নিউজ ডেস্ক, ২৫ ছেপ্টেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে ছত্তীশগড়ৰ বিলাসপুৰত উপস্থিত হয় । ৰাজ্যখনত পুনৰবাৰ আদানীক লৈ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ নেতাগৰাকীয়ে । ৰাহুল গান্ধীয়ে মোদী চৰকাৰীক কটাক্ষ কৰি কয়, "নৰেন্দ্ৰ মোদীজীয়ে ৰিম'ট কন্ট্ৰ'লৰ বুটাম টিপিলে আদানীয়ে মুম্বাই বিমানবন্দৰ, ৰে'লৱেৰ ঠিকা পায় । আমি বুটামটো টিপিলে কৃষকে তেওঁৰ একাউণ্টত টকা পায়, ইংৰাজী স্কুল খোল খায় । বিজেপিয়ে বুটাম টিপিলে ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ হয় । আপোনাৰ পানী, জংগল আৰু মাটি আদানীৰ চমজাই দিয়া হয় ।"
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিলাসপুৰত গ্ৰাম্য গৃহ নিৰ্মাণ ন্যায় আঁচনিৰ শুভাৰম্ভ কৰে ৷ গ্ৰাম্য গৃহ নিৰ্মাণ ন্যায় আঁচনিৰ অধীনত ৰাজ্যখনৰ প্ৰায় ৫০ হাজাৰ দৰিদ্ৰ জনসাধাৰণক গৃহ নিৰ্মাণৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন ৰাশি প্ৰদান কৰা হৈছিল ৷ তেওঁ এই আঁচনি শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ ৭ লাখ লোকক দিবলগীয়া আবাসগৃহৰ বাবে ধনৰাশি আৱন্টন দিয়া নাই বুলি সমালোচনা কৰে ৷
তেওঁ লগতে কয়, ছত্তীশগড় চৰকাৰে বহুবাৰ কেন্দ্ৰক অনুৰোধ কৰিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব পালন নকৰিলে । কিন্তু ছত্তীশগড় চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিলে ৷ আজি প্ৰায় ১২০০ কোটি টকা ৰাইজৰ একাউণ্টত সোমাইছে । অহা ৫ বছৰৰ ভিতৰত ছত্তীশগড় চৰকাৰে আপোনাৰ একাউণ্টত ৯৫০০ কোটি টকা দিব । তেওঁ আৰু কয়, নিৰ্বাচনৰ আগত আমি আপোনালোকক কৃষকৰ বাবে ঋণ ৰেহাই, বিদ্যুতৰ বিল আধা আৰু প্ৰতি কুইণ্টল ধানৰ বাবত ২৫০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে কংগ্ৰেছে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে, কিন্তু সত্য আপোনালোকৰ সন্মুখত আছে ।"
ইফালে কিষাণ ন্যায় যোজনাৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, "কিষাণ ন্যায় যোজনাৰ অধীনত কৃষকক ২১ হাজাৰ কোটি টকা ৰাজসাহাৰ্য দিয়া হৈছে । যিসকল কৃষকৰ মাটি নাছিল তেওঁলোকক প্ৰতি মাহে ৭ হাজাৰ টকাকৈ দিয়া হৈছে ৷ জনজাতীয় লোকক সৰু সৰু বনজ উৎপাদিত সামগ্ৰীৰ এম এছ পি দিয়া হৈছে, ৭০ লাখ পৰিয়ালে স্বাস্থ্যখণ্ডত ৫ লাখ টকাৰ সুবিধা লাভ কৰিছে, ৩৮০ খন ইংৰাজী বিদ্যালয় মুকলি কৰা হৈছে আৰু ১.৩ লাখ যুৱকক প্ৰতিমাহে ২৫০০ টকা নিবনুৱা ভাট্টা দিয়া হৈছে ।"
ৰাহুল গান্ধীয়ে আদানীৰ সৈতে সম্পৰ্কক লৈও প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ তেওঁ কয়, "মই মোদীজীক সুধিছিলো আদানীৰ লগত আপোনাৰ কি সম্পৰ্ক । আদানীয়ে প্ৰতিৰক্ষাত সম্পূৰ্ণ সুবিধা পাইছে, বিমানবন্দৰত সুবিধা পাইছে । কৃষকৰ বাবে ক'লা আইন বনাইছে, তাতো লাভ আছে । আপুনি তেওঁলোকৰ বিমানত যায় । আপোনালোকৰ সম্পৰ্কটো কি ?" প্ৰত্যুত্তৰত মোৰ লোকসভাৰ সদস্যপদ বাতিল কৰা হয় । কোনো কথা নাই। আমি কংগ্ৰেছী । ৰাহুল গান্ধীয়ে কয় ৷
লগতে পঢ়ক: Rahul Gandhi Accused PM Modi : অ'বিচি প্ৰসংগত বিজেপিক তীব্ৰ আক্ৰমণ ৰাহুলৰ