰৰ অভিভাৱক ৷ তেওঁৰ ফালৰ পৰা এনে নিষ্ঠুৰতা দেখি দুখ লাগে ৷’’

  • देश की हर बेटी के लिये आत्मसम्मान पहले है, अन्य कोई भी पदक या सम्मान उसके बाद।

    आज क्या एक ‘घोषित बाहुबली’ से मिलने वाले ‘राजनीतिक फायदे’ की कीमत इन बहादुर बेटियों के आंसुओं से अधिक हो गई?

    प्रधानमंत्री राष्ट्र का अभिभावक होता है, उसकी ऐसी निष्ठुरता देख पीड़ा होती है। pic.twitter.com/XpoU6mY1w9

    — Rahul Gandhi (@RahulGandhi) December 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মঙলবাৰে, ফোগাটে তেওঁৰ খেল ৰত্ন আৰু অৰ্জুন বঁটা চৰকাৰলৈ ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছিল ৷ তেওঁ কৈছিল যে, যেতিয়া মল্লযোদ্ধাসকলে ন্যায়ৰ বাবে আন্দোলন কৰিব লগা হৈছে তেনেস্থলত এনে সন্মান এনে সময়ত অৰ্থহীন হৈ পৰিছে ৷

ফোগাটে শনিবাৰে তেওঁৰ পুৰস্কাৰ ঘূৰাই দিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ চেষ্টা কৰিছিল কিন্তু আৰক্ষীয়ে তেওঁক পি এম অ'ত উপস্থিত হোৱাত বাধা দিছিল । প্ৰতিবাদ হিচাপে, তেওঁ কৰ্তব্য পথত বঁটাবোৰ এৰি দিছিল আৰু পিছত দিল্লী আৰক্ষীয়ে তুলি লৈ গৈছিল ।

ইতিমধ্য সাক্ষী মালিকেও কুস্তিৰ পৰা অৱসৰ ঘোষণা কৰিছে। অৱশ্যে, মল্লযুদ্ধৰ প্ৰতিবাদৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে কঠোৰ পদক্ষেপৰ গ্ৰহণ কৰিব লগা হৈছিল ৷ নৱনিৰ্বাচিত পেনেলক নিলম্বন কৰি ভাৰতীয় অলিম্পিক সংস্থাক ক্ৰীড়া সংস্থাৰ কাম-কাজ পৰিচালনা কৰা বাধা আৰোপ কৰিছিল মন্ত্ৰালয়ে ৷

লগতে পঢ়ক : কৰ্তব্য পথত খেলৰত্ন আৰু অৰ্জুন বঁটা ঘূৰালে বিনেশ ফোগাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.