নেশ্যনেল ডেস্ক,২০ আগষ্ট : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে পুৱা লাডাখৰ পাংগং হ্ৰদৰ পাৰত তেওঁৰ পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ৰাজীৱ গান্ধীৰ ৭৯ তম জন্ম জয়ন্তীৰ প্ৰাকক্ষণত ৰাহুল গান্ধীয়ে শনিবাৰে লাডাখৰ পাংগং টিএছঅ'লৈ বাইকেৰে যাত্ৰা আৰম্ভ কৰিছিল । আনহাতে দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে পাংগং হ্ৰদৰ পাৰত এক প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হৈছে ।
জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বিকাৰ ৰছুল ৱানিয়ে কয় যে ৰাহুল গান্ধীয়ে পাংগং হ্ৰদৰ পাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । তেওঁ লিখিছে যে ৰাজীৱ গান্ধীয়ে দেশৰ বাবে নিজৰ জীৱন উৎসর্গিত কৰিছিল । তেওঁক স্মৰণ কৰিবলৈ কংগ্ৰেছ কৰ্মীসকল তাত একত্ৰিত হৈছে । উল্লেখ্য যে ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈ ভাৰতৰ ৭ম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজীৱ গান্ধীৰ জন্ম হৈছিল ১৯৪৪ চনৰ ২০ আগষ্টত ।
ইফালে, কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীত দিল্লীতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ৰাহুল গান্ধী বৃহস্পতিবাৰে কেন্দ্ৰীয় শাসিত অঞ্চললৈ তেওঁৰ দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰি লেহত উপস্থিত হৈছিল আৰু পাছত তেওঁ এই ভ্ৰমণ ২৫ আগষ্টলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল । ২০১৯ চনৰ ৫ আগষ্টত অনুচ্ছেদ ৩৭০ আৰু ৩৫ (এ) আঁতৰোৱাৰ পাছত জম্মু আৰু কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল, লাডাখ আৰু জম্মু-কাশ্মীৰত বিভক্ত কৰাৰ পাছত এয়া ৰাহুল গান্ধীৰ প্ৰথম লাডাখ ভ্ৰমণ ।
শুকুৰবাৰে তেওঁ লেহত যুৱসকলৰ সৈতে বাৰ্তালাপ কৰে । দলীয় সূত্ৰৰ মতে ৰাহুল গান্ধীয়ে লেহত এখন ফুটবল খেলো উপভোগ কৰিব । তেওঁ ২৫ আগষ্টত ৩০ জনীয়া লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদৰ কাৰ্গিল নিৰ্বাচনৰ বৈঠকতো অংশগ্ৰহণ কৰিব ।
১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া কাৰ্গিল পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে বিজেপিৰ বিৰুদ্ধে প্ৰাক-নিৰ্বাচনী মিত্ৰতা গঢ়ি তুলিছে । ৰাহুল গান্ধীয়ে এই বছৰৰ আৰম্ভণিতে দুবাৰ শ্ৰীনগৰ আৰু জম্মু ভ্ৰমণ কৰিছিল যদিও তেওঁ লাডাখ ভ্ৰমণ কৰা নাছিল ।