ETV Bharat / bharat

Rahul Defamation Case : পাটনা আদালতে গ্ৰহণ কৰিব ৰাহুলৰ আবেদনৰ শুনানি

author img

By

Published : Apr 18, 2023, 10:22 PM IST

পাটনা উচ্চ ন্যায়ালয়ে মোডী উপাধি গোচৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে (Hearing on Rahul Defamation Case)। ৰাহুল গান্ধীয়ে পাটনাৰ এমপি/এমএলএ আদালতত দাখিল কৰা গোচৰটোত হাজিৰ হ'বলৈ প্ৰেৰণ কৰা জাননীক প্ৰত্যাহ্বান জনাইছিল । আদালতে এই সন্দৰ্ভত ২৪ এপ্ৰিলত শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

Rahul Defamation Case
পাটনা আদালতে গ্ৰহণ কৰিব ৰাহুলৰ আবেদনৰ শুনানি

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল : মোডী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰাক লৈ ইতিমধ্যে ৰাহুল গান্ধীক চুৰাট আদালতে দোষী সাব্যস্ত কৰিছে (Rahul Gandhi Modi surname controversy)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদও খাৰিজ হৈছে (Rahul Gandhi disqualified)। ইয়াৰ মাজতে যোৱা বুধবাৰে পাটনাৰ এমপি-এমএলএ আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মোডী উপাধি গোচৰ সন্দৰ্ভত দাখিল কৰা মানহানিৰ গোচৰত ২৫ এপ্ৰিলত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ।

অৱশ্যে ৰাহুল গান্ধীয়ে আদালতৰ এই জাননীক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল । এই আবেদনৰ শুনানি ২৪ এপ্ৰিলত পাটনা উচ্চ ন্যায়ালয়ত হোৱাৰ সম্ভাৱনা আছে (Hearing on Rahul Defamation Case)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনখন ন্যায়াধীশ সন্দীপ কুমাৰৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে ।

ৰাহুল গান্ধীৰ অধিবক্তাই আদালতক ২৫ এপ্ৰিলৰ পূৰ্বে বিষয়টোৰ শুনানি অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছিল (Rahul challenged Patna court notice)। আদালতক কোৱা হৈছিল যে, পাটনাৰ এমপি/এমএলএ আদালতে ২৫ এপ্ৰিল তাৰিখে গোচৰটোত হাজিৰ হ'বলৈ ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ কৰিছে । উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোডী উপাধিক লৈ কৰা মন্তব্যক লৈ বিভিন্ন আদালতত মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল ।

বিহাৰৰ পাটনাৰ এমপি/এমএলএ আদালতটো এই সন্দৰ্ভত মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল । বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুশীল মোডীয়ে এমপি/এমএলএ আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছিল । তাৰ ভিত্তিতে ৰাহুল গান্ধীক ২৫ এপ্ৰিলত ৰাহুল গান্ধীক আদালতত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছিল ।

ইফালে একেটা গোচৰতে গুজৰাটৰ চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছে আৰু তেওঁক শাস্তি প্ৰদান কৰিছে । এই ক্ষেত্ৰত যদি নিম্ন ন্যায়ালয়ৰ এই নিৰ্দেশ উচ্চ ন্যায়ালয়ে স্থগিত ৰাখে, তেন্তে ৰাহুল গান্ধীয়ে ২৫ এপ্ৰিলত পাটনাৰ এমপি/এমএলএ আদালতত হাজিৰ হ'ব নালাগে ।

লগতে পঢ়ক :Mukul Roy Son Untraceable : মই দিল্লীলৈ আহিব নোৱাৰোঁ নেকি ? পুত্ৰৰ অভিযোগৰ পাচতেই মন্তব্য মুকুল ৰয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.