নেশ্যনেল ডেস্ক,২৬ মাৰ্চ : সলনি হ'ল ৰাহুল গান্ধীৰ টুইটাৰ বায়' । সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাচতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে তেওঁৰ টুইটাৰ বায়'ত অযোগ্য সাংসদ (Disqualified MP) বুলি আপডেট কৰিছে । ২৩ নিযুত ফ'ল'ৱাৰ্চ থকা আৰু ২৬৯ টা টুইটাৰ একাউণ্টক অনুসৰণ কৰা ৱায়ানাড়ৰ প্ৰাক্তন সাংসদগৰাকী মানহানিৰ গোচৰত আদালতত দোষী সাব্যস্ত হোৱাৰ বাবে সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ দুদিন পাচত তেওঁ টুইটাৰ বায়' সলনি কৰে (Rahul Gandhi updates Twitter bio)।
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বাবে কংগ্ৰেছ দলটোৰ বাবে এটা ডাঙৰ আঘাত হিচাপে দেখা দিছে (Rahul Gandhi disqualification issue)। আনহাতে এই পদক্ষেপক নৰেন্দ্ৰ মোডী চৰকাৰৰ ষড়যন্ত্ৰ বুলি কংগ্ৰেছে অভিযোগ কৰিছে । ৫২ বছৰীয়া কংগ্ৰেছ নেতাগৰাকী লণ্ডনত দিয়া এক ভাষণৰ পাচতে বিজেপিৰ আক্ৰমণৰ সন্মুখীন হৈছিল ।
বিজেপিয়ে তেওঁক ক্ষমা বিচাৰিবলৈ দাবী জনাইছে যদিও কংগ্ৰেছ নেতা লগতে দলটোৱে ইয়াক অস্বীকাৰ কৰিছে । ইফালে প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ সম্পৰ্কক লৈও ৰাহুল গান্ধী আৰু কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছিল । যাক লৈ সংসদত হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি হৈছে । শাসক বিৰোধীৰ হুলস্থূলৰ বাবে সদন বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হৈছে ।
উল্লেখ্য যে ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত লোকসভা নিৰ্বাচনৰ এখন প্ৰচাৰ সভাত দিয়া বিতৰ্কিত ভাষণৰ বাবে ৰাহুল গান্ধীক বৃহস্পতিবাৰে চুৰাট আদালতে দোষী সাব্যস্ত কৰে । ভাষণত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি মোডী উপাধিক লৈ প্ৰশ্ন কৰিছিল । নীৰৱ মোডী, ললিত মোডীৰ উদাহৰণ দি তেওঁ সকলো মোডী উপাধিৰ লোক চোৰ নেকি বুলিও প্ৰশ্ন কৰিছিল (Rahul Gandhi Modi surname issue)। এই ভাষণৰ পাচতে বিজেপি লগতে বিশেষ সম্প্ৰদায়টোৱে ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে যদিও গান্ধীয়ে তেওঁৰ এই বক্তব্যক 'ৰাজনৈতিক ব্যংগ বা ৰগৰ' বুলিহে বৰ্ণনা কৰিছিল ।
অৱশ্যে, ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত সমগ্ৰ মোডী সম্প্ৰদায়ক অপমান কৰা বুলি অভিযোগ কৰি বিজেপিয়ে গোচৰ দিয়াৰ সুযোগ গ্ৰহণ কৰিলে । গুজৰাটৰ এগৰাকী বিজেপি বিধায়কে ৰাহুল গান্ধীৰ বক্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।
লগতে পঢ়ক :Rahul Gandhi Press conference : সাংবাদিকক কিয় সমালোচনা কৰিলে ৰাহুল গান্ধীয়ে ?