ETV Bharat / bharat

তামিলনাডুৰ কৃষক,শিপিনী, শ্ৰমিকৰ লগত মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে

author img

By

Published : Jan 22, 2021, 2:13 PM IST

তিনিদিনীয়া ভ্ৰমণসূচীৰ শনিবাৰে তামিলনাডুত উপস্থিত হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ভ্ৰমণৰ সময়চোৱাত কংগ্ৰেছ নেতাগৰাকীয়ে তামিলনাডুৰ কৃষক, শ্ৰমিক, শিপিনী, এমএছএমইৰ প্ৰতিনিধিৰ লগত মত বিনিময় কৰিব ।

তামিলনাডুৰ কৃষক,শিপিনী, শ্ৰমিকৰ লগত মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে
তামিলনাডুৰ কৃষক,শিপিনী, শ্ৰমিকৰ লগত মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক , ২২ জানুৱাৰী : ২৩ জানুৱাৰীৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে তামিলনাডু ভ্ৰমণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । এই ৩ দিনত ৰাজ্য়খনৰ বিভিন্ন স্থানত আয়োজিত দলীয় আৰু আন কাৰ্যসূচীত ভাগ ল'ব নেতা গৰাকীয়ে । ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ সময়ত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে নেতাগৰাকীয়ে ৰাজ্য়খনৰ কৃষক ,ক্ষুদ্ৰ উদ্য়োগৰ প্ৰতিনিধি, শ্ৰমিক সন্থা আৰু শিপিনীসকলৰ লগত বাৰ্তালাপ কৰিব ।

ভ্ৰমণৰ পূৰ্বে বৃহস্পতিবাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰে তামিলনাডুৰ লগতে পুড্ডুছেৰী আৰু গোৱাৰ কংগ্ৰেছ দলৰ তত্বাৱধায়ক দিনেশ গুন্দু ৰাওয়ে । সাক্ষাৎৰ পিছতে তত্বাৱধায়ক দিনেশ গুন্দু ৰাওৱে সংবাদমাধ্য়মৰ আগত জনোৱা মতে দেশজুৰি চলি থকা কৃষকৰ প্ৰতিবাদত সন্মুখৰ পৰা সমৰ্থন জনাইছে কংগ্ৰেছ দলে আৰু সমগ্ৰ বিষয়ত ৰাহুল গান্ধীয়ে নেতৃত্ব লৈছে । আনকি কংগ্ৰেছ দলে দেশৰ ভিন্ন প্ৰান্তত কৃষকৰ সমৰ্থনত প্ৰতিবাদ সাব্য়স্তও কৰিছে যাৰ বাবে তামিলনাডু ভ্ৰমণৰ সময়ত কাৰুৰ জিলাত এক কৃষক সন্মিলনত অংশ লৈ কৃষকৰ সৈতে মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে । লগতে ৰাহুল গান্ধীয়ে ৰাজ্য়খনৰ লঘু উদ্য়োগ বিভাগৰ কেইবাগৰাকী প্ৰতিনিধি ,ট্ৰেড ইউনিয়ন, শ্ৰমিক, শিপিনীৰ লগতো মত বিনিময় কৰিব বুলি জনালে তত্বাৱধায়ক গৰাকীয়ে ।

ইয়াৰ মাজতে দিনেশ গুন্দু ৰাওৱে অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰে কেৱল কৰ্পোৰেট গোষ্ঠীকহে গুৰুত্ব দিয়ে কিন্তু তেওঁলোকৰ কৃষকৰ প্ৰতি অলপো গুৰুত্ব নাই । সমান্তৰালকৈ তামিলনাডু আৰু পুড্ডুছেৰীৰ আহি থকা নিৰ্বাচন সন্দৰ্ভটো ৰাহুল গান্ধীৰ সৈতে তেওঁৰ আলোচনা হয় বুলি জনাই কংগ্ৰেছ নেতা দিনেশ গুন্দু ৰাওৱে ।

লগতে পঢ়ক :বাৰানসীৰ COVID-১৯ৰ টীকাকৰণৰ হিতাধিকাৰী, প্ৰতিষেধক প্ৰদানকাৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.