ETV Bharat / bharat

'বঙাৰু' তেলেংগানা নিৰ্মাণৰ উদ্দেশ্যে ৰাইজক ভোটদান কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

author img

By ANI

Published : Nov 30, 2023, 12:24 PM IST

পুৱা ৭ বজাৰ পৰা তেলেংগানাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । সকলোকে ভোটদান কৰিবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীয়ে আহ্বান জনাইছে ।

Rahul Gandhi urges people to vote
'বঙাৰু' তেলেংগানা নিৰ্মাণৰ উদ্দেশ্যে ৰাইজক ভোটদান কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ : তেলেংগানাত পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । কটকটীয়া নিৰাপত্তাৰ মাজতে ৰাজ্যখনৰ ভোটকেন্দ্ৰসমূহত ভোটদান প্ৰক্ৰিয়া চলি আছে । তাৰ প্ৰাকক্ষণত ৰাহুল গান্ধীয়ে তেলেংগানাবাসীক বিধানসভাৰ নিৰ্বাচনত বৃহৎ সংখ্যাত ভোট দিবলৈ আহ্বান জনাইছে । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে," আজি, প্ৰজালাই ডোৰালাক পৰাজিত কৰিব ! তেলেংগানাৰ ভাই-ভনীসকল, বাহিৰলৈ ওলাই আহক আৰু বৃহৎ সংখ্যাত ভোট দিয়ক ! 'বঙাৰু' তেলেংগানা নিৰ্মাণৰ বাবে ভোট দিয়ক, কংগ্ৰেছক ভোট দিয়ক ।"

  • నేడు దొరలపై ప్రజలు గెలవబోతున్నారు.

    నా తెలంగాణ సోదర సోదరీమణులారా!
    రండి.. అధిక సంఖ్యలో ఓటింగ్ లో పాల్గొనండి.

    బంగారు తెలంగాణ నిర్మాణం కోసం ఓటేయ్యండి! కాంగ్రెస్ ను గెలిపించండి!

    Today, Prajala will defeat Dorala!

    Brothers and sisters of Telangana, step out and vote in large… pic.twitter.com/yvrvNMBziX

    — Rahul Gandhi (@RahulGandhi) November 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও যুৱ ভোটাৰসকলক ভোটদানৰ বাবে আহ্বান জনাইছে । প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰসকলকো এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে তেওঁ আহ্বান জনাইছে ।

তেওঁ এক্সৰ এটা পোষ্টৰ জৰিয়তে কৈছে যে তেলেংগানাবাসীয়ে সিদ্ধান্ত লৈছে যে তেওঁলোকে সুবিধাৰ পৰা বঞ্চিতসকলৰ বাবে এখন স্বচ্ছ, জন-অনুকূল চৰকাৰ বাছনি কৰিব । ইয়াক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে বুলিও তেওঁ দাবী কৰিছে । যাৰ বাবে তেওঁ লোকসকলক বাহিৰলৈ ওলাই আহি বৃহৎ সংখ্যাত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।

  • People of Telangana have decided that they will choose a transparent, people-friendly government, with a safety-net for the disadvantaged.

    ‘No force on earth can stop an idea whose time has come’…

    Let us ensure a Prajala Telangana now!

    This is time to come out and vote in…

    — Mallikarjun Kharge (@kharge) November 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়েও ৰাইজক ভোট দিবলৈ আহ্বান জনাইছে । তেলেংগানাৰ সপোন বাস্তৱায়িত কৰিবলৈ ভোটদানৰ শক্তি ব্যৱহাৰ কৰিবলৈও তেওঁ ৰাইজক আহ্বান জনায় ।

ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওকে ধৰি মুখ্য নেতাসকলেও তেলেংগানাবাসীক বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যাত ভোটদান কৰিবলৈ আহ্বান জনায় । ইয়াৰ মাজতে বিআৰএছ নেতা কে কবিতা, তেলেংগানাৰ মন্ত্ৰী তথা বিআৰএছৰ বিধায়ক কে টি ৰামা ৰাও, প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী, এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচি আৰু অন্যান্য নেতাসকলেও ভোটদান কৰে ।

লগতে পঢ়ক :তেলেংগানাত অভিলেখ সংখ্যক ভোটদানৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.