ETV Bharat / bharat

Womens Reservation Bill 2023 : নাৰী সংৰক্ষণৰ কোটাত বিলম্ব; লোকপিয়লক দুৰ্বল অজুহাত আখ্যা ৰাহুল গান্ধীৰ

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নাৰী সংৰক্ষণৰ কোটা নিৰ্ধাৰণত 'বিলম্ব' কৰাৰ বাবে চৰকাৰক সমালোচনা কৰিছে । তেওঁ কয় যে এইটো জাতিগত লোকপিয়ল অনুষ্ঠিত নোহোৱাৰ বাবে হোৱা বুলি কৰা চৰকাৰৰ দাবী এক বিভ্ৰান্তি ।

Womens Reservation Bill 2023
Womens Reservation Bill 2023
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 2:56 PM IST

নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দেশত নাৰী সংৰক্ষণ 'বিলম্বিত' কৰাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে । তেওঁ কয় যে কেন্দ্ৰই জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ দাবীৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰি আছে । কংগ্ৰেছ নেতাগৰাকীয়ে শুকুৰবাৰে নাৰী সংৰক্ষণ বিধেয়কখন তৎক্ষণাৎ কাৰ্যকৰী কৰাৰ দাবী জনাই অভিযোগ কৰে যে চৰকাৰে জাতিগত লোকপিয়লৰ দাবীৰ পৰা নিজকে আঁতৰাবলৈ এনে কৰিব নিবিচাৰে ।

নাৰী সংৰক্ষণ বিধেয়কখন এটা ভাল কথা, কিন্তু লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ দুটা 'চৰ্ত' সংলগ্ন কৰা হৈছে । ৰাহুল গান্ধীয়ে সংসদৰ দুয়োখন সদনে নাৰী সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ এদিন পিছত এক সংবাদমেলত এই কথা কয় । আনহাতে, কংগ্ৰেছে কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু লোকপিয়ল নাৰীৰ কোটা স্থগিত ৰখাৰ বাবে কেৱল এক 'দুৰ্বল অজুহাত' । লগতে অভিযোগ কৰে যে সমগ্ৰ প্ৰক্ৰিয়াটোৰ দ্বাৰা এক নিৰ্বাচনী ইচ্ছ্যু সৃষ্টি কৰাই উদ্দেশ্য । চৰকাৰে প্ৰকৃততে কোটা কাৰ্যকৰী নকৰাকৈ ইয়াৰ আশ্ৰয় লোৱা বুলিও ৰাহুল গান্ধীয়ে কয় ।

বিৰোধী দলটোৱে এই বিধেয়কখনক এক উপহাস বুলিও অভিহিত কৰে । উল্লেখ্য যে লোকসভা আৰু ৰাজ্য বিধানসভাৰ এক-তৃতীয়াংশ আসন নাৰীৰ বাবে সংৰক্ষণ কৰা বিধেয়কখনে বৃহস্পতিবাৰে সংসদীয় সন্মতি লাভ কৰে । আনহাতে, ৰাজ্যসভাই সৰ্বসন্মতিক্ৰমে ইয়াৰ সপক্ষে ভোটদান কৰে । বৃহস্পতিবাৰে ৰাজ্যসভাত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হয় । এই বিধেয়কৰ সমৰ্থনত ৰাজ্যসভাৰ ২১৪ জন সদস্যই ভোটদান কৰে ।

আনহাতে, সংসদত নাৰী সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজনৈতিক নেতাসকলে প্ৰশংসা কৰাৰ বিপৰীতে কংগ্ৰেছৰ একাংশ নেতাই বিধেয়কখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । কংগ্ৰেছৰ সাংসদসকলে বৃহস্পতিবাৰে খচৰা আইনৰ পৰা অ'বিচি উপ-কোটা বাদ দিয়াৰ বাবে কেন্দ্ৰক তীব্ৰ আক্ৰমণ কৰে । কংগ্ৰেছৰ সাংসদ দীপেন্দৰ সিং হুডাই কেন্দ্ৰক অ'বিচি সম্প্ৰদায়ৰ দাবী উপেক্ষা কৰাৰ অভিযোগ কৰে । ইয়াৰ উপৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা কে চি বেণুগোপালেও পিছপৰা শ্ৰেণীৰ মহিলাসকলক সংৰক্ষণৰ পৰা আঁতৰাই ৰখাটো হতাশাজনক বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :Nari Shakti Vandan Adhiniyam: নাৰী সংৰক্ষণ বিধেয়ক সংশোধনৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.